ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা

আজি ১ ডিচেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ইতিহাসত ১ ডিচেম্বৰত লিপিবদ্ধ হোৱা গুৰুত্বপূৰ্ণ পৰিঘটনা চাওঁ আহক।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা
Published: 

01 Dec 2025 09:31 AM

বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ বাবে ১ ডিচেম্বৰৰ তাৰিখটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ১৯৬৩ চনৰ আজিৰ দিনটোতে নাগালেণ্ড ভাৰতৰ ১৬ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হয়। ১৯৬৫ চনৰ আজিৰ দিনটোতে সীমান্ত সুৰক্ষা বাহিনী (BSF) প্ৰতিষ্ঠা কৰা হয়।

১৯৫৫ চনত আলাবামাত বাছত যাত্ৰা কৰি থকা ৰোজা পাৰ্কছ নামৰ এগৰাকী কৃষ্ণাংগ মহিলাই বগা ৰঙৰ যাত্ৰী এজনক নিজৰ আসন এৰি দিবলৈ অস্বীকাৰ কৰিছিল। চৰকাৰী নিয়ম উলংঘা কৰাৰ বাবে জৰিমনা বিহা হৈছিল তেওঁক। এই কাণ্ডৰ ফলত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয় আৰু মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ নেতৃত্বত কৃষ্ণাংগ সম্প্ৰদায়ৰ সদস্যসকলে ৩৮১ দিন ধৰি বাছ বৰ্জন কৰে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ইতিহাসত ১ ডিচেম্বৰত লিপিবদ্ধ হোৱা অন্যান্য গুৰুত্বপূৰ্ণ পৰিঘটনা চাওঁ আহক।

দিনটোৰ ইতিহাস

  • ১৭৬১ চনত মোমৰ সংগ্ৰহালয়ৰ প্ৰতিষ্ঠাপক মেডাম টুছ’ডৰ জন্ম হয়।
  • ১৮৮৬ চনত সমাজ সংস্কাৰক ৰাজা মহেন্দ্ৰ প্ৰতাপৰ জন্ম হয়।
  • ১৯৫৫ চনত কৃষ্ণাংগ মহিলা ৰোজা পাৰ্কছে এজন বগা ৰঙৰ যাত্ৰীক নিজৰ আসন এৰি দিবলৈ অস্বীকাৰ কৰে। এই বিষয়টোৱে পাছলৈ যথেষ্ট চৰ্চা লাভ কৰিছিল।
  • ১৯৫৯ চনত এন্টাৰ্কটিকা মহাদেশখনক সকলো সামৰিক কাৰ্যকলাপৰ পৰা মুক্ত কৰি ৰখা আৰু বৈজ্ঞানিক গৱেষণাৰ বাবে সুৰক্ষিত ৰখাৰ প্ৰতিশ্ৰুতি দি বাৰখন দেশে এন্টাৰ্কটিক চুক্তি স্বাক্ষৰ কৰে।
  • ১৯৫৯ চনত মহাকাশৰ পৰা পৃথিৱীৰ প্ৰথম ৰঙীন ফটো তোলা।
  • ১৯৬৩ চনত নাগালেণ্ড ভাৰতৰ ১৬ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হয়।
  • ১৯৬৫ চনত সীমান্ত সুৰক্ষা বাহিনী গঠন কৰা হয়।
  • ১৯৭৩ চনত ইজৰাইলৰ প্ৰতিষ্ঠাপক ডেভিদ বেন গুৰিয়ানৰ মৃত্যু হয়।
  • ১৯৮৭ চনত ড° নাজিবুল্লাহ নতুন সংবিধানৰ অধীনত আফগানিস্তানৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।
  • ১৯৮৮ চনত বাংলাদেশত ঘূৰ্ণীবতাহৰ ফলত ৫৯৬ জন লোকৰ মৃত্যু হয়, যাৰ ফলত ডেৰ লাখ লোক গৃহহীন হৈ পৰে।
  • ২০০২ চনত ইংলেণ্ডে একেৰাহে অষ্টমবাৰৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এছেছ টেষ্ট শৃংখলাত পৰাস্ত হয়।
লিভাৰৰ প্ৰধান শত্ৰু এই ৫ বিধ খাদ্য, খোৱাৰ পূৰ্বে ভাবক...
যৌন সংগমৰ ফলত গুপ্তাংগত সংক্ৰমণ হ'ব পাৰে নেকি? জানক বিশেষজ্ঞই কি কয়
প্ৰতিদিনে খালী পেটত তুলসী পাত চোবালে কি লাভ হয়? জানক সকলো...
এই ৫টা অভ্যাসে প্ৰভাৱিত কৰে পুৰুষৰ প্ৰজনন ক্ষমতাক! জানক সকলো...
নিশা ৰাজ্যিক চিৰিয়াখানাৰ পৰা ওলাই আহিল হৰিণ
ডিব্ৰুগড় বিমানবন্দৰত অভিনেত্রী ছানী লিয়নী
বিজেপিক চৰকাৰে ভূমি আবণ্টন দিয়াক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া
মন্ত্ৰী বিমল বড়াক কটাক্ষ অখিল গগৈৰ