দশম উত্তীৰ্ণৰ বাবে চৰকাৰী চাকৰি! দৰমহা ৬০,০০০ ৰো অধিক, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

চৰকাৰী চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। পুনৰ ওলাইছে চৰকাৰী চাকৰি। দশম উত্তীৰ্ণ সকলেও কৰিব পাৰিব আবেদন। ইয়াৰোপৰি নিৰ্বাচিত হোৱাসকলে মোটা অংকৰ দৰমহা লাভ কৰিব।

দশম উত্তীৰ্ণৰ বাবে চৰকাৰী চাকৰি! দৰমহা ৬০,০০০ ৰো অধিক,  কত, কেনেকৈ আবেদন কৰিব জানক...

চাকৰি

Published: 

14 Jul 2025 17:09 PM

চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। পুনৰ ওলাইছে চৰকাৰী চাকৰি। দশত শ্ৰেণীত উত্তীৰ্ণসকলেও এই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। ভাৰত হেভি ইলেক্ট্ৰিকেলছ লিমিটেডে (BHEL) ৫০০ৰো অধিক পদৰ বাবে চৰকাৰী চাকৰি মুকলি কৰিছে। এই পদকেইটাৰ বাবে যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। গতিকে আপুনিও যদি চাকৰি বিচাৰি আছে তেন্তে আবেদন কৰিব পাৰে।

এই নিযুক্তিৰ বাবে যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীয়ে BHEL ৰ অফিচিয়েল ৱেবছাইট careers.bhel.in ৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। অহা ১৬ জুলাইৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু ১২ আগষ্টত শেষ হ’ব। ইয়াৰ দ্বাৰা ৫১৫ টা পদ পূৰণ কৰা হ’ব।

পদৰ বিৱৰণ

  • ফিটৰঃ ১৭৬ টা
  • ৱেল্ডৰঃ ৯৭ টা
  • টৰ্ণৰঃ ৫১টা
  • মেচিনিষ্ট: ১০৪টা পদ
  • ইলেক্ট্ৰিচিয়ানঃ ৬৫টা পদ
  • ইলেক্ট্ৰনিক্স মেকানিক: ১৮টা পদ
  • ফাউণ্ড্ৰিমেন: ৪টা পদ

অৰ্হতা

আবেদনকাৰী প্ৰাৰ্থীসকলে দশম শ্ৰেণীত উত্তীৰ্ণ হ’ব লাগিব আৰু লগতে সংশ্লিষ্ট বিভাগত ৰাষ্ট্ৰীয় বাণিজ্য প্ৰমাণপত্ৰ (এনটিচি/আইটিআই) আৰু ৰাষ্ট্ৰীয় এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট (এনএচি) থাকিব লাগিব। সাধাৰণ আৰু অ’বিচি প্ৰাৰ্থীৰ বাবে নূন্যতম ৬০ শতাংশ নম্বৰ আৰু অনুসূচিত জাতি আৰু অনুসূচিত জাতি প্ৰাৰ্থীৰ বাবে এনটিচি/আইটিআই আৰু এনএচি দুয়োটাতে ৫৫ শতাংশ নম্বৰ ।

বয়স

  • জেনেৰেল আৰু ইডব্লিউএছ- ২৭ বছৰ,
  • অ’বিচি (নন ক্ৰীমী লেয়াৰ)- ৩০ বছৰ
  • এছচি-এছটি- ৩২ বছৰ ।
  • ২০২৫ চনৰ ১ জুলাইৰ ভিত্তিত বয়স গণনা কৰা হ’ব।

BHEL Artisan Recruitment 2025 Official Notification

মাচুল

  • সাধাৰণ, ই ডব্লিউ এছ আৰু অ বি চিৰ বাবেঃ  ১০৭২ টকা
  • অনুসূচিত জাতি/জনজাতিৰ/পি ডব্লিউ ডি/প্ৰাক্তন সেনাবাহিনীৰ বাবেঃ ৪৭২ টকা।

প্ৰাৰ্থীসকলে অনলাইনৰ জৰিয়তে টকা পৰিশোধ কৰিব পাৰিব।

নিৰ্বাচন কেনেকৈ হ’ব আৰু দৰমহা

প্ৰাৰ্থীসকলক আৰ্টিছন গ্ৰেড-৪ ৰ অধীনত বাছনি কৰা হব। দুটা পৰীক্ষা অনুষ্ঠিত হ’ব।দুয়োটা পৰ্যায়তে কম্পিউটাৰ ভিত্তিক পৰীক্ষা আৰু দক্ষতা পৰীক্ষা ক্লিয়াৰ কৰি মেধা তালিকাত স্থান লাভ কৰিব লাগিব। ইয়াৰ পিছত নিৰ্বাচিত প্ৰাৰ্থীৰ নথি ভেৰিফিকেচন কৰা হ’ব। নিৰ্বাচিত প্ৰাৰ্থীয়ে ২৯,৫০০ টকাৰ পৰা ৬৫,০০০ টকাৰ পে স্কেলৰ ভিত্তিত দৰমহা লাভ কৰিব।

 

অন্য খবৰ পঢ়কঃ দিল্লীৰ যমুনা নদীৰ পাৰত উদ্ধাৰ উত্তৰ-পূবৰ যুৱতীৰ মৃতদেহ! দীৰ্ঘদিন ধৰি হৈ আছিল নিৰুদ্দেশ…

অনবৰতে হামিয়াই থকাটো কিহৰ লক্ষণ জানেনে?
শিৱক অৰ্পন কৰক এই বস্তু! পূৰণ হ'ব মনৰ সকলো কামনা...
শাওনৰ সোমবাৰত ভুলতো নকৰিব এই কাম! শিৱ হ'ব অসন্তুষ্ট...
ডিম্বাশয়ত কৰ্কট ৰোগ হ'লে প্ৰথমতে দেখা দিয়ে এইসমূহ লক্ষণ! আওকান নকৰিব