CBSE 10th and 12th Result: CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণী পৰীক্ষাৰ ফলাফল ঘোষণা, ছাত্ৰতকৈ আগত ছাত্ৰী…

CBSE result 10th and 12th: আজি ঘোষণা হ'ল CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল। দশম শ্ৰেণীৰ পৰীক্ষাত ৯৩.৬৬% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ বিপৰীতে ৮৮.৩৯ ছাত্ৰ-ছাত্ৰী দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হয়।

CBSE 10th and 12th Result: CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণী পৰীক্ষাৰ ফলাফল ঘোষণা, ছাত্ৰতকৈ আগত ছাত্ৰী...

পৰীক্ষাৰ ফলাফল

Updated On: 

13 May 2025 13:51 PM

ঘোষণা হ’ল কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড (CBSE result) ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল। বহু জল্পন-কল্পনাৰ অন্তত ১৩ মে’ত এই ফলাফল ঘোষণা হয়। ছাত্ৰ-ছাত্ৰীসকলে CBSE ৰ ৱেবচাইটৰ লগতে ডিজিলকাৰত পৰীক্ষাৰ ফলাফল চাব পাৰিব। এইবাৰ দুয়োটা পৰীক্ষাতে ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ বেছি।

দশম শ্ৰেণী

CBSE য়ে প্ৰকাশ কৰা তথ্য অনুসৰি, দশম শ্ৰেণীৰ পৰীক্ষাত এইবাৰ ৯৩.৬৬% ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছে। চিবিএছইৰ অফিচিয়েল ৱেবছাইটৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে ডিজিলকাৰতো ফলাফল পৰীক্ষা কৰিব পাৰিব। ইয়াৰ একচেচ ইতিমধ্যে বৰ্ডে ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰিছে।

এইবাৰ প্ৰায় ২৩ লাখ ছাত্ৰ-ছাত্ৰীয়ে চিবিএছই ব’ৰ্ডৰ দশম পৰীক্ষাত অৱতীৰ্ণ হৈছিল, ইয়াৰে ২২ লাখ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়। চিবিএছচিৰ দশম শ্ৰেণীৰ পৰীক্ষাত ছাত্ৰতকৈ ছাত্ৰী আগবাঢ়ি যায়। এইবাৰ ৯৫ শতাংশ ছাত্ৰীয়ে উত্তীৰ্ণ হোৱাৰ বিপৰীতে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯২.৬৩% ।

শীৰ্ষত কোন জিলা

দশম শ্ৰেণীৰ ফলাফলত এইবাৰ তিৰুৱনন্তপুৰম, বিজয়াৱাড়া, বেংগালুৰু শীৰ্ষ ৩ স্থানত থকাৰ বিপৰীতে দিল্লীয়ে ৭ নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হয়।  তিৰুৱন্তপুৰমত ৯৯.৭৯ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ বিপৰীতে গুৱাহাটীত উত্তীৰ্ণৰ হাৰ ৮৪.১৪ শতাংশ।  চিবিএছচিয়ে প্ৰকাশ কৰা ১৭ জিলাৰ তালিকাত একেবাৰে শেষত থাকে গুৱাহাটী। উল্লেখ্য যে,এই পৰীক্ষাৰ বাবে দেশৰ বিদ্যালয়সমূহত স্থাপন কৰা হৈছিল ৭,৮৩৭টা পৰীক্ষা কেন্দ্ৰ।

ফলাফল চাব পাৰিব

  • results.cbse.gov.in
  • results.cbse.nic.in
  • cbseresults.nic.in
  • cbseservices.digilocker.gov.in

 

দ্বাদশ শ্ৰেণী

এইবাৰ দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হৈছে ৮৮.৩৯ শতাংশ ছাত্ৰ-ছাত্ৰী। ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইটৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে ডিজিলকাৰত ফলাফল চাব পাৰিব। বিশেষ কথা এয়াই যে, প্ৰতিবাৰৰ দৰে দ্বাদশ শ্ৰেণীৰ ফলাফলত এইবাৰো ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ বেছি। এইবাৰ ৯১.৬৪ শতাংশ ছাত্ৰীয়ে উত্তীৰ্ণ হোৱাৰ বিপৰীতে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৮৫.৭০ শতাংশ।

চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত এইবাৰ মুঠ ছাত্ৰ-ছাত্ৰী আছিল ১৭ লাখ ৪ হাজাৰ ৩৬৭ গৰাকী। ইয়াৰে ৬,৯২,৭৯৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ফলাফল অনুসৰি উত্তীৰ্ণৰ সংখ্যা। ১৪ লাখ ৯৬ হাজাৰ ৩০৭ জন।

উল্লেখ কৰা প্ৰয়োজন যে, এইবাৰ ১৫ ফেব্ৰুৱাৰীৰ পৰা ৪ এপ্ৰিললৈ চিবিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হৈছিল। য’ত ৪২ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল।

দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ১,১১,৫৪৪গৰাকী পৰীক্ষাৰ্থীয়ে ৯০ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিছে। এক বিবৃতিত চিবিএছইয়ে ১৭খন জিলাৰ উত্তীৰ্ণৰ শতাংশ অনুযায়ী নাম উল্লেখ কৰিছে। যত অন্ধ্ৰ প্ৰদেশৰ বিজয়াৱাদাই সৰ্বোত্তম প্ৰদৰ্শন কৰা জিলা হিচাপে পৰিগণিত হৈছে। যত উত্তীৰ্ণৰ হাৰ ৯৯.৬০ শতাংশ।

কেনেকৈ চাব

  • প্ৰথমে আপুনি cbseresults.nic.in ৱেবচাইটলৈ যাওক।
  • ইয়াত CBSE 10th Result লিংকত ক্লিক কৰক।
  • এতিয়া ৰোল নম্বৰ ইত্যাদি লিখি জমা দিব।
  • স্ক্ৰীনত স্ক’ৰকাৰ্ড ওলাব।
  • এতিয়া পৰীক্ষা কৰি এটা প্ৰিন্টআউট লওক।

 

অন্য খবৰ পঢ়কঃ সকলোৰে উৰ্ধত প্ৰচেষ্টা! দশম শ্ৰেণীত ফেইল কৰা পুত্ৰৰ বাবে পাৰ্টিৰ আয়োজন পিতৃ-মাতৃৰ…

কোহলীৰ অৱসৰৰ দুখ! প্ৰেমানন্দ মহাৰাজৰ ওচৰত এনে অনুৰোধ জনালে অনুৰাগীয়ে…
মঙলবাৰৰ দিনটোত হনুমানক প্ৰসন্ন কৰাৰ ৫ টা আটাইতকৈ সহজ উপায়
অনিয়মিত মাহেকীয়াৰ সমস্যা কেনেকৈ দূৰ কৰিব!
কেন্সাৰ প্ৰতিৰোধৰ পৰা ৰক্তচাপ নিয়ন্ত্ৰণলৈকে, ভাত কেৰেলাৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানক