আপুনিও সাজু হৈছে নেকি CTETৰ বাবে? ঘোষণা হ’ল পৰীক্ষাৰ তাৰিখ, আবেদনৰ অন্তিম তাৰিখ কেতিয়া?

এই অধিসূচনাৰ জৰিয়তে ফেব্ৰুৱাৰী মাহৰ CTETৰ বাবে আবেদন প্ৰক্ৰিয়াৰ লগতে পৰীক্ষাৰ তাৰিখো ঘোষণা কৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব। চাওক প্ৰয়োজনীয় তথ্য।

আপুনিও সাজু হৈছে নেকি CTETৰ বাবে? ঘোষণা হ’ল পৰীক্ষাৰ তাৰিখ, আবেদনৰ অন্তিম তাৰিখ কেতিয়া?

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

27 Nov 2025 | 09:17 PM

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ CTETৰ বাবে অধিসূচনা প্ৰকাশ কৰিছে। এই অধিসূচনাৰ জৰিয়তে ফেব্ৰুৱাৰী মাহৰ CTETৰ বাবে আবেদন প্ৰক্ৰিয়াৰ লগতে পৰীক্ষাৰ তাৰিখো ঘোষণা কৰিছে। অধিসূচনা অনুসৰি ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ CTETৰ বাবে আবেদন প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হৈছে। আনহাতে ১৮ ডিচেম্বৰ আবেদনৰ অন্তিম তাৰিখ নিৰ্ধাৰণ কৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব।

প্ৰকাশিত অধিসূচনা অনুসৰি, অহা ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব CTETৰ পেপাৰ ১ আৰু পেপাৰ ২ৰ পৰীক্ষা। সমগ্ৰ দেশৰ কেন্দ্ৰসমূহত দুটা শ্বিফ্টত এই পৰীক্ষা অনুষ্ঠিত হ’ব। এই CTETৰ বাবে কোনে আবেদন কৰিব পাৰিব, আবেদনৰ মাচুল তথা আন কিছু তথ্যৰ বিষয়ে জানো আহক।

কোনে আবেদন কৰিব পাৰে?

CTETৰ পেপাৰ ১ৰ বাবে দ্বাদশ শ্ৰেণীৰ পিছত চাৰি বছৰীয়া বি.এড. বা ডি.এল.এড. কৰা শিক্ষাৰ্থীসকল আৰু দ্বাদশ শ্ৰেণীৰ পিছত পেপাৰ ১ৰ বাবে আবেদন কৰিব পাৰে। আনহাতে পেপাৰ ২ৰ বাবে স্নাতক হোৱাৰ পিছত বি.এড সম্পূৰ্ণ কৰা বা চূড়ান্ত বৰ্ষত থকা শিক্ষাৰ্থীসকলে আবেদন কৰিব পাৰে। প্ৰাৰ্থীসকলে স্নাতক পৰ্যায়ত কমেও ৫০% নম্বৰ লাভ কৰিব লাগিব।

আবেদনৰ মাচুল কিমান?

পৰীক্ষাৰ বাবে জেনেৰেল আৰু অবিচি শ্ৰেণীৰ প্ৰাৰ্থীয়ে যিকোনো এখন পেপাৰৰ বাবে আবেদনৰ ক্ষেত্ৰত ১০০০ টকা পৰিশোধ কৰিব লাগিব। আনহাতে দুয়োখন পেপাৰৰ বাবে তেওঁলোকে ১,২০০ টকা দিব লাগিব। অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু PwD প্ৰাৰ্থীয়ে এখন পেপাৰৰ বাবে ৫০০ টকা আৰু দুয়োখন পেপাৰৰ বাবে ৬০০ টকা মাচুল দিব লাগিব।

কেতিয়া হ’ব পৰীক্ষা?

জাৰি কৰা অধিসূচনা অনুসৰি অহা ৮ ফেব্ৰুৱাৰীত দুটা শ্বিফ্টত CTET ফেব্ৰুৱাৰী ২০২৬ অনুষ্ঠিত হ’ব। পুৱা ৯:৩০ বজাৰ পৰা দুপৰীয়া ১২:০০ বজালৈ প্ৰথম শ্বিফ্টত পেপাৰ ২ আৰু দুপৰীয়া ২:৩০ বজাৰ পৰা বিয়লি ৫:০০ বজালৈ দ্বিতীয় শ্বিফটত পেপাৰ ১ৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...