Jobs: স্নাতকসকলৰ বাবে বায়ুসেনাত কাম কৰাৰ সুযোগ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…

Jobs: চাকৰি বিচাৰি থকাসকলৰ বাবে আছে এক ভাল খবৰ। স্নাতকসকলৰ বাবে বায়ুসেনাত কাম কৰাৰ সুযোগ। গতিকে যদি আপুনি যোগ্য আৰু ইচ্ছুক তেন্তে এই পদৰ বাবে আবেদন কৰিব পাৰে।

Jobs: স্নাতকসকলৰ বাবে বায়ুসেনাত কাম কৰাৰ সুযোগ! কত, কেনেকৈ আবেদন কৰিব জানক...

চাকৰি

Published: 

06 Nov 2025 | 03:40 PM

আপুনিও ভাৰতীয় বায়ুসেনাত চাকৰি কৰিব বিচাৰে নেকি? যদি বিচাৰে তেন্তে আছে এক ভাল খবৰ। ভাৰতীয় বায়ুসেনাৰ কমন এডমিছন টেষ্ট (AFCAT) ২০২৬-১ ৰ বাবে অধিসূচনা জাৰি কৰিছে। অহা ১০ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব AFCAT 2026-1 ৰ আবেদন প্ৰক্ৰিয়া আৰু ই চলিব ৯ ডিচেম্বৰলৈ। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰিব পাৰে আবেদন। ইয়াৰ বাবে AFCAT ৰ অফিচিয়েল ৱেবচাইট afcat.cdac.in ত গৈ অনলাইন আবেদন কৰিব পাৰিব।

AFCAT কি?

এয়া ৰাষ্ট্ৰীয় পৰ্যাত হোৱা এক পৰীক্ষা। ইয়াত সফলতা লাভ কৰা পৰীক্ষাৰ্থীয়ে এয়াৰফোৰ্চৰ বিভিন্ন বিভাগত চাকৰি লাভ কৰাৰ সুবিধা লাভ কৰিব। অৰ্থাৎ ভাৰতীয় বায়ুসেনাত কেৰিয়াৰ বনাবলৈ ইচ্ছুকসকলে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে।

পদসমূহ

AFCAT উত্তীৰ্ম প্ৰাৰ্থীসকল ভাৰতীয় বায়ুসেনাৰ ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি (কাৰিকৰী শাখা), গ্ৰাউণ্ড ডিউটি (অকাৰিকৰী শাখা) আদি পদত নিযুক্তি লাভ কৰিব।

কেনেকৈ আবেদন কৰিব

  • AFCAT 2026-1 ৰ বাবে আবেদন কৰিবলৈ প্ৰথমে আপুনি  afcat.cdac.in  অফিচিয়েল ৱেবচাইটলৈ যাওক।
  • পাছত AFCAT 1 2026 Apply Online লিংকত ক্লিক কৰক।
  • ৱেবপেজ এটা খোল খাব।
  • পাছত মেইল আইডি আৰু মোবাইল নম্বৰ দিয়ক।
  • পঞ্জীয়ন কৰক।
  • প্ৰয়োজনীয় সকলো তথ্য দাখিল কৰক।
  • মাচুল আদায় কৰি চাবমিট কৰক।

কোনে আবেদন কৰিব পাৰিব

১৮ ৰ পৰা ২৪ বছৰৰ ভিতৰৰ প্ৰাৰ্থীসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব। শিক্ষাগত অৰ্হতাৰ কথা কবলৈ হলে ফ্লাইং ব্ৰাঞ্চৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীসকলে ৬০ শতাংশ নম্বৰৰ সহায়ত স্নাতক উত্তীৰ্ণ হ’ব লাগিব। কিন্তু দ্বাদশত পদাৰ্থ বিজ্ঞান আৰু গণিত থাকিব লাগিব।

ঠিক তেনেদৰে গ্ৰাউণ্ড ডিউটি (টেকনিকেল)ৰ বাবে অভিযান্ত্ৰিক স্নাতক আৰু গ্ৰাউণ্ড ডিউটি ​​(নন টেকনিকেল)ৰ বাবে যিকোনো ষ্ট্ৰিমত ৬০% নম্বৰ পোৱা স্নাতকসকলে আবেদন কৰিব পাৰিব।

অন্য খবৰ পঢ়কঃ অৰ্হতা স্নাতক, দৰমহা প্ৰায় ১ লাখ টকা! ক’ত, কেনেকৈ আবেদন কৰিব জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...