ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…
বহু ঘটনা পৰিঘটনাৰ বাবে আজি ২০ জুনৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজিৰ দিনটো অসমৰ ইতিহাসত ৰাভা দিৱস হিচাপে জনা যায় । ১৯৬৯ চনৰ ২০ জুনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হয় । ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ঘটনা পৰিঘটনা ।

অসমৰ ইতিহাসত ২০ জুন তাৰিখটো মূলতঃ ৰাভা দিৱস হিচাপে জনা যায় । আজিৰ দিনটো ৰাজ্যৰ সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনৰ বিশিষ্ট ব্যক্তি বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত পালন কৰা হয় । ১৯৬৯ চনৰ ২০ জুনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হয় । তেওঁ এগৰাকী শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, সংগঠক হোৱাৰ লগতে মুক্তি যুঁজাৰু আছিল। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ঘটনা পৰিঘটনা ।
দিনটোৰ ইতিহাস
- ১৮৫৮ চনত ব্ৰিটিছ সেনাই গ্ৱালিয়ৰ দখল কৰে আৰু তাৰ লগে লগে চিপাহী বিদ্ৰোহও দখল কৰে।
- ১৮৭৩ চনত ভাৰতত ৱাইএমচিএ প্ৰতিষ্ঠা হয়।
- ১৮৮৭ চনত মুম্বাইৰ ভিক্টোৰিয়া টাৰ্মিনাছ (ছত্ৰপতি শিৱাজী টাৰ্মিনাছ) জনসাধাৰণৰ বাবে মুকলি কৰা হয়। আজি ই দেশৰ অন্যতম ব্যস্ত ৰেল ষ্টেচন।
- ১৯১৬ চনত পুনেত এছ এন ডি টি মহিলা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা।
- ১৯৯০ চনত ইৰাণত হোৱা ভূমিকম্পৰ ফলত প্ৰায় ৪০ হাজাৰ লোকৰ মৃত্যু হয়।
- ১৯৯৪ চনত ইৰাণৰ মছজিদত বোমা বিস্ফোৰণত ৭০ জন লোকৰ মৃত্যু হয়।
- ১৯৬৯ চনৰ আজিৰ দিনটোতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হয় ।
- ২০০১ চনত জেনেৰেল পাৰভেজ মুশ্বাৰফ পাকিস্তানৰ ৰাষ্ট্ৰপতি হয়।
- ২০০২ চনত আমেৰিকাৰ আদালতে মানসিক ৰোগী অপৰাধীৰ মৃত্যুদণ্ড নিষিদ্ধ কৰে।
- ২০০৬ চনত জাপানে ইৰাকৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়।