আজি হেমচন্দ্ৰ গোস্বামীৰ জন্মবাৰ্ষিকী, চাওঁ আহক দিনটোৰ ইতিহাস

বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ১৮৭২ চনত অসমীয়া সাহিত্যত প্ৰথম ছনেট প্ৰণেতা আৰু অসমীয়া সাহিত্যৰ বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত অন্যতম হেমচন্দ্ৰ গোস্বামীৰ জন্ম। চাওঁ আহক দিনটোৰ ইতিহাস।

আজি হেমচন্দ্ৰ গোস্বামীৰ জন্মবাৰ্ষিকী, চাওঁ আহক দিনটোৰ ইতিহাস
Published: 

08 Jan 2026 | 10:31 AM

৮ জানুৱাৰীৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ৮ জানুৱাৰীত হিন্দী চিনেমাৰ কালজয়ী চলচ্চিত্ৰ নিৰ্মাতা বিমল ৰায়ৰ মৃত্যু আৰু ব্ৰিটেইনৰ মহান পদাৰ্থবিজ্ঞানী ষ্টিফেন হকিঙৰ জন্ম। ১৯৬৬ চনৰ ৮ জানুৱাৰীত ৫৬ বছৰ বয়সত কৰ্কট ৰোগত আক্ৰান্ত হৈ বিমল ৰায়ৰ মৃত্যু হয়। ইফালে ১৯৪২ চনৰ ৮ জানুৱাৰীত ব্ৰিটিছ পদাৰ্থবিজ্ঞানী ষ্টিফেন উইলিয়াম হকিঙৰ জন্ম হয়। গুৰুতৰ শাৰীৰিক অক্ষমতাৰ মাজতো তেওঁ মহাকাশৰ বহু ৰহস্য উন্মোচন কৰে। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ অন্যান্য ঘটনা পৰিঘটনা।

একেদৰে ১৮৭২ চনত অসমীয়া সাহিত্যত প্ৰথম ছনেট প্ৰণেতা আৰু অসমীয়া সাহিত্যৰ বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত অন্যতম হেমচন্দ্ৰ গোস্বামীৰ জন্ম। ইটালিয়ান গীতিকবি পেট্ৰাৰ্কৰ আৰ্হিত প্ৰথম ছনেট লিখি সুখ্যাতি অৰ্জন কৰিছিল হেমচন্দ্ৰ গোস্বামী। সেই ছনেটটোৰ নাম হৈছে প্ৰিয়তমাৰ চিঠি। ১৯২৮ চনৰ ২ মে’ তাৰিখে তেখেতৰ মৃত্যু হয়।

দিনটোৰ ইতিহাস

  1. ১৭৯০ চনত আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটনে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰক সম্বোধন কৰে।
  2. ১৮৮৪ চনত প্ৰখ্যাত সমাজ সংস্কাৰক কেশৱ চন্দ্ৰ সেনৰ জন্ম হয়।
  3. ১৯২৯ চনত ভাৰতীয় অভিনেতা ছাইদ জাফ্ৰিৰ জন্ম হয় মালেৰকোটলাত।
  4. ১৯২৯ চনত নেদাৰলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত প্ৰথম টেলিফোন সংযোগ স্থাপন কৰা হয়।
  5. ১৯৪২ চনত প্ৰখ্যাত ব্ৰিটিছ পদাৰ্থবিজ্ঞানী ষ্টিফেন হকিঙৰ জন্ম হয়।
  6. ১৯৫২ চনত জৰ্ডানে নিজৰ সংবিধান গ্ৰহণ কৰে।
  7. ১৯৬৬ চনত চলচ্চিত্ৰ পৰিচালক বিমল ৰায়ৰ মৃত্যু।
  8. ১৯৯৫ চনত সমাজবাদী চিন্তাবিদ তথা স্বাধীনতা সংগ্ৰামী মধু লিমায়েৰ মৃত্যু।
  9. ১৮৭২ চনত অসমীয়া সাহিত্যত প্ৰথম ছনেট প্ৰণেতা আৰু অসমীয়া সাহিত্যৰ বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত অন্যতম হেমচন্দ্ৰ গোস্বামীৰ জন্ম।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...