CBSEৰ সৈতে একত্ৰিত কৰা হ’ব নেকি ৰাজ্যিক শিক্ষা ব’ৰ্ড? সংসদত কেন্দ্ৰই দিলে এই উত্তৰ

দেশত চলি থকা বিভিন্ন ৰাজ্যিক শিক্ষা ব’ৰ্ডক CBSEৰ সৈতে একত্ৰিত কৰাৰ পৰিকল্পনা চলি আছে নেকি? এই সন্দৰ্ভত আজি লোকসভাতো এক প্ৰশ্নৰ উত্থাপন হয়। এই প্ৰশ্নৰ উত্তৰত কি ক’লে কেন্দ্ৰই, চাওক।

CBSEৰ সৈতে একত্ৰিত কৰা হ’ব নেকি ৰাজ্যিক শিক্ষা ব’ৰ্ড? সংসদত কেন্দ্ৰই দিলে এই উত্তৰ

সংসদত CBSE আৰু ৰাজ্যিক ব’ৰ্ডৰ একত্ৰীকৰণক লৈ আলোচনা

Updated On: 

04 Dec 2025 18:57 PM

শেহতীয়া সময়ছোৱাত দ্ৰুত সম্প্ৰসাৰণ ঘটিছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড, চমুকৈ CBSEৰ। বৰ্তমান সমগ্ৰ দেশতে পৰিচালিত হৈ আছে CBSEৰ অধীনস্থ শিক্ষানুষ্ঠানসমূহ। ইফালে বহু ৰাজ্যৰ ৰাজ্যিক শিক্ষা ব’ৰ্ডৰ অধীনস্থ বিদ্যালয়ো CBSEৰ সৈতে সংযুক্ত কৰা হৈছে। এনে পৰিস্থিতিত এই বিষয়ত বিগত সময়ছোৱাত যথেষ্ট চৰ্চা তথা আলোচনা দেখা গৈছে। এইক্ষেত্ৰত আটাইতকৈ চৰ্চিত প্ৰশ্নটি হৈছে, দেশত চলি থকা বিভিন্ন ৰাজ্যিক শিক্ষা ব’ৰ্ডক CBSEৰ সৈতে একত্ৰিত কৰাৰ পৰিকল্পনা চলি আছে নেকি? এই সন্দৰ্ভত আজি লোকসভাতো এক প্ৰশ্নৰ উত্থাপন হয়।

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড, চমুকৈ CBSE আৰু ৰাজ্যিক ব’ৰ্ডৰ একত্ৰীকৰণ সন্দৰ্ভত লোকসভাত সোধা হৈছিল এক প্ৰশ্ন। কেন্দ্ৰীয় চৰকাৰক উদ্দেশ্যি বিৰোধী সাংসদে কৰা এক লিখিত প্ৰশ্নৰ উত্তৰত সংসদত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে।

কি আছিল এই প্ৰশ্ন?

সংসদৰ শীতকালীন অধিৱেশনত ভিন্ন বিষয়ৰ ওপৰত কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰিছে বিৰোধীয়ে। আজি দেশৰ শিক্ষা ব্যৱস্থাক লৈ লোকসভাত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ক এক লিখিত প্ৰশ্ন কৰা হয়। নতুন শিক্ষা নীতি ২০২০ৰ অধীনত CBSE আৰু ৰাজ্যিক শিক্ষা ব’ৰ্ডক একত্ৰিত কৰা হ’ব নেকি, এই সন্দৰ্ভত কৰা হৈছিল প্ৰশ্ন।

কি ক’লে চৰকাৰে?

লোকসভাত সোধা এই লিখিত প্ৰশ্নৰ উত্তৰ দিয়ে কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে। তেওঁৰ ভাষ্য অনুসৰি CBSE আৰু ৰাজ্যিক ব’ৰ্ডসমূহক একত্ৰিত কৰা নহয়। তেওঁ লগতে নতুন শিক্ষা নীতিয়ে দেশৰ সকলো শিক্ষা ব’ৰ্ডক পূৰ্বৰ ১০+২ ব্যৱস্থাৰ স্থানত ৫+৩+৩+৪ গাঁথনি গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে।

জয়ন্ত চৌধুৰীয়ে লগতে নতুন শিক্ষা নীতিয়ে স্কুল ব’ৰ্ডক একত্ৰিত কৰাৰ চেষ্টা নকৰে বুলিও উল্লেখ কৰে। তেওঁ কয়, “NEPৰ লক্ষ্য হৈছে প্ৰতিটো ব’ৰ্ডক নিজৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত কাম কৰিবলৈ অনুমতি দিয়া। বয়স অনুসৰি শিক্ষণ আৰু পাঠ্যক্ৰমৰ প্ৰান্তিককৰণ নিশ্চিত কৰাটোও NEPৰ লক্ষ্য।”

প্ৰস্তুত কৰা হৈছে PARAKH

কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে সদনত কয় যে মন্ত্ৰালয়ে ছাত্ৰ-ছাত্ৰীৰ মূল্যায়নত গুৰুত্ব আৰোপ কৰিছে। এই ক্ষেত্ৰত নিয়ম, গাইডলাইন প্ৰস্তুত কৰা আৰু স্কুল মূল্যায়নৰ গুণগত মান উন্নত কৰাৰ উদ্দেশ্যে ২০২৩ চনৰ ৮ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় সংস্থাৰ ৰূপত নেচনেল এচেছমেণ্ট চেণ্টাৰ, PARAKH গঠন কৰা হৈছে বুলি তেওঁ লগতে কয়।

দেহত হিম’গ্লবিন কম হ’লে দেখা দিব পাৰে এই ৭টা লক্ষণ, এতিয়াই জানি লওক
শতকৰ হেট্ৰিক! বিৰাট কৃতিত্ব অৰ্জনেৰে শচীনকো পিছ পেলালে ‘কিং’ কোহলীয়ে
কমলা খাই পেলাই নিদিব বাকলি, কমলাৰ লগতে বাকলিৰ উপকাৰী গুণৰ বিষয়ে জানি হ'ব আচৰিত!
ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ কি কি স্বাস্থ্য উপকাৰিতা আছে জানি লওক
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...