২১ জুনত কিয় পালন কৰে International Yoga Day? জানক ইতিহাস, মহত্ব আৰু বিষয়বস্তু

প্ৰতি বছৰে ২১ জুনত সমগ্ৰ বিশ্বই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰে। এই দিৱসটোৱে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে যোগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। কিন্তু ২১ জুনত সমগ্ৰ বিশ্বই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কিয় পালন কৰে আপুনি জানেনে?

২১ জুনত কিয় পালন কৰে International Yoga Day? জানক ইতিহাস, মহত্ব আৰু বিষয়বস্তু

আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস

Updated On: 

20 Jun 2025 19:44 PM

প্ৰতি বছৰে ২১ জুনৰ দিনটো আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস(International Yoga Day) হিচাপে পালন কৰি অহা হৈছে। এই দিনটোত স্কুল-কলেজ, পাৰ্ক সকলোতে যোগাভ্যাস কৰা দেখা যায়। প্ৰাচীন কালৰে পৰা ভাৰতবৰ্ষত যোগাসনে এক সুকীয়া স্থান লাভ কৰি আহিছে। এজন ব্যক্তিৰ দৈহিক, মানসিক শান্তি বৃদ্ধিৰ এক উৎস হিচাপে যোগাভ্যাসে দেশে-বিদেশে সমাদৰ লাভ কৰিছে। যোগাভ্যাস, ধ্যান, যোগৰ উপকাৰিতাৰ বিষয়ে আৰু দৈনন্দিন জীৱনত ইয়াক প্ৰয়োগৰ বাবে সচেতনতা সৃষ্টিৰ বাবে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অনুষ্ঠিত হৈ আহিছে।

কেতিয়াৰ পৰা আৰম্ভ?

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে ২১ জুন তাৰিখটোক আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস (International Yoga Day) হিচাপে ঘোষণা কৰে। যোগ হ’ল প্ৰাচীন ভাৰতত আৰম্ভ হোৱা এক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক ক্ৰিয়া। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘত ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। তেওঁ এই প্ৰস্তাৱ ২০১৪ চনৰ ২৭ চেপ্তেম্বৰ তাৰিখে আগবঢ়ায় আৰু তাৰ ঠিক ৭৮ দিনৰ পিছত অৰ্থাৎ ১১ ডিচেম্বৰত ১৯৩খন ৰাষ্ট্ৰৰ ভিতৰত ১৭৫খন ৰাষ্ট্ৰৰ সমৰ্থনেৰে প্ৰস্তাৱটি গৃহীত হয়। তাৰ ঠিক পিছৰে পৰা অৰ্থাৎ ২০১৫ চনৰ পৰা সমগ্ৰ বিশ্বতে ২১ জুন তাৰিখটো আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে। ২১ জুন দিনটো উত্তৰ গোলাৰ্দ্ধত বছৰৰ আটাইতকৈ দীঘল দিন।

২১ জুন কিয়?

আপোনালোকক জনাও যে, ২১ জুন তাৰিখটো উত্তৰ গোলাৰ্ধত বছৰৰ আটাইতকৈ দীঘলীয়া দিন হয়, যিটোক গ্ৰীষ্মকালীন সংক্ৰান্তি বুলি জনা যায়। এই দিনটোতে সূৰ্যৰ ৰশ্মি বেছিকৈ পৃথিৱীত পৰে। জ্যোতিষ শাস্ত্ৰ আৰু আধ্যাত্মিকতাৰ দৃষ্টিকোণৰ পৰা এই দিনটোৰ বিশেষ তাৎপৰ্য আছে।

বিশ্বাস কৰা হয় যে আজিৰ দিনটোতে ‘আদিযোগী’ ভগৱান শিৱই তেওঁৰ শিষ্যসকলক যোগৰ জ্ঞান প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিল। সেয়েহে এই দিনটোক ‘যোগৰ উৎপত্তি’ বুলিও কোৱা হয়। এই আধ্যাত্মিক তাৎপৰ্যৰ বাবে ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে বাছনি কৰা হৈছিল।

আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস ২০২৫ ৰ বিষয়বস্তু

প্ৰতি বছৰে যোগ দিৱস এটা বিষয়বস্তু লৈ উদযাপন কৰা হয়। এইবাৰৰ বিষয়বস্তু হৈছে “Yoga for One Earth, One Health”। ইয়াত সামগ্ৰিক কল্যাণ আৰু পৰিৱেশ সমন্বয়ৰ প্ৰসাৰৰ ক্ষেত্ৰত যোগৰ গুৰুত্বপূৰ্ণ ভূমিকাক উজ্জ্বল কৰি তোলা হৈছে।

মাহেকীয়াৰ সময়ত মহিলাসকলে কোন দিনা চুলি ধুব লাগে?
কেনেকৈ ঋণৰ বোজাৰ পৰা মুক্ত হ'ব ? বাস্তু শাস্ত্ৰৰ এই উপদেশ মানি চলক...
International Yoga Day 2025: মানসিক চিন্তা দূৰ কৰিবলৈ কৰক এইকেইটা যোগাসন
পৰিয়ালত বাঢ়িব পাৰে অশান্তি ! ঘৰৰ কোন ঠাইত আইনা ৰাখিব লাগে ? জানক