আজি ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, এই ১৪ ৱেবচাইটৰ জৰিয়তে এনেকৈ চাওক ফলাফল…

HSLC result 2025: আজি ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে সদৰি কৰে এই কথা। ১৪ টা ৱেবচাইটত ঘোষণা হ'ব ফলাফল।

আজি ঘোষণা হব মেট্ৰিকৰ ফলাফল, এই ১৪ ৱেবচাইটৰ জৰিয়তে এনেকৈ চাওক ফলাফল...

মেট্ৰিকৰ ফলাফল

Updated On: 

11 Apr 2025 | 09:18 AM

আজি (১১ এপ্ৰিল) ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল।  শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে সামাজিক মাধ্যমত সদৰি কৰে এই কথা। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত লিখে যে- “আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব। পুৱা ৮ বজাত নটিফিকেশ্যন জাৰি কৰা হ’ব, ১০.১৫ বজাত প্ৰেচ বাৰ্তা আৰু ১০.৩০ বজাত ঘোষণা কৰা হ’ব ফলাফল”। ছাত্ৰ-ছাত্ৰীসকলে অনলাইনৰ জৰিয়তে এই ফলাফল চাব পাৰিব।

 

 

ছাত্ৰ-ছাত্ৰীয়ে মুঠ ১৪ টা ৱেবচাইটত চাব পাৰিব ফলাফল। ক’ত ক’ত চাব পাৰিব ফলাফল-

  1. https://sebaonline.org
  2. www.assamjobalerts.com
  3. www.results shiksha
  4. www.assam.shiksha
  5. www.vidyavision.com
  6. www.iresults.net
  7. www.indiaresults.com
  8. www.iresults.in
  9. www.jagranjosh.com
  10. https://www.ndtv.com
  11. www.schools9.com
  12. https://ndtv.in
  13. www.indianexpress.com
  14. www.assamresult, in

ইয়াৰোপৰি মোবাইল এপ ASSEB Results ত চাব পাৰিব ফলাফল।

 

কেনেকৈ চাব পাৰিব

  • প্ৰথমে আপুনি ৱেবচাইটটোলৈ যাওক।
  • তাত আপুনি ৰিজাল্টৰ বিকল্প দেখিব।
  • পাছত ৰোল আৰু নম্বৰটো দি চাবমিট কৰিব।
  • পাছত ফলাফল ওলাই পৰিব।
  • ইয়াৰ পৰা আপুনি মাৰ্কশ্বিট ডাউনলোড কৰিব পাৰিব।

উল্লেখ্য যে, চলিত শিক্ষাবৰ্ষত প্ৰায় ৪.৩০ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। প্ৰতিটো বিষয়ৰ পৰীক্ষাতে আছিল বস্তুনিষ্ঠ আৰু বাখ্যাত্মক প্ৰশ্নকাকত। এইবাৰ উভয় প্ৰশ্নকাকততে উত্তীৰ্ণ হ’ব লাগিব ছাত্ৰ-ছাত্ৰী। যদি ইযাৰো কোনো এটা পৰীক্ষাত অনুত্তীৰ্ণ হয় তেন্তে পৰীক্ষাৰ্থীক অনুত্তীৰ্ণ বুলি ধৰা হ’ব।ইয়াৰোপৰি এইবাৰ নাথাকে শীৰ্ষ স্থান। যোৱা বছৰৰ পৰা শীৰ্ষস্থান বিলুপ্ত কৰা হৈছিল।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব