কেন্দ্ৰীয় চাকৰিত নিযুক্তিৰ সুযোগঃ দশম শ্ৰেণী উত্তীৰ্ণ হ’লেই কৰিব পাৰিব আবেদন
চৰকাৰী চাকৰিত নিযুক্তিৰ বাবে চেষ্টা চলোৱা যুৱক-যুৱতীসকলৰ বাবে আহিছে আশা পূৰণৰ এক সুযোগ। ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে নাৱিক (জেনেৰেল ডিউটি) আৰু নাৱিক (ঘৰুৱা শাখা) পদত নিযুক্তিৰ বাবে এক অধিসূচনা প্ৰকাশ কৰিছে। এই নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়া ১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আৰু ২৫ ফেব্ৰুৱাৰী পৰ্যন্ত ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব।

প্ৰতিনিধিত্বমূলক ছবি
চৰকাৰী চাকৰিত নিযুক্তিৰ বাবে চেষ্টা চলোৱা যুৱক-যুৱতীসকলৰ বাবে আহিছে আশা পূৰণৰ এক সুযোগ। ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে নাৱিক (জেনেৰেল ডিউটি) আৰু নাৱিক (ঘৰুৱা শাখা) পদত নিযুক্তিৰ বাবে এক অধিসূচনা প্ৰকাশ কৰিছে। এই নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়া ১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আৰু ২৫ ফেব্ৰুৱাৰী পৰ্যন্ত ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। ক’ষ্ট গাৰ্ডৰ অফিচিয়েল ৱেবছাইট joinindiancoastguard.cdac.in ত গৈ অনলাইন আবেদন কৰিব পাৰিব যোগ্যতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীসকলে। এই নিযুক্তি অভিযানৰ অধীনত মুঠ ৩০০টা পদ পূৰণ কৰা হ’ব।
মুঠ পদসমূহৰ ভিতৰত নাৱিক (জেনেৰেল ডিউটি)ৰ ২৬০টা আৰু নাৱিক (ঘৰুৱা শাখা)ৰ ৪০টা পদ আছে। নাৱিক (জেনেৰেল ডিউটি) পদৰ বাবে প্ৰাৰ্থীয়ে স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা গণিত আৰু পদাৰ্থ বিজ্ঞানৰ সৈতে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব, আনহাতে নাৱিক (ঘৰুৱা শাখা) পদৰ বাবে প্ৰাৰ্থীয়ে স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। এই পদসমূহৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলৰ বয়স কমেও ১৮ বছৰ আৰু সৰ্বাধিক ২২ বছৰ হ’ব লাগে।
অৱশ্যে সাংবিধানিক নিয়ম অনুসৰি অ’বিচি শ্ৰেণীৰ প্ৰাৰ্থীক বয়সৰ সীমাত ৩ বছৰৰ আৰু অনুসূচিত জাতি/জনজাতিৰ প্ৰাৰ্থীক বয়সৰ সীমাত ৫ বছৰৰ শিথিলতা প্ৰদান কৰা হ’ব। এই পদসমূহত আবেদন কৰিবলৈ জেনেৰেল/অ’বিচি/EWS শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৩০০ টকা আবেদন মাচুল পৰিশোধ কৰিব লাগিব। আনহাতে অনুসূচিত জাতি/জনজাতি শ্ৰেণীৰ প্ৰাৰ্থীয়ে কোনো আবেদন মাচুল পৰিশোধ কৰিব নালাগে।
নেট বেংকিং, ক্ৰেডিট/ডেবিট কাৰ্ড বা UPIৰ জৰিয়তে অনলাইনযোগে মাচুল পৰিশোধ কৰিব লাগিব প্ৰাৰ্থীসকলে। তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰি ইচ্ছুক প্ৰাৰ্থীসকলে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব-
প্ৰথমে ইণ্ডিয়ান ক’ষ্ট গাৰ্ডৰ অফিচিয়েল ৱেবছাইট joinindiancoastguard.cdac.in লৈ যাওক।
তাৰ পিছত বৈধ ইমেইল আইডি আৰু মোবাইল নম্বৰ ব্যৱহাৰ কৰি পঞ্জীয়ন কৰক।
ইয়াৰ পিছত আবেদন পত্ৰত সঠিক তথ্য পূৰণ কৰক।
এতিয়া আপোনাৰ ফটো আৰু স্বাক্ষৰকে ধৰি সকলো প্ৰয়োজনীয় নথি আপলোড কৰক।
ইয়াৰ পিছত আবেদন মাচুল পৰিশোধ কৰি প্ৰ-পত্ৰ চাবমিট কৰক।
এই পদসমূহৰ বাবে প্ৰাৰ্থীৰ বাছনি ৩টা পৰ্যায়ত কৰা হ’ব। প্ৰথম পৰ্যায়ত কম্পিউটাৰ ভিত্তিক অনলাইন পৰীক্ষা হ’ব, তাৰ পিছত দ্বিতীয় পৰ্যায়ত শাৰীৰিক ফিটনেছ পৰীক্ষা হ’ব। এই শাৰীৰিক পৰীক্ষাত প্ৰাৰ্থীসকলে ৭ মিনিটত ১.৬ কিলোমিটাৰ দৌৰিব লাগিব। লগতে ২০টা চিট-আপ আৰু ১০টা পুছ আপ কৰিব লাগিব প্ৰাৰ্থীসকলে। ইয়াৰ পিছত তৃতীয় পৰ্যায়ত পৰীক্ষাৰ্থীৰ নথি পৰীক্ষণ কৰা হ’ব।
নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে ইণ্ডিয়ান ক’ষ্ট গাৰ্ডৰ অফিচিয়েল ৱেবছাইট joinindiancoastguard.cdac.in চাব পাৰে।