অৰ্হতা স্নাতক, দৰমহা প্ৰায় ১ লাখ টকা! ক’ত, কেনেকৈ আবেদন কৰিব জানক…

Jobs: চাকৰি বিচাৰি থকা লোকসকলৰ বাবে আছে এক ভাল খবৰ। পুনৰ ওলাইছে চৰকাৰী চাকৰি। গতিকে আপুনি যদি চাকৰি বিচাৰি আছে তেন্তে নাৱাৰ্ডৰ এই পদসমূহৰ বাবে কৰিব পাৰে আবেদন।

অৰ্হতা স্নাতক, দৰমহা প্ৰায় ১ লাখ টকা! কত, কেনেকৈ আবেদন কৰিব জানক...

চাকৰি

Published: 

05 Nov 2025 | 05:36 PM

আপুনিও চাকৰি বিচাৰি আছে নেকি? যদি বিচাৰিছে তেন্তে আছে এক ভাল খবৰ। কিয়নো পুনৰ ওলাইছে চৰকাৰী চাকৰি। শেহতীয়াকৈ নেচনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট (NABARD)য়ে কেইবাটাও পদৰ বাবে আবেদন আহ্বান কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি সহকাৰী প্ৰৱন্ধক (Assistant Manager)ৰ পদ পূৰণ কৰা  হ’ব। নাৱাৰ্ডে গ্ৰাম্য উন্নয়ন বেংকিং সেৱা, আইনী সেৱা, আৰু প্ৰট’কল আৰু নিৰাপত্তা সেৱাত মুঠ ৯১টা পদ ঘোষণা কৰিছে।

গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰে। আবেদন প্ৰক্ৰিয়া ৮ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু ৩০ নৱেম্বৰলৈ চলিব। গতিকে নিৰ্ধাৰিত সময়ৰ ভিতৰত অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব।

পদৰ বিৱৰণ

এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি গ্ৰেড এৰ তিনিটা বেলেগ বেলেগ সেৱাত ৯১ টা পদ পূৰণ কৰা হ’ব। ইয়াৰ ভিতৰত গ্ৰামীন বিকাশ বেংকিং সেৱাত ৮৫ টা পদ, আইনী সেৱা ২টা, প্ৰটকল আৰু নিৰাপত্তা ৪টা পদ পূৰণ কৰা হ’ব।

অৰ্হতা

প্ৰতিটো পদৰ বাবে যোগ্যতা বেলেগ বেলেগ। গ্ৰাম্য উন্নয়ন বেংকিং সেৱা  (RDBS) ৰ সাধাৰণ পদৰ বাবে যিকোনো শাখাত স্নাতক ডিগ্ৰী থাকিব লাগিব। সাধাৰণ শ্ৰেণীৰ বাবে ৬০ শতাংশ আৰু সংৰক্ষিত শ্ৰেণীৰ লোকে ৫৫ শতাংশ নম্বৰৰ প্ৰয়োজন।

বিশেষজ্ঞ পদৰ বাবে কোনো প্ৰাসংগিক বিষয়ত স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী লোৱা প্ৰয়োজন। যেনেঃ কৃষি, বিত্ত, কম্পিউটাৰ বিজ্ঞান, চিভিল ইঞ্জিনিয়াৰিং আদিত স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী লাগিব। আইনী পদৰ বাবে LLB  বা LLM ৰ প্ৰয়োজন হ’ব। আনহাতে প্ৰট’কল আৰু নিৰাপত্তা সেৱাৰ পদত সেনা, নৌসেনা, বায়ুসেনা বা অৰ্ধসামৰিক বাহিনীত বিষয়া হিচাপে অভিজ্ঞতাৰ প্ৰয়োজন। অধিক জানিবলৈ নাৱাৰ্ডৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।

বয়স

প্ৰাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগিব। চৰকাৰী নিয়ম অনুসৰি সংৰক্ষিত শ্ৰেণীৰ লোকে বয়সৰ ক্ষেত্ৰত কিছু শিথিলতা লাভ কৰিব।

দৰমহা কিমান

এই পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে প্ৰাৰম্ভিক অৱস্থাত ৪৪,৫০০ টকা বেচিক পেৰ লগতে প্ৰায় ১ লাখ টকা মাহিলী লাভ কৰিব। ইয়াৰ লগতে ঘৰ, বাহন লোন,পেঞ্চন আদিৰ সুবিধাও আছে।

 

 

 

অন্য খবৰ পঢ়কঃ পৰীক্ষা নিদিয়াকৈ ৰে’লৱেত চাকৰি লাভৰ সুযোগ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...