দশম উত্তীৰ্ণসকলৰ বাবে চৰকাৰী চাকৰি! ক’ত, কেনেকৈ আবেদন কৰিব জানক…

Job: আপুনিও চাকৰি বিচাৰি বিচাৰি ভাগৰি পৰিছে নেকি? চিন্তাৰ কাৰণ নাই! ভাৰতীয় ডাক বিভাগত ওলাইছে চাকৰি। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে এই নিযুক্ত প্ৰক্ৰিয়াৰ যোগেদি অসমৰ খালী পদো পূৰণ কৰা হ'ব।

দশম উত্তীৰ্ণসকলৰ বাবে চৰকাৰী চাকৰি!  কত, কেনেকৈ আবেদন কৰিব জানক...

প্ৰতিনিধিত্বমূলক ছবি

Published: 

23 Feb 2025 14:56 PM

ভাৰত চৰকাৰৰ যোগাযোগ মন্ত্ৰালয়ৰ ডাক বিভাগে (india post) কেইবাটাও পদৰ বাবে আবেদন আহ্বান কৰিছে। ইয়াৰ অধীনত ডাক বিভাগে প্ৰায় ২১৪১৩ টা গ্ৰামীন ডাক সেৱক (জিডিএছ) পদ পূৰণ কৰিব। গতিকে নিৰ্ধাৰিত সময়ৰ ভিতৰত যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়াৰ শেষ তাৰিখ ৩ মাৰ্চ, ২০২৫।

 

পদৰ বিৱৰণ

পদৰ নামঃ গ্ৰামীন ডাক সেৱক (GDS)

  • পদৰ শ্ৰেণী
    শাখা ডাক মাষ্টৰ (বিপিএম)
  •  সহকাৰী শাখা ডাক মাষ্টৰ (এবিপিএম)
  •  ডাক সেৱক
  • পদৰ সংখ্যাঃ ২১,৪১৩ টা।
  • অসমত থকা পদৰ সংখ্যাঃ ১৪৫টা।

বয়স

  • প্ৰাৰ্থীৰ বয়স ১৮ ৰ পৰা ৪০ বছৰৰ ভিতৰত হব লাগিব।
  • এছ চি, এছ টিয়ে ৫ বছৰৰ ৰেহাই পাব।
  • অবিচিয়ে ৩ বছৰৰ ৰেহাই পাব।
  • পি ডব্লিউ ডিয়ে পাব ১০ বছৰৰ ৰেহাই।
  • পি ডব্লিউ ডি (অবিচি)য়ে পাব ১৩ বছৰৰ ৰেহাই।
  • পি ডব্লিউ ডি (এছচি, এছটিয়ে পাব ১৫ বছৰৰ ৰেহাই।

অৰ্হতাঃ

ভাৰত চৰকাৰ/ৰাজ্য চৰকাৰ/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ যিকোনো স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় শিক্ষা ব’ৰ্ডৰ দ্বাৰা পৰিচালিত গণিত আৰু ইংৰাজীত উত্তীৰ্ণ নম্বৰসহ দশম শ্ৰেণীত উত্তীৰ্ণ হ’ব লাগিব। ইয়াৰোপৰি প্ৰাৰ্থীয়ে স্থানীয় ভাষা জানিব লাগিব।

মাচুল

  • সাধাৰণ আৰু অবিচি শ্ৰেণীৰ প্ৰাৰ্থীয়ে ১০০ টকা মাচুল দিব লাগিব।
  • সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে মাচুল দিব নালাগে।

 

কেনেকৈ আবেদন কৰিব

  • অনলাইন আবেদনত ক্লিক কৰক।
  • অনলাইন আবেদনত পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।
  • প্ৰয়োজনীয় সকলো তথ্য দাখিল কৰক।
  • মাচুল আদায় কৰক।
  • চাবমিট কৰক।
  • আবেদনৰ প্ৰিন্ট আউট এটা ল’ব।

 

 

অন্য খবৰ পঢ়কঃ  বেংকত চাকৰি কৰাৰ সুযোগ! খালী হৈছে ৪০০০ পদ; ক’ত,কেনেকৈ আবেদন কৰিব জানক…

ভাল টোপনিৰ বাবে অতি উপকাৰী এইসমূহ খাদ্য, নিশা টোপনি নাহে যদি চাওক এতিয়াই
নাৰীৰ যৌন শক্তি বৃদ্ধি কৰে এইকেইবিধ খাদ্যই, জানি হ'ব আচৰিত!
পত্নী গৰ্ভৱতী হ’লে স্বামীয়ে কৰিব নালাগে এইবোৰ ভুল, প্ৰভাৱ পৰে সন্তানৰ ওপৰত!
এনে ফল ডায়েবেটিছ ৰোগীৰ বাবে হ’ব পাৰে উপযোগী, চাই লওক এতিয়াই
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী