International Day of Peace: আজি বিশ্ব শান্তি দিৱস, জানক এই দিৱসৰ মহত্ব আৰু ইতিহাস জানক
আন্তৰ্জাতিক শান্তি দিৱস প্ৰতি বছৰে ২১ ছেপ্টেম্বৰত পালন কৰা হয় । ইয়াক বিশ্ব শান্তি দিৱস বুলিও কোৱা হয় ।

আন্তৰ্জাতিক শান্তি দিৱস ( International Day of Peace) বা বিশ্ব শান্তি দিৱস (World Peace Day) প্ৰতি বছৰে ২১ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সমূহ ৰাষ্ট্ৰসকলে পালন কৰে। বিশ্ব শান্তি প্ৰতিষ্ঠা কৰা এই দিৱসৰ মূল উদ্দ্যেশ্য। হিংসা আৰু যুদ্ধৰ অৱনতি ঘটাই মানৱতা জাগ্ৰত কৰা এই দিৱসৰ অন্যতম লক্ষ্য। এই দিৱস পোন প্ৰথমে ১৯৮২ চনত পালন কৰা হৈছিল। ২০১৩ চনৰ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে শান্তি শিক্ষাৰ বাবে এই দিৱস চৰকাৰীভাৱে পালন কৰিবলৈ ঘোষণা কৰে।
এই দিৱসৰ উদ্বোধনী অনুষ্ঠানত নিউয়ৰ্কত অৱস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত জাপানী শান্তি ঘণ্টা বজোৱা হৈছিল। এই ঘণ্টা আফ্ৰিকা মহাদেশৰ বাদে আন সকলো মহাদেশৰ লৰা-ছোৱালীয়ে দান কৰা মুদ্ৰাৰে বনোৱা হৈছিল। “বিশ্ব শান্তিময় হওক” মূলমন্ত্ৰৰে “যুদ্ধত হোৱা মানুহৰ কষ্ট”ৰ চিন স্বৰূপে এই ঘণ্টা ৰাষ্ট্ৰসংঘৰ উপহাৰ আছিল।
এখন যুদ্ধবিহীন বিশ্ব প্ৰতিষ্ঠাৰ লক্ষ্যৰে ১৯৮১ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত গৃহীত ৩৬/৬৭ নম্বৰ প্ৰস্তাৱ অনুসৰি প্ৰতি বছৰৰ ছেপ্টেম্বৰ মাহৰ “তৃতীয় মংগলবৰ” ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশন আৰম্ভ হোৱা দিনটোক “আন্তৰ্জাতিক শান্তি দিৱস” হিচাপে স্বীকৃতি দিয়াৰ সিদ্ধান্ত লোৱা হয়। পিছলৈ ২০০১ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখে জাতিসংঘ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত গৃহীত ৫৫/২৮২ নম্বৰ প্ৰস্তাৱ অনুসৰি ২০০২ চনৰ পৰা প্ৰতি বছৰে ২১ ছেপ্টেম্বৰ তাৰিখে “আন্তৰ্জাতিক শান্তি দিৱস ” হিচাপে উদযাপনৰ সিদ্ধান্ত লোৱা হয়।
“আন্তৰ্জাতিক শান্তি দিৱস” উপলক্ষে প্ৰথমে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে “শান্তি ঘণ্টা” বজায় আৰু বিশেষ বাণী প্ৰদান কৰে। বিভিন্ন দেশৰ শিল্পী, শিক্ষাবিদ আৰু মানৱপ্ৰেমিক শান্তি দূত হিচাপে নিয়োগ কৰা হয় আৰু তেওঁলোকৰ অৱদান স্মৰণ কৰা হয়। তদুপৰি বিভিন্ন দেশ আৰু সংস্থায়ে নিজাববীয়াকৈ বিভিন্ন অনুষ্ঠান আয়োজন কৰা দেখা যায়।