ক্ৰমাৎ গুৰুত্বহীন হৈ পৰিছে এই ১০টা বিষয়ৰ অধ্যয়ন! ভৱিষ্যতৰ বিশ্বত অধিক লাভজনক হ’ব এই বিষয়সমূহ

এনে পৰিস্থিতিত এই ডিগ্ৰীধাৰী লোকসকলৰ কেৰিয়াৰতো প্ৰভাৱ পৰিছে। ইয়াৰ বিপৰীতে সমগ্ৰ বিশ্বৰ শিক্ষা ব্যৱস্থাৰ ওপৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ বাঢ়িছে। হাভাৰ্ডৰ এই অধ্যয়ন অনুসৰি কোনকেইটা ডিগ্ৰীৰ গুৰুত্ব হ্ৰাস পাইছে জানো আহক।

ক্ৰমাৎ গুৰুত্বহীন হৈ পৰিছে এই ১০টা বিষয়ৰ অধ্যয়ন! ভৱিষ্যতৰ বিশ্বত অধিক লাভজনক হ’ব এই বিষয়সমূহ

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

18 Oct 2025 12:24 PM

সময়ৰ লগে লগে আগবাঢ়িছে পৃথিৱী সমান্তৰালকৈ অত্যাধুনিক প্ৰযুক্তিৰ সৈতে খোজ মিলাই মানুহো উন্নত ভৱিষ্যতৰ দিশত আগবাঢ়িছে একেদৰে সলনি হৈছে শিক্ষাৰ পৰিসৰো। ইয়াৰ মাজতে হাৰ্ভাৰ্ডৰ এক নতুন গৱেষণাক লৈ সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি হৈছে। হাৰ্ভাৰ্ডৰ এই গৱেষণাই উল্লেখ কৰা মতে নতুন বিশ্বত ১০টা বিশেষ ডিগ্ৰীৰ মূল্য দিনক দিনে কমি আহিছে। গতিকে এতিয়া উচ্চ শিক্ষাত কোনটো বিষয়ত অধ্যয়ন কৰিব লাগে সেই বিষয়ে চিন্তা কৰাৰ সময় আহি পৰিছে। কোৱা বাহুল্য যে উচ্চ শিক্ষাৰ ক্ষেত্ৰত কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে আমূল পৰিৱৰ্তন ঘটিছে।

বিগত ২০২০ চনত হাৰ্ভাৰ্ডৰ অৰ্থনীতিবিদ ডেভিদ জে ডেমিং আৰু কাদিম নুৰৰ এক অধ্যয়ন সম্প্ৰতি চৰ্চালৈ আহিছে। এই অধ্যয়ন মতে কম্পিউটাৰ বিজ্ঞান, অভিযান্ত্ৰিক আৰু ব্যৱসায়ৰ লগত জড়িত কিছুমান গতানুগতিক ডিগ্ৰীৰ গুৰুত্ব কমি আহিছে আনকি এনে ডিগ্ৰীৰ সৈতে চাকৰিৰ সুযোগো ক্ৰমান্বয়ে হ্ৰাস পাইছে।

এনে পৰিস্থিতিত এই ডিগ্ৰীধাৰী লোকসকলৰ কেৰিয়াৰতো প্ৰভাৱ পৰিছে। ইয়াৰ বিপৰীতে সমগ্ৰ বিশ্বৰ শিক্ষা ব্যৱস্থাৰ ওপৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ বাঢ়িছে হাভাৰ্ডৰ এই অধ্যয়ন অনুসৰি নিম্নোক্ত ডিগ্ৰীসমূহৰ গুৰুত্ব হ্ৰাস পাইছে

১/ এম বি এ

২/ কম্পিউটাৰ চাইঞ্চ

৩/ মেকানিকেল ইঞ্জিনিয়াৰিং

৪/ একাউণ্টিং

৫/ বায়কেমেষ্ট্ৰি

/ মনোবিজ্ঞান (স্নাতক পৰ্যায়)

/ ইংৰাজী (সামগ্রিকভাবে কলা বিভাগৰ অধ্যয়ন)

৮/ সমাজবিজ্ঞান

৯/ ইতিহাস

১০/ দৰ্শন

গৱেষণাত দেখা গৈছে যে ভৱিষ্যতে এই ক্ষেত্ৰসমূহত দীৰ্ঘম্যাদী সুযোগ লাভ কঠিন হৈ পৰিব পাৰে। যদিহে কোনো ব্যক্তিয়ে এনে ডিগ্ৰীসমূহৰ লগতে অতিৰিক্ত দক্ষতা, অত্যাধুনিক পাঠ্যক্ৰম বা নতুন বিষয় সংযোগ কৰিব নোৱাৰে আৰু নিজকে দক্ষ কৰি নোতোলে, তেতিয়া অধিক হেঁচা বৃদ্ধি পাব পাৰে।

গৱেষকসকলে কি বিষয়ৰ অধ্যয়নক অধিক উচিত বুলি ভাবে?

গৱেষকসকলে যুক্তি আগবঢ়ায় যে প্ৰযুক্তিৰ দ্ৰুত পৰিৱৰ্তনৰ লগে লগে কামৰ স্বৰূপ সলনি হৈছে। বহু কোম্পানীয়ে এতিয়া ডিগ্ৰীৰ পৰিৱৰ্তে কৰ্ম দক্ষতাক অধিক প্ৰাধান্য দিছে। গৱেষকসকলে ডিগ্ৰী বা কন্টেন্টক একপক্ষীয় কৰি তোলা নাই। তেওঁলোকৰ মতে যিকোনো এটা বিষয় নিৰ্ধাৰণ কৰাৰ পৰিৱৰ্তে আমি হাইব্ৰিড মোডত অধ্যয়নৰ দিশত অধিক গুৰুত্ব দিব লাগে।

ইয়াৰ দ্বাৰা সৃষ্টিশীলতাৰ লগতে সামাজিক বুদ্ধিমত্তাৰো ছাপ পৰিব। ইয়াৰ দ্বাৰা ব্যক্তিৰ কাৰিকৰী দক্ষতা বিকশিত ব। এনে ‘পাঠ্যক্ৰম’ নিৰ্বাচন ভৱিষ্যতে বুদ্ধিমানৰ কাম হ’ব বুলি তেওঁলোকে দোহাৰে। এই সন্দৰ্ভত তেওঁলোকে কেইবাটাও উদাহৰণো দাঙি ধৰিছে

১/ ডাটা চাইঞ্চ এণ্ড এনালিটিক্স

২/ স্বাস্থ্য বিজ্ঞান আৰু স্বাস্থ্য খণ্ডৰ কেৰিয়াৰ ভিত্তিক অধ্যয়ন

৩/ পৰিৱেশ বিজ্ঞান

৪/ ডিজিটেল মাৰ্কেটিং এণ্ড মিডিয়া

৫/ AI এণ্ড মেচিন লাৰ্নিং

৬/ উদ্যোগীকৰণৰ দিশত আগুৱাই নিব পৰা পাঠ্যক্ৰম, অৱশ্যে ইয়াৰ লগত প্ৰযুক্তিৰ সংমিশ্ৰণ ঘটাব লাগিব

বিশেষজ্ঞসকলে কয় যে এই ক্ষেত্ৰসমূহৰ মূল বৈশিষ্ট্য হৈছে সময়ৰ লগে লগে এনে বিষয়ৰ প্ৰাসংগিকতা থাকে। দ্ৰুতগতিত পৰিৱৰ্তিত প্ৰযুক্তিৰ সৈতে খাপ খুৱাই লোৱাটো সহজ হৈ পৰে। বজাৰতো এ্নে ক্ষেত্ৰসমূহৰ চাহিদা অধিক সমান্তৰালকৈ ইয়াৰ দ্বাৰা দক্ষতা আৰু অভিজ্ঞতাৰ ভিত্তিত চাকৰিৰো যথেষ্ট সুবিধা আছে।

মুখৰ ভিতৰত ঘাঁ কিয় হয়? প্ৰতিৰোধৰ উপায় জানক...
ৰাতিপুৱা খালী পেটত মধুৰিৰ পাত খালে কি কি ৰোগৰ পৰা উপশম পাব?
দীপাৱলীত গৰ্ভৱতী মহিলাই কি কি বস্তু পৰিহাৰ কৰিব লাগে?
১৪৮ বছৰীয়া ক্ৰিকেট ইতিহাসত পূৰ্বে হোৱা নাই এনে, এতিয়া কোহলীৰ হাতত ‘কৰি দেখুওৱাৰ’ সুযোগ