ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা…

আজি ২০ জানুৱাৰী। বহু ঘটনা পৰিঘটনাৰ বাবে এই দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ক'ত কি ঘটিছিল? চাওঁ আহক।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা...
Published: 

20 Jan 2026 | 10:24 AM

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ২০ জানুৱাৰীৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। এই দিনটো অসমীয়া সাহিত্য ক্ষেত্ৰখনৰ বাবেও বিশেষ। ১৮৭৯ চনৰ আজিৰ দিনটোতে বিহগী কবি খ্যাত অসমীয়া কবিৰ ৰঘুনাথ চৌধাৰী জন্ম হয়। ১৯২৬ চনত কবি, গীতিকাৰ আৰু শিক্ষাবিদ কেশৱ মহন্তৰ জন্ম। ১৯৭৮ চনত সাহিত্যিক, তথা ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী নীলমণি ফুকনৰ মৃত্যু। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস

  1. ১৮১৭ চনত কলিকতা হিন্দু মহাবিদ্যালয় প্ৰতিষ্ঠা হয়। বৰ্তমান ইয়াক প্ৰেচিডেন্সি কলেজ বুলি জনা যায়।
  2. ১৯৫৭ চনত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ট্ৰম্বে (বম্বে)ৰ ভাভা পাৰমাণৱিক গৱেষণা কেন্দ্ৰত স্থাপন কৰা দেশৰ প্ৰথমটো পাৰমাণৱিক ৰিয়েক্টৰ অপ্সৰাৰ উদ্বোধন কৰে।
  3. ১৯৭২ চনত পূৰ্বতে উত্তৰ-পূব সীমান্ত এজেন্সী বুলি কোৱা অৰুণাচল প্ৰদেশ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে পৰিগণিত হয় আৰু মেঘালয়ক ৰাজ্যৰ অধিকাৰ প্ৰদান কৰা হয়।
  4. ১৯৮১ চনত ইৰাণৰ পণবন্দী সংকটৰ অন্ত পৰে। আয়াতুল্লাহ খোমেইনীয়ে ১৫ মাহ ধৰি পণবন্দী কৰি ৰখা ৫২ জন আমেৰিকানক মুকলি কৰি দিয়ে।
  5. ১৯৮৮ চনত স্বাধীনতা সংগ্ৰামী ভাৰত ৰত্ন খান আব্দুল গফ্ফৰ খানৰ মৃত্যু।
  6. ২০০৯ চনত বাৰাক ওবামা আমেৰিকাৰ ৪৪ সংখ্যক ৰাষ্ট্ৰপতি হয়। এই পদত অধিষ্ঠিত হোৱা তেওঁ প্ৰথমজন আফ্ৰিকান-আমেৰিকান।
  7. ১৮৭৯ চনত বিহগী কবি খ্যাত অসমীয়া কবিৰ ৰঘুনাথ চৌধাৰী জন্ম হয়।
  8. ১৯২৬ চনত কবি, গীতিকাৰ আৰু শিক্ষাবিদ কেশৱ মহন্তৰ জন্ম।
  9. ১৯৭৮ চনত সাহিত্যিক, তথা ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী নীলমণি ফুকনৰ মৃত্যু।
কণী খালে বৃদ্ধি হয় নেকি শৰীৰৰ ওজন? চিকিৎসকৰ পৰা জানক ...
ব্লাড চুগাৰ নিয়ন্ত্ৰণৰ বাবে খাওক এই খাদ্য...
শীতকালত হাড় শক্তিশালী কৰিবলৈ কি কি খাব?
ৰাতিপুৱা কিয় ৰ'দ ল'ব লাগে ? ইয়াৰ পাঁচটা বিশেষ উপকাৰিতা জানক
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...