মেট্ৰিকৰ ফলাফলত শীৰ্ষ ৩ ত উজ্বলিল কোন কোন? কিমান পালে মুঠ নম্বৰ

HSLC TOP 3 candidate: ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ পৰীক্ষাত মুঠ  ২,৭০,৪৭২ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়। ইয়াৰোপৰি শীৰ্ষ ৩ শিক্ষাৰ্থীৰ নাম ঘোষণা কৰে বোৰ্ডে। শীৰ্ষৰ ২ টা স্থান দখল কৰে যোৰহাট জিলাই।

মেট্ৰিকৰ ফলাফলত শীৰ্ষ ৩ ত উজ্বলিল কোন কোন? কিমান পালে মুঠ নম্বৰ

মাজত আমিশী, সোঁ-ফালে অনিৰ্বান, বাওঁফালে সপ্তৰ্ষী

Updated On: 

11 Apr 2025 | 11:30 AM

অৱশেষত আজি (১১ এপ্ৰিল) ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (HSLC result)। পুৱা ১০.৩০ বজাত ASSEB য়ে ঘোষণা কৰা ফলাফল অনুসৰি এইবাৰ উত্তীৰ্ণৰ হাৰ ৬৩.৯৮ শতাংশ। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৬৭.৫৯ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬১.০৯ শতাংশ।  সংখ্যাৰ ফালৰ পৰা চলিত বৰ্ষৰ পৰীক্ষাত মুঠ  ২,৭০,৪৭২ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়। ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৮৯,০৪১ গৰাকী, দ্বিতীয় বিভাগত ১,৩৫,৫৬৮ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৪৫,৮৬২ গৰাকী।

শীৰ্ষত কোন

ইয়াৰোপি এইবাৰ শীৰ্ষ ৩ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত দুটাকৈ স্থান দখল কৰে যোৰহাটে।  প্ৰথম স্থান লাভ কৰে আমিশী শইকীয়াই। যোৰহাটৰ প্ৰজ্ঞা একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীগৰাকীয়ে লাভ কৰা মুঠ নম্বৰৰ সংখ্যা ৫৯১(৯৮.৫০শতাংশ)। লগতে দ্বিতীয় স্থান দখল কৰে সপ্তৰ্ষ বৰদলৈ। কমৰূপ (ম)অৱস্থিত অসম জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে গৰাকীয়ে লাভ কৰা মুঠ নম্বৰৰ সংখ্যা ৫৯০ (৯৮.৩৩ শতাংশ)। ইয়াৰ বিপৰীতে তৃতীয় স্থান উজ্বলে অনিৰ্বান বৰগোঁহাই। তেওঁ প্ৰজ্ঞা একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুল, যোৰহাটৰ শিক্ষাৰ্থী। তেওঁ লাভ কৰা মুঠ নম্বৰৰ সংখ্যা ৫৮৯ (৯৮.১৭ শতাংশ)।

উল্লেখযোগ্য যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৪,২৯,৪৪৯ গৰাকী আবেদন জনাইছিল।। অৱশ্যে পৰীক্ষাৰ সময়ত ইয়াৰে ৬,৭১২ গৰাকী অনুপস্থিত, ২২ গৰাকী ইউথহেল্ড আৰু ১০১ গৰাকীক এক্সপেল্ড কৰা হৈছিল। গতিকে মুঠ ৪,২২,৭৩৭ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল । ইয়াৰে ছাত্ৰৰ সংখ্যা আছিল ১,৮৭,৭৫২ গৰাকী আৰু ছাত্ৰীৰ সংখ্যা ২,৩৪,৯৮৫ গৰাকী।

 

 

অন্য খবৰ পঢ়কঃ ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, মুঠ উত্তীৰ্ণৰ সংখ্যা ২,৭০,৪৭২…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব