ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

আজি ১২ এপ্ৰিলৰ দিনটোৱে বিশেষ তাৎপৰ্য বহন কৰি আহিছে । আজিৰ দিনটোতে বিজ্ঞান আৰু মহাকাশৰ ক্ষেত্ৰত দুটা ডাঙৰ কৃতিত্বৰ লিপিবদ্ধ হয়। একেদৰে ১৯৫৫ চনৰ আজিৰ দিনটোতে ডাঃ জ’নাছ ছালকে পলিঅ’ প্ৰতিৰোধৰ বাবে এক ফলপ্ৰসূ ভেকচিন আৱিষ্কাৰ কৰে। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা ।

ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

ইতিহাসত আজিৰ দিনটো

Updated On: 

12 Apr 2025 07:10 AM

ইতিহাসৰ পাতত আজি ১২ এপ্ৰিলৰ দিনটোৱে বিশেষ তাৎপৰ্য বহন কৰি আহিছে । আজিৰ দিনটোতে বিজ্ঞান আৰু মহাকাশৰ ক্ষেত্ৰত দুটা ডাঙৰ কৃতিত্বৰ লিপিবদ্ধ হয়। একেদৰে ১৯৫৫ চনৰ আজিৰ দিনটোতে ডাঃ জ’নাছ ছালকে পলিঅ’ প্ৰতিৰোধৰ বাবে এক ফলপ্ৰসূ ভেকচিন আৱিষ্কাৰ কৰে। সেই সময়ত পলিঅ’ আছিল এক মাৰাত্মক ৰোগ আৰু সমগ্ৰ বিশ্বৰ বাবে ভাবুকি স্বৰূপ আছিল । ডাঃ ছালকৰ এই আৱিষ্কাৰে মানৱজাতিক এই ভয়াৱহ ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ এক শক্তিশালী ঢাল দিয়ে।

কেৱল এয়াই নহয়, ১৯৬১ চনৰ ১২ এপ্ৰিলত ছোভিয়েট ইউনিয়নৰ মহাকাশচাৰী ইউৰি গাগাৰিনে ইতিহাস সৃষ্টি কৰিছিল। মহাকাশ ভ্ৰমণ কৰা প্ৰথমজন ব্যক্তি হৈ পৰিল তেওঁ। ভষ্টক-১ নামৰ মহাকাশযান এখনত উৰা মাৰি তেওঁ মহাকাশ স্পৰ্শ কৰি বিজ্ঞানৰ জগতখনত এক নতুন অধ্যায় সংযোজন কৰে ।

ভাৰতৰ ইতিহাসৰ বাবেও আজিৰ দিনটো গুৰুত্বপূৰ্ণ। ১৯৭৮ চনৰ ১২ এপ্ৰিলত দেশৰ প্ৰথমখন ডাবল ডেকাৰ ৰে’লে মুম্বাইৰ ভিক্টোৰিয়া টাৰ্মিনাছ (বৰ্তমান ছত্ৰপতি শিৱাজী টাৰ্মিনাছ)ৰ পৰা পুনেলৈ প্ৰথম যাত্ৰা আৰম্ভ কৰে। ভাৰতীয় ৰে’লৱেৰ ইতিহাসত এয়া আছিল এক নতুন পৰীক্ষা ।

চাওঁ আহক ইতিহাসৰ আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা

  1. ১৮০১ চনৰ আজিৰ দিনটোতে উইলিয়াম কেৰীয়ে কলিকতাৰ ফ’ৰ্ট উইলিয়াম কলেজত বাংলা ভাষাৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে।
  2. ১৮৬১ চনৰ আজিৰ দিনটোতে আমেৰিকাত গৃহযুদ্ধ আৰম্ভ হয়।
  3. ১৯২৭ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ কেবিনেটে মহিলাৰ ভোটাধিকাৰক সমৰ্থন কৰে।
  4. ১৯৪৫ চনৰ আজিৰ আজিৰ দিনটোতে তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুজভেল্টৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু হয়।
  5. ১৯৭৩ চনৰ আজিৰ দিনটোতে চুডানে নিজৰ সংবিধান জাৰি কৰে।
  6. ১৯৮১ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ মহাকাশযান কলম্বিয়া প্ৰথমবাৰৰ বাবে উৎক্ষেপণ কৰা হয়।
  7. ২০২৪ চনৰ আজিৰ দিনটোতে ৰাছিয়াই আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা।

লগতে পঢ়ক আজি শনিবাৰৰ দিনটোৰ ৰাশিফল

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension