FSSAI ত ওলাইছে চাকৰি, দৰমহা ২ লাখতকৈ অধিক, কেনেকৈ আবেদন কৰিব জানক…

আপুনিও চাকৰি বিচাৰি আছে নেকি? তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। কিয়নো ওলাইছে কেইবাটাও বিভাগত চাকৰি। এই পদৰ বাবে যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন কৰিব পাৰিব।

FSSAI ত ওলাইছে চাকৰি, দৰমহা ২ লাখতকৈ অধিক, কেনেকৈ আবেদন কৰিব জানক...

প্ৰতিনিধিত্বমূলক ছবি

Published: 

13 Apr 2025 17:22 PM

চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। কিয়নো ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণ ((FSSAI) য়ে প্ৰশাসনিক বিষয়াকে ধৰি বিভিন্ন পদত নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে। গতিকে যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীয়ে FSSAI fssai.gov.in ৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। ১৫ এপ্ৰিলৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু ৩০ এপ্ৰিলত শেষ হ’ব। এই নিযুক্তি অভিযানৰ অধীনত ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণত মুঠ ৩৩টা পদ পূৰণ কৰা হ’ব।

পদসমূহ

  • পৰিচালক: ২টা পদ
  • যুটীয়া সঞ্চালকঃ ৩টা পদ
  • জ্যেষ্ঠ প্ৰবন্ধক: ২টা পদ
  • মেনেজাৰ: ৪টা পদ
  • সহকাৰী সঞ্চালক: ১টা পদ
  • প্ৰশাসনিক বিষয়াঃ ১০টা পদ
  • জ্যেষ্ঠ ব্যক্তিগত সচিবঃ ৪টা পদ
  • সহকাৰী পৰিচালক: ১টা পদ
  • সহায়ক: ৬টা পদ

আবেদন প্ৰক্ৰিয়া

এফ এছ এছ এ আইৰ মতে, অফলাইনো প্ৰেৰণ কৰিব লাগিব আবেদন পত্ৰ। অনলাইন আবেদনৰ হাৰ্ড কপি,  নিয়োগকৰ্তা/কেডাৰ নিয়ন্ত্ৰণ কৰ্তৃপক্ষই নিৰ্ধাৰিত ফৰ্মেটত দিয়া প্ৰমাণপত্ৰ আৰু অন্যান্য সহায়ক প্ৰমাণপত্ৰ/নথিপত্ৰ সঠিক চেনেলৰ জৰিয়তে এফ এছ এছ এ আইৰ মুখ্য কাৰ্যালয়, ৩১২, ৩য় মহলা, এফ ডি এ ভৱন, কোটলা ৰোড নতুন দিল্লীৰ সহকাৰী সঞ্চালকলৈ প্ৰেৰণ কৰিব লাগিব।

FSSAI Recruitment 2025 Official Notification

যোগ্যতা

প্ৰতিটো পদৰ বাবে যোগ্যতা বেলেগ বেলেগ।  সঞ্চালক পদৰ বাবে বিশ্ববিদ্যালয় বা স্বীকৃতিপ্ৰাপ্ত গৱেষণা প্ৰতিষ্ঠান বা ৰাজহুৱা খণ্ডৰ উদ্যোগ বা অৰ্ধচৰকাৰী, বিধিগত বা স্বায়ত্তশাসিত সংস্থাৰ বিষয়াসকলে আবেদন কৰিব পাৰে।  কমেও ৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। ইয়াৰ উপৰিও যিসকলৰ প্ৰশাসন, বিত্ত, মানৱ সম্পদ উন্নয়ন বা/আৰু সতৰ্কতা বিভাগৰ ১৫ বছৰৰ অভিজ্ঞতা আছে তেওঁলোকেও ইয়াৰ বাবে আবেদন কৰিব পাৰে।

একেদৰে কোনোবাই যদি সহায়ক পদৰ বাবে আৱেদন কৰিব বিচাৰে, তেন্তে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় শাসিত অঞ্চল বা চৰকাৰী বিশ্ববিদ্যালয় বা স্বীকৃতিপ্ৰাপ্ত গৱেষণা প্ৰতিষ্ঠান বা ৰাজহুৱা খণ্ডৰ উদ্যোগ বা অৰ্ধচৰকাৰী, বিধিগত বা স্বায়ত্তশাসিত সংস্থাৰ বিষয়া হিচাপে ১০ বছৰৰ অভিজ্ঞতা থাকিব লাগিব বা একেটা পদতে প্ৰশাসন, মানৱ সম্পদ উন্নয়ন বা সতৰ্কতা বিভাগৰ ৩ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

দৰমহা

এই পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে প্ৰতিমাহে ১,২৩,১০০ টকাৰ পৰা ২,১৫,৯০০ টকাৰ ভিতৰত দৰমহা লাভ কৰিব।

 

অধিক জানিবলৈ প্ৰাৰ্থীসকলে  fssai.gov.in  চাব পাৰে।

 

অন্য খবৰ পঢ়কঃ CISF ত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

 

ধনী হ'ব বিচাৰে নেকি? ঘৰৰ পৰা আজিয়ে আঁতৰ কৰক এই ৬ বিধ বস্তু...
পাত কচুৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি? জানিলে কেতিয়াও নকৰে উলাই
খালী পেটত ফল খালে হ'ব পাৰে এই সমস্যা, জানক...
এই ৬ বিধ খাদ্যই কম কৰে হৃদৰোগৰ সম্ভাৱনা, জানক...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা