ভাৰতীয়ৰ বাবে ইউৰোপত চাকৰি কৰাৰ সুযোগ বাঢ়িব, চিকিৎসকসকলেও পাব ডাঙৰ সুবিধা…
ভাৰতীয় অৰ্থনীতিৰ বাবে ইয়াক জীৱনৰেখা হিচাপে বিবেচিত হৈছে যদিও এই চুক্তিৰ প্ৰভাৱ কেৱল বাণিজ্যত সীমাবদ্ধ নহয়। ভাৰতীয় যুৱক-যুৱতীসকলেও এই চুক্তিৰ দ্বাৰা পোনপটীয়াকৈ লাভৱান হ’ব।

ভাৰত আৰু ইউৰোপীয় সংঘ (EU)ৰ মাজত মুক্ত বাণিজ্যিক চুক্তি সম্পন্ন হৈছে। এই বাণিজ্যিক চুক্তিক “Mother of all Deals” বুলিও অভিহিত কৰা হৈছে। এই চুক্তিয়ে ভাৰত আৰু ইউৰোপীয়ান ইউনিয়নৰ মাজত মুক্ত বাণিজ্যৰ পথ প্ৰশস্ত কৰে। উদাহৰণস্বৰূপে, এই চুক্তিয়ে ইউৰোপীয় ইউনিয়নৰ ২৭ খন দেশৰ বজাৰ ভাৰতৰ বাবে মুকলি কৰি দিছে। ভাৰতীয় অৰ্থনীতিৰ বাবে ইয়াক জীৱনৰেখা হিচাপে বিবেচিত হৈছে যদিও এই চুক্তিৰ প্ৰভাৱ কেৱল বাণিজ্যত সীমাবদ্ধ নহয়। ভাৰতীয় যুৱক-যুৱতীসকলেও এই চুক্তিৰ দ্বাৰা পোনপটীয়াকৈ লাভৱান হ’ব। এই চুক্তিৰ পাছত ইউৰোপীয় ইউনিয়নৰ ২৭খন দেশত ভাৰতীয়সকলে চাকৰি বিচাৰি পোৱাটো সহজ হ’ব৷ ভাৰতীয় চিকিৎসকেও ইউৰোপত প্ৰেকটিছ কৰিব পাৰিব।
ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত হোৱা চুক্তি ২০২৭ চনৰ পৰা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। মঙলবাৰে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। ইউৰোপীয় ইউনিয়নৰ প্ৰতিষ্ঠানৰ পৰা স্নাতক হোৱা ভাৰতীয় যুৱ পেছাদাৰীসকলে এতিয়া চাকৰি বিচাৰিবলৈ কমেও ৯ৰ পৰা ১২ মাহৰ নিশ্চিত উইণ্ড’ লাভ কৰিব। অৰ্থাৎ ইউৰোপীয় প্ৰতিষ্ঠানৰ পৰা স্নাতক হোৱা ভাৰতীয় পেছাদাৰীসকলে তাত চাকৰি বিচাৰিবলৈ ১২ মাহৰ সময় পাব। এই সময়ছোৱাত ভাৰতীয় পেছাদাৰীসকলে ভিছাৰ সমস্যাৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন নহ’ব।
এই চুক্তিৰ পিছত ভাৰতীয় আই টি পেছাদাৰী আৰু অন্যান্য পেছাদাৰীসকলে ইউৰোপীয় সংঘৰ ১৪৪টা সেৱা খণ্ডত কাম কৰাৰ সুযোগ লাভ কৰিব। ইউৰোপীয় ইউনিয়নে ভাৰতীয় ১০২ টা সেৱা খণ্ডৰ সুবিধাও লাভ কৰিব। ইয়াৰ দ্বাৰা ইউৰোপীয় ইউনিয়নৰ কোম্পানীসমূহৰ ভাৰতত প্ৰৱেশৰ সুবিধা হ’ব আৰু দেশত কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি পাব বুলি বিশ্বাস কৰা হৈছে।
ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত হোৱা এই চুক্তিৰ দ্বাৰা ভাৰতীয় চিকিৎসকসকলো লাভৱান হ’ব। খবৰ অনুসৰি , এই চুক্তিৰ অধীনত ভাৰতত প্ৰশিক্ষণপ্ৰাপ্ত চিকিৎসা পেছাদাৰীসকলে ভাৰতীয় প্ৰমাণপত্ৰৰ স্বীকৃতিৰ জৰিয়তে ইউৰোপীয় ইউনিয়নত প্ৰেকটিছ কৰিব পাৰিব। ইয়াৰ দ্বাৰা দক্ষতা আৰু বিশেষজ্ঞতাৰ আদান-প্ৰদান সম্ভৱ হ’ব আৰু স্বাস্থ্যসেৱাৰ পৰিৱেশ তন্ত্ৰ শক্তিশালী হ’ব।
ইউৰোপীয় ইউনিয়নে ভাৰতত প্ৰথমটো লিগেল গেটৱে কাৰ্যালয় মুকলি কৰিব। এই কাৰ্যালয়ে ইউৰোপত অধ্যয়ন, কাম বা বসতি স্থাপন কৰিব বিচৰা ভাৰতীয় যুৱক-যুৱতী আৰু পেছাদাৰীসকলক সহায় কৰিব। এই কাৰ্যালয়ে ইউৰোপলৈ প্ৰব্ৰজনৰ সৈতে জড়িত সকলো তথ্য প্ৰদান কৰিব।