প্ৰাক্তন প্ৰতিৰক্ষা সচিব অজয় কুমাৰক UPSCৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি, তেওঁৰ কৰ্মজীৱন আৰু শিক্ষা সম্পৰ্কে জানক…
UPSC chairman IAS Ajay Kumar Profile: অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া অজয় কুমাৰক UPSCৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। কেৰেলাৰ কেডাৰৰ ১৯৮৫ বেটচৰ বিষয়া আছিল তেওঁ। আইআইটি কানপুৰৰ পৰা আৰম্ভ কৰি আমেৰিকাটো অধ্যয়ন কৰিছে। আমেৰিকাৰ মিনেছ’টা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী আৰু পি এইচ ডি লাভ কৰে।

অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া অজয় কুমাৰ
প্ৰাক্তন প্ৰতিৰক্ষা সচিব অজয় কুমাৰক কেন্দ্ৰীয় লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। ২৯ এপ্ৰিলত প্ৰীতি চুডানৰ কাৰ্যকাল শেষ হোৱাৰ পিছত UPSC ৰ অধ্যক্ষৰ পদ খালী হৈ পৰে।কেন্দ্ৰীয় কৰ্মচাৰী মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি অজয় কুমাৰৰ নিযুক্তিৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে অনুমোদন জনাইছে। ১৯৮৫ চনৰ কেৰেলাৰ কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰে ২০১৯ চনৰ ২৩ আগষ্টৰ পৰা ২০২২ চনৰ ৩১ অক্টোবৰলৈকে প্ৰতিৰক্ষা সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৰ্বাধিক দিন সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰাক্তন আই এ এছ বিষয়া অজয় কুমাৰ। ইয়াৰ উপৰিও তেওঁ প্ৰতিৰক্ষা উৎপাদন বিভাগত সচিব হিচাপেও কাম কৰি আহিছে। ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব আৰু ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক প্ৰধানকে ধৰি কেইবাটাও পদত অধিষ্ঠিত হৈ আহিছে তেওঁ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ২০১৪ চনত ডিজিটেল ইণ্ডিয়াৰ পদক্ষেপ ৰূপায়ণ কৰা দলটোৰো তেওঁ আছিল অজয় কুমাৰ।
কিমান শিক্ষিত?
অজয় কুমাৰ আই আই টি কানপুৰ আৰু ইউনিভাৰ্চিটি অৱ মিনেছ’টাৰ প্ৰাক্তন ছাত্ৰ। আই আই টি কানপুৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত ডিগ্ৰী লাভ কৰিছে তেওঁ। ইয়াৰ পিছত তেওঁ অধিক অধ্যয়নৰ বাবে মিনেছ’টা ইউনিভাৰ্চিটি অৱ আমেৰিকালৈ যায়। তাতে তেওঁ ডেভেলপমেণ্ট ইকনমিক্সত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু তাৰ পিছত একেখন বিশ্ববিদ্যালয়ৰ কাৰ্লছন স্কুল অৱ মেনেজমেণ্টৰ পৰা বিজনেছ এডমিনিষ্ট্ৰেচনত পি এইচ ডিও লাভ কৰে।
পঢ়া-শুনা শেষ কৰি পুনৰ ভাৰতলৈ আহি ইউপিএছচি পৰীক্ষাত অৱতীৰ্ণ হয়। পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ আইএএছ অফিচাৰ হয়। তেওঁক কেৰেলাৰ কেডাৰ হিচাপে আবণ্টন দিয়া হৈছিল। নিজৰ সেৱাৰ তিনিটা দশক কেৰালাত কটাইছিল অজয় কুমাৰে। ২০০৭ চনৰ পৰা ২০১০ চনলৈকে কেৰালা চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগৰ প্ৰধান সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
UPSC ত কিমান সদস্য আছে?
কেন্দ্ৰীয় লোকসেৱা আয়োগ অৰ্থাৎ UPSC য়ে IAS (ভাৰতীয় প্ৰশাসনিক সেৱা), IFS (ভাৰতীয় বিদেশ সেৱা) আৰু IPS (ভাৰতীয় আৰক্ষী সেৱা) আৰু বিভিন্ন বিভাগৰ বিষয়া নিৰ্বাচনৰ বাবে অসামৰিক সেৱা পৰীক্ষা অনুষ্ঠিত কৰে। ইয়াৰ নেতৃত্বত আছে এজন অধ্যক্ষ, যাৰ দায়িত্ব এতিয়া অজয় কুমাৰে ল’ব।UPSCত সৰ্বাধিক ১০ জন সদস্য থাকিব পাৰS। ৬ বছৰৰ বাবে বা ৬৫ বছৰ বয়স নোপোৱালৈকে UPSC ৰ অধ্যক্ষ নিযুক্তি দিয়া হয়।