এই পদসমূহৰ বাবে আবেদন কৰিলেনে? ২ ফেব্ৰুৱাৰী অন্তিম দিন, এতিয়াই কৰক আবেদন

ভাৰতীয় সেনাত নিযুক্তি লাভৰ স্বপ্ন দেখা যুৱক-যুৱতীসকলৰ বাবে এক প্ৰয়োজনীয় খবৰ। ভাৰতীয় বায়ুসেনাই অগ্নিবীৰ আঁচনিৰ আধাৰত মুকলি কৰিছিল নিযুক্তি প্ৰক্ৰিয়া। বায়ুসেনাৰ এই অগ্নিবীৰ বায়ু ইনটেক ০১/২০২৬ত আবেদনৰ সময়সীমা শেষ হোৱাৰ দিশে। আৰু মাত্ৰ ৪ দিন পিছত অৰ্থাৎ অহা ২ ফেব্ৰুৱাৰীত এই আবেদন প্ৰক্ৰিয়াৰ সময়সীমা অন্ত পৰিব।

এই পদসমূহৰ বাবে আবেদন কৰিলেনে? ২ ফেব্ৰুৱাৰী অন্তিম দিন, এতিয়াই কৰক আবেদন

প্ৰতিনিধিত্বমূলক ছবি

Published: 

30 Jan 2025 | 10:05 PM

ভাৰতীয় সেনাত নিযুক্তি লাভৰ স্বপ্ন দেখা যুৱক-যুৱতীসকলৰ বাবে এক প্ৰয়োজনীয় খবৰ। ভাৰতীয় বায়ুসেনাই অগ্নিবীৰ আঁচনিৰ আধাৰত মুকলি কৰিছিল নিযুক্তি প্ৰক্ৰিয়া। বায়ুসেনাৰ এই অগ্নিবীৰ বায়ু ইনটেক ০১/২০২৬ত আবেদনৰ সময়সীমা শেষ হোৱাৰ দিশে। আৰু মাত্ৰ ৪ দিন পিছত অৰ্থাৎ অহা ২ ফেব্ৰুৱাৰীত এই আবেদন প্ৰক্ৰিয়াৰ সময়সীমা অন্ত পৰিব। এনে পৰিস্থিতিত যিসকল ইচ্ছুক প্ৰাৰ্থীয়ে এতিয়াও আবেদন কৰা নাই, তেওঁলোকে অফিচিয়েল ৱেবছাইট agnipathvayu.cdac.in ত গৈ ২ ফেব্ৰুৱাৰীলৈকে অনলাইন আবেদন কৰিব পাৰিব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে আবেদনৰ অন্তিম তাৰিখ ২৭ জানুৱাৰী নিৰ্ধাৰণ কৰা হৈছিল যদিও পিছত ২ ফেব্ৰুৱাৰীলৈ সময়সীমা বৃদ্ধি কৰা হৈছিল। এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আবেদন কৰিবলৈ এজন প্ৰাৰ্থীৰ কি কি অৰ্হতা থাকিব লাগে আৰু আবেদনকাৰীৰ বয়স কিমান হ’ব লাগিব, সেই বিষয়ে জানো আহক।

এই নিযুক্ত প্ৰক্ৰিয়াৰ বাবে ইচ্ছুক আবেদনকাৰীসকল গণিত, পদাৰ্থ বিজ্ঞান আৰু ইংৰাজী বিষয়ত ৫০% নম্বৰ লৈ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। প্ৰাৰ্থীৰ জন্ম ২০০৫ চনৰ ১ জানুৱাৰীৰ পৰা ২০০৮ চনৰ ১ জুলাইৰ ভিতৰত হ’ব লাগিব। যদি কোনো প্ৰাৰ্থীয়ে বাছনি প্ৰক্ৰিয়াৰ সকলো পৰ্যায়তে উত্তীৰ্ণ হয় তেন্তে নিযুক্তি লাভ কৰা তাৰিখত তেওঁৰ সৰ্বোচ্চ বয়স ২১ বছৰ হ’ব লাগে।

প্ৰাৰ্থীৰ অৰ্হতা সম্পৰ্কীয় অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে অফিচিয়েল চাইটত জাৰি কৰা চৰকাৰী অধিসূচনা পৰীক্ষা কৰিব পাৰে। এই নিযুক্ত প্ৰক্ৰিয়াৰ বাবে আবেদনৰ সময়ত আবেদনকাৰীয়ে ৫৫০ টকা পৰীক্ষা মাচুল পৰিশোধ কৰিব লাগিব। ইয়াৰ সমান্তৰালকৈ GSTও কাৰ্যকৰী কৰা হৈছে। এই মাচুল অনলাইন মোড (ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা নেট বেংকিং)ৰ জৰিয়তে পৰিশোধ কৰিব পাৰিব।

আবেদনৰ বাবে প্ৰাৰ্থীসকলে তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰিব পাৰে-

প্ৰথমে অফিচিয়েল ৱেবছাইট agnipathvayu.cdac.in লৈ যাওক।

হোমপেজত থকা ‘Agniveervayu Intake 01/2026’ৰ বাবে আবেদন লিংকত ক্লিক কৰক।

পঞ্জীয়ন কৰি আবেদন পত্ৰ পূৰণ কৰক।

নথি-পত্ৰ আপলোড কৰক, মাচুল পৰিশোধ কৰি চাবমিট কৰক।

পদসমূহৰ বাবে আবেদনকাৰীৰ মাজৰ পৰা যোগ্য প্ৰাৰ্থীৰ বাছনি তিনিটা পৰ্যায়ত কৰা হ’ব। প্ৰথম পৰ্যায়ত লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব আৰু সফল পৰীক্ষাৰ্থীক শাৰীৰিক পৰীক্ষা আৰু চিকিৎসা পৰীক্ষাৰ বাবে নিৰ্বাচিত কৰি। অহা ২২ মাৰ্চত অনুষ্ঠিত হ’ব এই লিখিত পৰীক্ষা। এই দুয়োটা পৰ্যায়তে সফল প্ৰাৰ্থীসকলে সাক্ষাৎকাৰৰ বাবে যোগ্যতা লাভ কৰিব। ইয়াৰ পিছত যোগ্য প্ৰাৰ্থীসকলে নিযুক্ত লাভ কৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...