কৃষ্ণচূড়া নগৰীত বলিছে নিৰ্বাচনৰ বতাহঃ প্ৰকাশ পালে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা, এইবাৰ দেখা যাব এনে নতুনত্ব…

আজি তালিকা ঘোষণা কৰা পাছতেই অহা ২৩ ছেপ্টেম্বৰলৈকে প্ৰাৰ্থীসকলে প্ৰচাৰ চলাব পাৰিব। আনহাতে ২৩ ছেপ্টেম্বৰত বিশ্ববিদ্যালয়ৰ বিৰিঞ্চিকুমাৰ বৰুৱা প্ৰেক্ষাগৃহত 'মুকলি তৰ্ক' অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব নিৰ্বাচনৰ ভোটগ্ৰহণ।

কৃষ্ণচূড়া নগৰীত বলিছে নিৰ্বাচনৰ বতাহঃ প্ৰকাশ পালে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা, এইবাৰ দেখা যাব এনে নতুনত্ব...

গুৱাহাটী বিশ্ববিদ্যালয়

Updated On: 

18 Sep 2025 22:57 PM

কৃষ্ণচূড়া নগৰীত বলিছে নিৰ্বাচনৰ গৰম বতাহ। কিয়নো আহি আছে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ এই বৰ্ষৰ সাধাৰণ নিৰ্বাচন। এই নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল কৰে প্ৰাৰ্থীসকলে। অহা ২৫ ছেপ্টেম্বৰত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। স্নাতকোত্তৰ ছাত্ৰ সন্থা (PGSU) ২০২৫-২৬ বৰ্ষৰ নিৰ্বাচনৰ বাবে আজি প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ পায়। এই নিৰ্বাচনত সৰ্বমুঠ ১৫টা পদত ৪৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব।

ইয়াৰে সভাপতি পদত ৩ গৰাকী আৰু উপ-সভাপতি পদত ২ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দিতাত নামিব। আনহাতে সাধাৰণ সম্পাদক পদত ২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। উল্লেখ্য যে, এইবাৰ স্নাতক মহলাৰ শিক্ষাৰ্থীক পোনপ্ৰথমবাৰৰ বাবে ভোটদান কৰাৰ লগতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সুযোগ দিয়া হৈছে।

ফলস্বৰূপে এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাত থাকিব দুটাকৈ সহকাৰী সম্পাদকৰ পদ। ইয়াৰে স্নাতকোত্তৰ শাখাৰ সহকাৰী সম্পাদক আৰু স্নাতক শাখাৰ সহকাৰী সম্পাদকৰ পদত ৩ গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। ইয়াৰোপৰি সুকুমাৰ কলা আৰু ক্ৰীড়া সম্পাদকৰ পদ দুটা স্নাতক মহলাৰ বাবে সংৰক্ষিত ৰখা হৈছে।

প্ৰাৰ্থী তালিকা

প্ৰাৰ্থী তালিকা

আজি তালিকা ঘোষণা কৰা পাছতেই অহা ২৩ ছেপ্টেম্বৰলৈকে প্ৰাৰ্থীসকলে প্ৰচাৰ চলাব পাৰিব। আনহাতে ২৩ ছেপ্টেম্বৰত বিশ্ববিদ্যালয়ৰ বিৰিঞ্চিকুমাৰ বৰুৱা প্ৰেক্ষাগৃহত ‘মুকলি তৰ্ক’ অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব নিৰ্বাচনৰ ভোটগ্ৰহণ।

ইফালে ২৬ ছেপ্টেম্বৰত নিৰ্বাচনৰ ভোটগণনা আৰু ফলাফল ঘোষণা কৰা হ’ব। উল্লেখ্য যে এইবাৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ আটাইকেইটা পদতেই আছু, এনএছইউআই, এবিভিপি,অসম ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে নিৰ্দলীয়ভাৱেও বহু প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

কিদৰে পালন কৰিব নৱৰাত্ৰিৰ ব্ৰত? নকৰিব এইকেইটা ভুল!
বৃক্ক অসুস্থ মানেই জীৱনৰ বিঘিনি! দৈনিক খাওক এই ৯ টা ফল, বৃক্ক হৈ থাকিব সুস্থ
মেথি গুটিয়ে দূৰ কৰিব আপোনাৰ চুলিৰ সমস্যা, মাথোঁ কৰক এইদৰে ব্যৱহাৰ...
আমেৰিকাত কিমান সংখ্যক মুছলিম লোকে বাস কৰে জানেনে? জানক...