ITBP ত ওলাইছে চাকৰিঃ কোনে, কেনেকৈ কৰিব পাৰিব আবেদন, জানক…

ITBP ত ওলাইছে চৰকাৰী চাকৰি। গতিকে আপুনিও যদি চাকৰি বিচাৰি আছে তেন্তে কৰিব পাৰে আবেদন। নিৰ্ধাৰিত সময়ৰ ভিতৰত যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰে।

ITBP ত ওলাইছে চাকৰিঃ কোনে, কেনেকৈ কৰিব পাৰিব আবেদন, জানক...

চৰকাৰী চাকৰি

Published: 

13 Jan 2025 10:04 AM

ভাৰত-তিব্বত সীমান্ত আৰক্ষী বাহিনী অৰ্থাৎ আইটিবিপি (ITBP)য়ে সহকাৰী কামাণ্ডেণ্টৰ কেইবাটাও পদৰ বাবে আবেদন আহ্বান কৰিছে। যদি আপুনিও ITBP ত Assistant Commandant হ’ব বিচাৰে তেন্তে ইয়াৰ বাবে আপুনি আবেদন কৰিব পাৰে। এই আবেদন প্ৰক্ৰিয়া ২১ জানুৱাৰীৰ পৰা আৰম্ভ হৈ ১৯ ফেব্ৰুৱাৰী, ২০২৫ লৈ চলিব। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীয়ে ITBP ৰ অফিচিয়েল ৱেবছাইট https://recruitment.itbpolice.nic.in ত গৈ অনলাইন আবেদন কৰিব পাৰিব। এই নিযুক্তি অভিযানৰ অধীনত সহকাৰী কামাণ্ডেণ্ট (টেলিকম)ৰ মুঠ ৪৮টা পদ পূৰণ কৰা হ’ব।

এই অৰ্ধসামৰিক বাহিনীটোত সহকাৰী অধিনায়কৰ পদটো গ্ৰুপ ‘ক’ গেজেটেড শ্ৰেণীৰ অন্তৰ্গত। ইয়াৰে মুঠ ৪৮ টা পদৰ ভিতৰত ২১ টা সাধাৰণ শ্ৰেণীৰ বাবে,১৩টা অ’বিচি (অন্য পিছপৰা শ্ৰেণী), ৭টা এছ চি (অনুসূচিত জাতি), ৩টা খালী পদ এছটি (অনুসূচিত জনজাতি) আৰু ৪টা খালী পদ ইডব্লিউএছৰ বাবে অৰ্থাৎ ই অৰ্থনৈতিকভাৱে দুৰ্বল অংশৰ বাবে সংৰক্ষিত।

যোগ্যতা

আই টি বি পিত সহকাৰী কামাণ্ডেণ্টৰ পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থী অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেচন অৰ্থাৎ এ আই চি টি ইৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা টেলিকম, ইলেক্ট্ৰনিকছ বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব।

বয়সঃ এই পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীৰ বয়স নূন্যতম ১৮ বছৰ আৰু সৰ্বাধিক ৩০ বছৰ হ’ব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ বাবে বয়সত ৰেহাই দিয়া হ’ব। অবিচিৰ প্ৰাৰ্থীয়ে ৩ বছৰৰ ৰেহাই, এছ চি- এছ টিয়ে ৫ বছৰৰ আৰু দিব্যাংগসকলে ১০ বছৰৰ ৰেহাই লাভ কৰিব।

মাচুল

এই পদৰ বাবে আবেদন কৰিবলৈ সাধাৰণ/অবিচি/ইডব্লিউএছ (পুৰুষ) শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৪০০ টকা মাচুল দিব লাগিব।আনহাতে অনুসূচিত জাতি/জনজাতি/ দিব্যাংগ/প্ৰাক্তন সেনাবাহিনী আৰু মহিলাসকলে আবেদন মাচুল দিব নালাগে।ডেবিট/ক্ৰেডিট কাৰ্ড, নেট বেংকিং বা ইউপিআইৰ জৰিয়তে এই মাচুল পৰিশোধ কৰিব পাৰিব।

কেনেকৈ কৰিব আবেদন

  • প্ৰথমে https://recruitment.itbpolice.nic.in ৱেবচাইটত যাওক
  • পাছত Assistant Commandant (telecom) ত ক্লিক কৰক
  • পাছত ইমেইল আইডি আৰ মোবাইল নম্বৰৰে ৰেজিষ্ট্ৰেশ্যন কৰক।
  • ব্যক্তিগত আৰু শিক্ষাগত অৰ্হতা দিয়ক।
  • ফটো আৰু স্বাক্ষৰ দিয়ক।
  • মাচুল আদায় কৰক (যদি আছে)
  • সকলো তথ্য দি এবাৰ পৰীক্ষা কৰি চাবমিট কৰক।

নিৰ্বাচন প্ৰক্ৰিয়া

লিখিত পৰীক্ষা, শাৰীৰিক দক্ষতা পৰীক্ষা (পি ই টি) আৰু শাৰীৰিক মানদণ্ড পৰীক্ষা (পি এছ টি), নথিপত্ৰ পৰীক্ষণ -চিকিৎসা পৰীক্ষা আৰু সাক্ষাৎকাৰকে ধৰি চাৰিটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন প্ৰক্ৰিয়া ।

দৰমহা

নিৰ্বাচিত প্ৰাৰ্থীসকলে প্ৰতিমাহে ৫৬,১০০ টকাৰ পৰা ১,৭৭,৫০০ টকা পৰ্যন্ত দৰমহা লাভ কৰিব। ইয়াৰোপৰি অন্যান্য সুবিধা থাকিব। অধিক জানিবৰ বাবে  https://recruitment.itbpolice.nic.in ৱেবচাইট চাব পাৰে।

 

অন্য খবৰ পঢ়কঃ হিন্দী জানে নেকি? এই চাকৰিৰ বাবে কৰিব পাৰে আবেদন, দৰমহা প্ৰতিমাহে ১,৪২,৪০০টকা

 

সোৱাদেৰে সমৃদ্ধ ‘নিৰামিষভোজীৰ মঙহ’ কঁঠালত থাকে এনে পুষ্টিকৰ উপাদান, জানেনে আপুনি?
গৰম দিনত নিতৌ পানীত কেইখিলামান নিম দি কৰক স্নান, পাব এনে অনেক উপকাৰিতা
গৰমত মূৰ্ছা যোৱা ব্যক্তিক পানী দিয়া উচিত নে ? কি কয় চিকিৎসকে ?
পেটৰ কৰ্কট ৰোগৰ আটাইতকৈ ডাঙৰ লক্ষণবোৰ কি কি? কেনেকৈ চিনাক্ত কৰিব ?