এটা ভাল চাকৰি বিচাৰিছে নেকি? এইসমূহ দক্ষতা যদি আছে, তেন্তে টকাই টকা হ’ব আপোনাৰ

কেৰিয়াৰত দ্ৰুতগতিত আগবাঢ়ি যাবলৈ আৰু নেতৃত্বৰ ভূমিকাত উপনীত হ’বলৈ অভিযন্তাসকলে নতুন দক্ষতা আহৰণ কৰিব লাগিব । টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদনত ৫টা আপস্কিলিং পাঠ্যক্ৰমৰ কথা উল্লেখ কৰা হৈছে যিয়ে অভিযন্তাৰ কেৰিয়াৰত যথেষ্ট পৰিৱৰ্তন আনিব পাৰে ।

এটা ভাল চাকৰি বিচাৰিছে নেকি? এইসমূহ দক্ষতা যদি আছে, তেন্তে টকাই টকা হব আপোনাৰ

প্ৰতীকী ছবি

Updated On: 

03 May 2025 15:35 PM

আজিৰ প্ৰতিযোগিতামূলক চাকৰিৰ বজাৰখনত কেৱল অভিযান্ত্ৰিক ডিগ্ৰী এটাই যথেষ্ট নহয় । আপোনাৰ কেৰিয়াৰত দ্ৰুতগতিত আগবাঢ়ি যাবলৈ আৰু নেতৃত্বৰ ভূমিকাত উপনীত হ’বলৈ আপুনি নতুন দক্ষতা আহৰণ কৰিব লাগিব । টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদনত ৫টা আপস্কিলিং পাঠ্যক্ৰমৰ কথা উল্লেখ কৰা হৈছে যিয়ে অভিযন্তাৰ কেৰিয়াৰত যথেষ্ট পৰিৱৰ্তন আনিব পাৰে ।

১. মেচিন লাৰ্নিং (ML) আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI)

বৰ্তমান এই দুটা ক্ষেত্ৰ প্ৰযুক্তি জগতত আগশাৰীত আছে । কম্পিউটাৰ ভিজন, নেচাৰেল লেংগুৱেজ প্ৰচেছিং, আৰু ডিপ লাৰ্ণিং আদি বিষয়ত দক্ষতা অৰ্জন কৰিলে অভিযন্তাসকলে বিভিন্ন হাই-প্ৰফাইল প্ৰকল্পত কাম কৰাৰ সুযোগ পাব ।

২. ক্লাউড কম্পিউটিং

AWS, Azure, আৰু GCPৰ দৰে ক্লাউড প্লেটফৰ্মৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে । ক্লাউড আৰ্কিটেকচাৰ, ডিপ্লয়মেণ্ট, আৰু মেনেজমেণ্টত দক্ষ অভিযন্তাসকলক বিভিন্ন সংস্থাত উচ্চ দৰমহাত নিযুক্তি দিয়া হৈছে ।

৩. ডাটা ছায়েন্স আৰু বিগ ডাটা এনালাইটিক্স

অভিযন্তাসকলে Python, R আৰু SQL-ৰ দৰে সঁজুলি ব্যৱহাৰ কৰি তথ্য বিশ্লেষণ আৰু দৃশ্যায়নৰ দক্ষতা আহৰণ কৰি এটা সংস্থাৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত মূল ভূমিকা পালন কৰিব পাৰে ।

৪. চাইবাৰ নিৰাপত্তা

চাইবাৰ ভাবুকিৰ বিৰুদ্ধে যুঁজিবলৈ দক্ষ পেছাদাৰীৰ চাহিদা বৃদ্ধি পাইছে । এথিকেল হেকিং, নেটৱৰ্ক সুৰক্ষা, আৰু ইন্সিডেন্ট ৰেচপনচৰ দৰে পাঠ্যক্ৰমে এই ক্ষেত্ৰৰ বাবে অভিযন্তাসকলক প্ৰস্তুত কৰাত সহায় কৰে ।

৫. ব্লকচেইন প্ৰযুক্তি

যদিও ব্লকচেইন এতিয়াও বিকশিত হৈ আছে, ইয়াৰ সম্ভাৱনা বিশাল । হাইপাৰলেজাৰ ফেব্ৰিক বা ইথেৰিয়ামৰ দৰে প্লেটফৰ্মত দক্ষতা অৰ্জন কৰিলে ভৱিষ্যতৰ বিভিন্ন প্ৰযুক্তিৰ পদক্ষেপত অংশগ্ৰহণ কৰাৰ সুযোগ মুকলি হয় ।

লঘু দক্ষতাৰ গুৰুত্ব

কাৰিকৰী দক্ষতাৰ লগতে প্ৰকল্প পৰিচালনা, যোগাযোগ দক্ষতা, ব্যৱসায়িক বুদ্ধিমত্তাৰ দৰে দক্ষতাও কেৰিয়াৰৰ উন্নতিৰ বাবে অপৰিহাৰ্য । Agile বা PRINCE2ৰ দৰে প্ৰকল্প পৰিচালনা পাঠ্যক্ৰমৰ লগতে ফলপ্ৰসূ যোগাযোগ আৰু আলোচনাৰ প্ৰশিক্ষণে অভিযন্তাসকলক নেতৃত্বৰ ভূমিকাৰ বাবে প্ৰস্তুত কৰে ।

অভিযান্ত্ৰিক জগতখনত সফল হ’বলৈ কেৱল কাৰিকৰী দক্ষতাই নহয়, লঘু দক্ষতাৰ সংমিশ্ৰণৰ প্ৰয়োজন । ওপৰৰ পাঠ্যক্ৰমসমূহ অনুসৰণ কৰি অভিযন্তাসকলে নিজৰ কেৰিয়াৰত নতুন উচ্চতাত উপনীত হ’ব পাৰে ।

শৰীৰত প্ৰ’টিনৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে...
সঁচা প্ৰমাণিত হ'ল বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! ভাৰত-পাক যুদ্ধক লৈ কি কৈছিল বাবা ভাংগাই? | Baba Venga prediction about India Pakistan war 0peration Sindoor India Strike on Pakistan
চুলি সৰা আৰু উফিৰ নিয়ন্ত্ৰণ, মাথোঁ এইদৰে ব্যৱহাৰ কৰক মেথি গুটি
চকীত বহি ঘণ্টাৰ পিছত ঘণ্টা কাম কৰি শৰীৰত বিষ অনুভৱ হৈছে নেকি? তেন্তে শীঘ্ৰে কৰক এই কাম