যুৱ প্ৰজন্মৰ বাবে কেন্দ্ৰৰ মেৰা যুৱ ভাৰত পৰ্টেলঃ কিদৰে লাভ কৰিব সুবিধা, চাওক…

যুৱক-যুৱতীসকলৰ মাজত অভিজ্ঞতাভিত্তিক শিক্ষণক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে এক নতুন মঞ্চ প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ লগত সংগতি ৰাখি মেৰা যুৱ ভাৰত পৰ্টেল নামৰ এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰই।

যুৱ প্ৰজন্মৰ বাবে কেন্দ্ৰৰ মেৰা যুৱ ভাৰত পৰ্টেলঃ কিদৰে লাভ কৰিব সুবিধা, চাওক…

ছাত্ৰ-ছাত্ৰীৰ হ’ব সুবিধা

Updated On: 

29 Nov 2024 20:59 PM

দেশৰ যুৱ প্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক নতুন পদক্ষেপ। যুৱক-যুৱতীসকলৰ মাজত অভিজ্ঞতাভিত্তিক শিক্ষণক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে এক নতুন মঞ্চ প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ লগত সংগতি ৰাখি মেৰা যুৱ ভাৰত পৰ্টেল নামৰ এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰই। যুৱ পৰিক্ৰমা বিভাগে প্ৰস্তুত কৰা মেৰা যুৱ ভাৰত পৰ্টেলে ছাত্ৰ-ছাত্ৰী, শিক্ষা প্ৰতিষ্ঠান আৰু স্বেচ্ছাসেৱকসকলক বিভিন্ন শিক্ষণ আৰু সমাজ সেৱাৰ সুযোগৰ সৈতে সংযোগ কৰিবলৈ এক প্ৰতিষ্ঠানিক মঞ্চ প্ৰদান কৰিব।

এই পৰ্টেলটোৰ জৰিয়তে যুৱক-যুৱতীসকলক দলীয় কাৰ্য, সমস্যা সমাধান, আৰু যোগাযোগৰ দৰে গুৰুত্বপূৰ্ণ দিশত দক্ষতা বিকাশ কৰিব পৰা কাৰ্যকলাপত জড়িত হোৱাৰ সুযোগ প্ৰদান কৰা হ’ব। মূলতঃ এনে উদ্দেশ্যতে এই মেৰা যুৱ ভাৰত পৰ্টেল ডিজাইন কৰা হৈছে। হাতে কামে লাভ কৰা অভিজ্ঞতাৰ জৰিয়তে আহৰণ কৰা এই দক্ষতাসমূহ ব্যক্তিগত আৰু পেছাদাৰী ক্ষেত্ৰত বিকাশৰ বাবে অতি প্ৰয়োজনীয়।

ছাত্ৰ-ছাত্ৰীসকলে এই কাৰ্যকলাপসমূহত অংশগ্ৰহণক তেওঁলোকৰ শৈক্ষিক ক্ৰেডিট পইণ্টলৈ ৰূপান্তৰিত কৰিব পাৰে। ইয়াৰ ফলতছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষণ অভিজ্ঞতা অধিক মূল্যৱান হৈ পৰে। বিদ্যালয়, মহাবিদ্যালয়, আৰু অন্যান্য শিক্ষানুষ্ঠানসমূহে মেৰা যুৱ ভাৰত পৰ্টেলত পঞ্জীয়ন কৰি ইয়াৰ দ্বাৰা লাভৱান হ’ব পাৰিব। এবাৰ পঞ্জীয়ন কৰাৰ পিছত প্ৰতিষ্ঠানসমূহে এটা নিৰ্দিষ্ট ৱেবপেজ লাভ কৰিব।

এইদৰে নিৰ্দিষ্ট ৱেবপেজ লাভ কৰাৰ ফলত শৈক্ষিক প্ৰতিষ্ঠানসমূহে ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন শিক্ষাৰ্থী, আৰু যুৱ-কেন্দ্ৰিক সংস্থাসমূহৰ ৰাষ্ট্ৰীয় নেটৱৰ্কৰ সৈতে সংযোগ স্থাপনৰ ক্ষেত্ৰত অধিক সুবিধা লাভ কৰিব। এই পদক্ষেপৰ লক্ষ্য হৈছে যুৱক-যুৱতীসকলৰ সৈতে সম্পৰ্ক উন্নত কৰা আৰু এই প্ৰতিষ্ঠানসমূহে আগবঢ়োৱা বিভিন্ন কাৰ্যকলাপ আৰু কাৰ্যসূচীসমূহ প্ৰচাৰ কৰি সমগ্ৰ ভাৰতত ইয়াৰ প্ৰসাৰতা বৃদ্ধি কৰা।

ছাত্ৰ-ছাত্ৰীসকলে এই পৰ্টেলত কাউণ্ট সৃষ্টি কৰি অভিজ্ঞতাভিত্তিক শিক্ষণৰ সুযোগসমূহৰ সন্ধান কৰিব পাৰে সমাজ সেৱা তথা স্বেচ্ছাসেৱী পদক্ষেপৰ বাবে পঞ্জীয়ন কৰিব পাৰে। এই কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰি তেওঁলোকে মূল্যৱান দক্ষতা লাভ কৰে আৰু ক্ৰেডিট পইণ্ট লাভ কৰিব পাৰে। ইয়াৰ ফলত তেওঁলোকৰ শৈক্ষিক আৰু ব্যক্তিগত বিকাশ সাধনত সহায়ক হ’ব।

সমান্তৰালকৈ শিক্ষানুষ্ঠানসমূহেও বিভিন্ন কাৰ্যসূচীসমূহ প্ৰদৰ্শনৰ বাবে এটা প্ৰফাইল পেজ তৈয়াৰ কৰি পঞ্জীয়ন কৰিব পাৰে আৰু এইদৰে ছাত্ৰ-ছাত্ৰীসকলৰ বিকাশৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা প্ৰকাশ কৰিব পাৰে। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে তথা পঞ্জীয়ন কৰিবলৈ মেৰা যুৱ ভাৰত পৰ্টেল চাব পাৰে।

নতুন বছৰতে লওক এইসমূহ অভ্যাস ত্যাগৰ পণ, অন্যথা ভুগিব লাগিব উচ্চ ৰক্তচাপৰ সমস্যাত
তেজৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক সংকেত, এই ৫ টা লক্ষণে দেখা দিলে সাৱধান হওক
ভাৰতৰ কোনখন ৰাজ্যত সবাতোকৈ বেছি কণ্ডম বিক্ৰী হয়? জানক...
উপহাসৰ সামগ্ৰী নহয় মূলা, এনে গুণাৱলীৰে শীতকালৰ ছুপাৰফুড এইবিধ পাচলি
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...
বেদখলকাৰীক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...