হিন্দী জানে নেকি? এই চাকৰিৰ বাবে কৰিব পাৰে আবেদন, দৰমহা প্ৰতিমাহে ১,৪২,৪০০টকা

JOB: আপুনি চাকৰি বিচাৰি আছে যদি এই খবৰ আপোনাৰ বাবে। ITBP ত ওলাইছে চাকৰি। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকেল নিৰ্ধাৰিত সময়ৰ ভিতৰত অনলাইন আবেদন কৰিব পাৰে।

হিন্দী জানে নেকি? এই চাকৰিৰ বাবে কৰিব পাৰে আবেদন, দৰমহা প্ৰতিমাহে ১,৪২,৪০০টকা

চাকৰি

Published: 

08 Jan 2025 13:40 PM

আপুনি হিন্দী ভালদৰে জানে নেকি? তেন্তে এই চাকৰিৰ বাবে আপুনিও কৰিব পাৰে আবেদন। ইণ্ডো-তিব্বতী ব’ৰ্ড পুলিচ (ITBP)য়ে ইন্সপেক্টৰ হিন্দী অনুবাদক পদৰ বাবে আবেদন আহ্বান জনাইছে। এই পদৰ বাবে আবেদন প্ৰক্ৰিয়া বৰ্তমান চলি আছে আৰু আজি, ৮ জানুৱাৰী এই আবেদন প্ৰক্ৰিয়াৰ শেষ তাৰিখ।গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে নিশা ১২ বজাৰ ভিতৰত আবেদন কৰিব পাৰে। এই পদৰ বাবে প্ৰাৰ্থীয়ে ITBP recruitment.itbpolice.nic.in ৰ অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব।

এই পদৰ বাবে আবেদন প্ৰক্ৰিয়া যোৱা ১০ ডিচেম্বৰৰ পৰা চলি আছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে ১৫ টা পদ ভৰ্তি কৰা হ’ব। ইয়াৰে ১৩ পদ পুৰুষ প্ৰাৰ্থী আৰু ২ টা পদ মহিলা প্ৰাৰ্থীৰ বাবে।

যোগ্যতা

এই পদৰ বাবে প্ৰাৰ্থীয়ে কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা হিন্দী আৰু ইংৰাজীৰ বাহিৰে আন যিকোনো বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিব লাগিব। লগতে হিন্দী আৰু ইংৰাজী বাধ্যতামূলক বা ঐচ্ছিক বিষয় বা দুয়োটাৰে যিকোনো এটা বিষয় পৰীক্ষাৰ মাধ্যম হ’ব লাগিব । যোগ্যতা সম্পৰ্কীয় অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে জাৰি কৰা চৰকাৰী নিযুক্তি অধিসূচনা পৰীক্ষা কৰিব পাৰে।

বয়স

২০২৫ চনৰ ৮ জানুৱাৰীলৈকে আবেদনকাৰীৰ বয়স ৩০ বছৰৰ অধিক হ’ব নোৱাৰিব। আবেদন কৰিবলৈ প্ৰাৰ্থীজনৰ জন্ম ১৯৯৫ চনৰ ৯ জানুৱাৰীৰ আগতে হ’ব নোৱাৰিব। অৱশ্যে অনুসূচিত জাতি-জনজাতি বা আন সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলে বয়সৰ ক্ষেত্ৰত ৰেহাই পাব।

মাচুল

এই পদৰ বাবে আবেদন কৰিবলৈ পুৰুষ প্ৰাৰ্থীয়ে ২০০ টকা মাচুল আদায় দিব লাগিব। মহিলাৰ লগতে আন সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলে কোনো মাচুল দিব নালাগে।

কেনেকৈ কৰিব আবেদন

  • প্ৰথমে আপুনি recruitment.itbpolice.nic.in ৱেবচাইটত যাওক
  • হোম পেজৰ ৰেজিষ্ট্ৰেশ্যন টেবত ক্লিক কৰক
  • প্ৰয়োজনীয় তথ্য দিয়ক
  • পাছত যাৱতীয় সকলো তথ্য দি চাবমিট কৰি দিব

দৰমহা

এই পদৰ বাবে প্ৰাৰ্থীৰ নিৰ্বাচন চিবিটি পৰীক্ষা, পিএছটি আদি প্ৰক্ৰিয়াৰ জৰিয়তে হব। নিৰ্বাচিত প্ৰাৰ্থীয়ে প্ৰতিমাহে ৪৪,৯০০ টকাৰ পৰা ১,৪২,৪০০ টকালৈ দৰমহা লাভ কৰিব।

 

অন্য খবৰ পঢ়কঃ ৰে’লৱেত ওলাইছে চাকৰিঃ দশম শ্ৰেণী উত্তীৰ্ণসকলে কৰিব পাৰিব আবেদন, সবিশেষ জানক…

শিৱলিংগত কি বস্তু আগবঢ়ালে কি ফল পোৱা যায়? সবিশেষ জানক..
বাহনত ভ্ৰমণৰ সময়ত বমি ভাব হয় নেকি? জানক পৰিত্ৰাণৰ উপায়
বন্দে ভাৰত বা শতাব্দী ৰে'লৰ পৰা পোৱা উপাৰ্জনৰ হিচাপ ৰাখেনে চৰকাৰে ? ৰে’ল মন্ত্ৰালয়ে RTI উত্তৰত কি ক'লে ?
Knowledge Story: চেফ্টিপিনত কিয় থাকে বৃত্তাকাৰ অংশটো? কেতিয়াবা ভাবিছেনে?