ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, মুঠ উত্তীৰ্ণৰ সংখ্যা ২,৭০,৪৭২…

HSLC Result 2025: ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। মুঠ ১৪ টা ৱেবচাইটত উপলব্ধ এই ফলাফল।

ঘোষণা হল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, মুঠ উত্তীৰ্ণৰ সংখ্যা ২,৭০,৪৭২...

মেট্ৰিকৰ ফলাফল

Updated On: 

11 Apr 2025 11:02 AM

অৱশেষত ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। ASSEB য়ে ঘোষণা কৰা ফলাফল ছাত্ৰ-ছাত্ৰীসকলে অনলাইনৰ জৰিয়তে চাব পাৰিব। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা মুখ্য শিক্ষাৰ্থীৰ সংখ্যা ২,৭০,৪৭২ গৰাকী। ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৮৯,০৪১ গৰাকী, দ্বিতীয় বিভাগত ১,৩৫,৫৬৮ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৪৫,৮৬২ গৰাকী।

শিক্ষা বোৰ্ডে জাৰি কৰা তথ্য অনুসৰি এইবাৰ উত্তীৰ্ণৰ হাৰ ৬৩.৯৮ শতাংশ। ছাত্ৰ উত্তীৰ্ণৰ হাৰ ৬৭.৫৯ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬১.০৯ শতাংশ। এইবাৰ ডিষ্টিংশ্যন মাৰ্ক লাভ কৰিছে ৫,৩৩৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে, ষ্টাৰ মাৰ্ক লাভ কৰিছে ১৬,৫১৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আৰু লেটাৰ মাৰ্ক লাভ কৰিছে ১,৬৮,৩১২ গৰাকীয়ে।

জিলাৰ শীৰ্ষ আৰু নিম্নত কোন

জিলাৰ ফালৰ পৰা ৮৫.৫৫ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত আছে শিৱসাগৰ জিলা, ৮১.১০ শতাংশৰ সৈতে দ্বিতীয় স্থানত আছে ডিব্ৰুগড় জিলা আৰু ৮০.৬৪ শতাংশৰে তৃতীয় স্থানত আছে ধেমাজি জিলা। ইয়াৰোপৰি জিলাৰ ফালৰ পৰা উত্তীৰ্ণৰ ক্ষেত্ৰত নিম্ন স্থানত আছে শ্ৰীভূমি জিলা। জিলাখনত উত্তীৰ্ণৰ হাৰ ৪৭.৯৬ শতাংশ।

জাননীখন

 

কেটেগৰীৰ ফালপ পৰা উত্তীৰ্ণৰ হাৰ

  • জেনেৰেলঃ ৬২.৪৫ শতাংশ
  • অবিচিঃ ৬৯.৬৪ শতাংশ
  • এম অ বি চিঃ ৭০.৭৮ শতাংশ
  • এছ চিঃ ৫৮.৫৬ শতাংশ
  • এছ টি (পি)ঃ ৭১.৩২ শতাংশ
  • এছ টি (এইচ)ঃ ৬৫.৮৬ শতাংশ
  • চাহ জনগোষ্ঠীঃ ৫১.৮৯ শতাংশ

শীৰ্ষ ৩

প্ৰথমঃ অমিশী শইকীয়া, প্ৰজ্ঞা একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুল, যোৰহাট ,মুঠ নম্বৰ ৫৯১(৯৮.৫০শতাংশ)
দ্বিতীয়ঃ সপ্তৰ্স্ব বৰদলৈ, অসম জাতীয় বিদ্যালয়, কামৰূপ (ম), মুঠ নম্বৰ ৫৯০ (৯৮.৩৩ শতাংশ)
তৃতীয়ঃ অনিৰ্বান বৰগোঁহাইঃ প্ৰজ্ঞা একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুল, যোৰহাট, মুঠ নম্বৰ ৫৮৯ (৯৮.১৭ শতাংশ)

ক’ত চাব পাৰিব ফলাফল-

  • https://sebaonline.org
  • www.assamjobalerts.com
  • www.results shiksha
  • www.assam.shiksha
  • www.vidyavision.com
  • www.iresults.net
  • www.indiaresults.com
  • www.iresults.in
  • www.jagranjosh.com
  • https://www.ndtv.com
  • www.schools9.com
  • https://ndtv.in
  • www.indianexpress.com
  • www.assamresult, in
  • ইয়াৰোপৰি মোবাইল এপ ASSEB Results ত চাব পাৰিব ফলাফল।

 

 

 

অন্য খবৰ পঢ়কঃ আজি ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, এই ১৪ ৱেবচাইটৰ জৰিয়তে এনেকৈ চাওক ফলাফল…

নিম্ন ৰক্তচাপৰ ৰোগীয়ে কেনেকুৱা ধৰণৰ খাদ্য গ্ৰহণ কৰিব ?
উজ্জ্বল ছালৰ বাবে এইদৰে ব্যৱহাৰ কৰক এলোভেৰা
১২ বছৰ পাছত বিৰল সংযোগ! ভাল দিন আহিব ৩ ৰাশিৰ জীৱনলৈ...
মানুহৰ একমাত্ৰ পাপ, যি ক্ষমা নকৰে ভগৱানে! ক'লে প্ৰেমানন্দ মহাৰাজে...