Open Book Exam: পৰীক্ষাৰ নিয়ম সলনি, এতিয়া পৃষ্ঠাই পৃষ্ঠাই মুখস্থ নকৰিলেও হ’ব শিক্ষাৰ্থীয়ে!

Open Book Exam: অহা শিক্ষাবৰ্ষৰ পৰাই অপেন বুক এছেচমেণ্টত অনুমোদন জনাইছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদ বাবে CBSEয়ে। কিন্তু কোনসকল ছাত্ৰ-ছাত্ৰীয়ে এই সুবিধা লাভ কৰিব জানি লওক-

Open Book Exam: পৰীক্ষাৰ নিয়ম সলনি, এতিয়া পৃষ্ঠাই পৃষ্ঠাই মুখস্থ নকৰিলেও হব শিক্ষাৰ্থীয়ে!

প্ৰতীকী ছবি

Published: 

11 Aug 2025 19:00 PM

পৃষ্ঠাই পৃষ্ঠাই মুখস্থ কৰাৰ দিন এতিয়া উকলিল। অহা শিক্ষাবৰ্ষৰ পৰাই অপেন বুক এছেচমেণ্টত অনুমোদন জনাইছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদ বাবে CBSEয়ে। তেওঁলোকে জনোৱা মতে, অহা শিক্ষাবৰ্ষৰ পৰা নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে আৰম্ভ কৰা হ’ব এই বিশেষ মূল্যায়ন।

বহু কেইটা সংবাদমাধ্যমৰ সূত্ৰৰ পৰা জানিব পৰা মতে এই প্ৰস্তাৱত জুলাই মাহতেই অনুমোদন জনাইছিল CBSEয়ে। কিন্তু যোৱা দেওবাৰেহে এই সিদ্ধান্ত চূড়ান্ত হয়। একাংশৰ মতে নতুন শিক্ষা নীতিত উল্লেখ কৰা নতুন ধৰণৰ শিক্ষাৰ লগত এই সিদ্ধান্তই কোনোধৰণে খোজ মিলাইছে।

কিন্তু CBSEয়ে জনোৱা মতে এই অপেন বুক এছেচমেণ্ট বাৰ্ষিক পৰীক্ষাৰ বাবে নহয়, বছৰজুৰি চলি থকা অন্তৱৰ্তীকালীন পৰীক্ষা বা আভ্যন্তৰীণ পৰীক্ষাৰ বাবে বাছনি কৰা হৈছে। অৱশ্যে কিছু বিষয়ৰ বাবে অপেন বুক এছেচমেণ্টৰ কথা চিন্তা কৰিছে CBSEয়ে। জানিব পৰা মতে এই প্ৰক্ৰিয়াত ভাষা, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান আদি বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব। অৱশ্যে CBSE ৰ অধীনত থকা সকলো বিদ্যালয়ে এই পৰীক্ষা পদ্ধতি গ্ৰহণ কৰাৰ কোনো বাধ্যবাধকতা নাই বুলিও জনাইছে ব’ৰ্ড কমিটীয়ে।

CBSEয়ে এই অপেন বুক এছেচমেণ্টক গাইডলাইনৰ পৰিৱৰ্তে বিদ্যালয়সমূহৰ আগত আৰ্হি হিচাপে উপস্থাপন কৰাৰ উদ্যোগ লৈছে। কিন্তু পৰীক্ষাৰ বাবে অপেন বুক এছেচমেণ্টক হঠাৎ কিয় গুৰুত্ব দিয়া হৈছে? জ্ঞাত সূত্ৰই জনোৱা মতে, দেশৰ নতুন শিক্ষা নীতিতো এই আৰ্হিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। মূলতঃ শিক্ষা সমাজে পুৰণি মুখস্থ পদ্ধতিটো পাহৰি ছাত্ৰ-ছাত্ৰীৰ পাঠ্যক্ৰমৰ সৈতে পৰিচিতি বৃদ্ধি কৰাৰ লক্ষ্যৰে এই আৰ্হিটোক প্ৰচলনৰ কথা চিন্তা কৰিছে।

মুদ্ৰাস্ফীতিয়ে কোঙা কৰা পাকিস্তানত এটা ৰুটিৰ দাম কিমান জানেনে?
২১ আগষ্টৰ লক্ষ্মী-নাৰায়ণ ৰাজযোগ! কপাল ফুলিব এই ৰাশিৰ লোকৰ...
ভাৰতৰ ১ টকাৰ মূল্য পাকিস্তানত কিমান হয় জানেনে? জানক সকলো...
মদ্যপান কৰাৰ পাছত ভুলতেও নাখাব এইবোৰ খাদ্য, অন্যথা ডাঙৰ ক্ষতিৰ সন্মুখীন হব...!