আজি নৌসেনা দিৱস, ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক ৩ ডিচেম্বৰৰ দিনটোত ঘটা ঘটনা-পৰিঘটনা…

আজি ৪ ডিচেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈছে। আজি সমগ্ৰ দেশে পালন কৰিছে নৌসেনা দিৱস। চাওঁ আহক ৩ ডিচেম্বৰৰ দিনটোত ঘটা ঘটনা-পৰিঘটনা।

আজি নৌসেনা দিৱস, ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক ৩ ডিচেম্বৰৰ দিনটোত ঘটা ঘটনা-পৰিঘটনা…
Published: 

04 Dec 2025 | 08:50 AM

১৯৭১ চনৰ ভাৰত-পাকিস্তানী যুদ্ধত অপাৰেচন ট্ৰাইডেণ্টৰ সফলতাক উদযাপন কৰা ভাৰতীয় নৌসেনা দিৱসৰ সৈতে ৪ ডিচেম্বৰৰ ইতিহাস জড়িত হৈ আছে। ১৯৭১ চনত কৰাচী আক্ৰমণত ভাৰতীয় নৌসেনাৰ বীৰত্বৰ স্মৃতিত আৰু ভাৰতীয় নৌসেনাৰ অৱদান আৰু সাফল্যক স্বীকৃতি দিয়াৰ লগতে দেশৰ সেৱাৰ সময়ত প্ৰাণ আহুতি দিয়া সকলো নৌসেনাৰ জোৱানক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে ৪ ডিচেম্বৰত ভাৰতীয় নৌসেনা দিৱস পালন কৰা হয়। ইয়াৰ লগতে বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে।

ইতিহাসৰ পাতত আজিৰ দিনটো

  1. ১৭৯৬ চনত দ্বিতীয় বাজীৰাওক পেশ্বৱাৰ মুকুট পিন্ধোৱা হয়।
  2. ১৮২৯ চনত ভাইচৰয় লৰ্ড উইলিয়াম বেন্টিংকে সতী প্ৰথা বিলুপ্ত কৰাৰ কথা ঘোষণা কৰে।
  3. ১৮৬০ চনত গোৱাৰ মাৰ্গাওৰ বাসিন্দা অগষ্টিনো ল’ৰেঞ্চোৱে পেৰিছ বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰে। বিদেশৰ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন ভাৰতীয়।
  4. ১৯৭৭ চনত ইজিপ্তৰ বিৰুদ্ধে আৰব ফ্ৰণ্ট গঠন হয়।
  5. ১৯৮৪ চনত হিজবুল্লাহৰ সন্ত্ৰাসবাদীয়ে কুৱেইট এয়াৰলাইন্সৰ এখন বিমান অপহৰণ কৰি চাৰিজন যাত্ৰীক হত্যা কৰে।
  6. ১৯৯১ চনত লেবাননত থকা শেষৰজন আমেৰিকান পণবন্দীক সাত বছৰ বন্দীত্বৰ অন্তত মুকলি কৰি দিয়া হয়।
  7. ১৯৯৬ চনত মাৰ্কিন মহাকাশ সংস্থা নাছাই মংগল গ্ৰহৰ পৃষ্ঠ অধ্যয়নৰ বাবে আন এখন মহাকাশযান মংগল পাথফাইণ্ডাৰ উৎক্ষেপণ কৰে।
  8. ১৯৬৭ চনৰ আজিৰ দিনটোতে থুম্বাৰ পৰা নিক্ষেপ কৰা হয় ৰোহিনী আৰ এইচ ৭৫।
  9. ২০০৮ চনত প্ৰখ্যাত ইতিহাসবিদ তথা প্ৰাচীন ভাৰতীয় ইতিহাসৰ পণ্ডিত ৰোমিলা থাপাৰক ক্লাউজ বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...