Bishnu Rabha Divas 2025: বিষ্ণু ৰাভা দিৱসত এইদৰে দিয়ক ভাষণ, সকলোৱে কৰিব আপোনাৰ প্ৰশংসা
আজি ২০ জুন, প্ৰতি বছৰে এই দিনটোত পালন কৰা হয় বিষ্ণু ৰাভা দিৱস। ৰাজ্যৰ ভিন্ন স্থানত বিষ্ণু ৰাভা দিৱস উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে। আজি বিষ্ণু ৰাভা দিৱসৰ অনুষ্ঠানত এইদৰে দিয়ক ভাষণ, সকলোৱে কৰিব আপোনাৰ প্ৰশংসা...

বিষ্ণু ৰাভা দিৱসত এইদৰে দিয়ক ভাষণ
ৰাভাদেৱৰ মৃত্যুৰ দিনটো অসমত ‘বিষ্ণু ৰাভা দিৱস’ হিচাপে পালন কৰা হয়। প্ৰত্যেক বছৰৰ ২০ জুন তাৰিখে এই দিনটো চৰকাৰী কাৰ্যসূচী হিচাপে শিক্ষানুষ্ঠানসমূহৰ লগতে অসমৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠানসমূহে উলহ-মালহেৰে পালন কৰি আহিছে। সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি সন্মান জনাই ৰাজ্যজুৰি এই দিৱস পালন কৰে। বিষ্ণু ৰাভা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একেধাৰে শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা ৰাভা দেৱৰ সৃষ্টিৰাজিৰ চৰ্চাৰে মুখৰিত হৈ পৰে সমগ্ৰ ৰাজ্য।
বৰ্তমান বাংলাদেশৰ ঢাকাত জন্মগ্ৰহণ কৰা বিষ্ণু প্ৰসাদ ৰাভাই সমগ্ৰ জীৱন অসম আৰু অসমীয়াৰ বাবে দি থৈ গ’ল । প্ৰাথমিক শিক্ষা বাংলাদেশতে গ্ৰহণ কৰি হাইস্কুলীয়া শিক্ষাৰ বাবে তেজপুৰলৈ আহে আৰু পিছত কোচবিহাৰ আৰু কলকাতাত উচ্চ শিক্ষা গ্ৰহণ কৰে । বিষ্ণু প্ৰসাদ ৰাভা এগৰাকী প্ৰতিভাশালী আৰু তীক্ষ্ণ-বুদ্ধি সম্পূৰ্ণ ব্যক্তি আছিল । তেওঁ একেধাৰে কবি, গীতিকাৰ,নাট্যকাৰ,গল্পকাৰ ,নিবন্ধকাৰ,জীৱনীকাৰ,নৃতত্ত্ববিদ বোলছবিকাৰক আৰু উপন্যাসিক । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আৰু ‘ বাঁহী ‘ আলোচনীৰ বেটু-পাতৰ সাতখলপীয়া সিংহাসনৰ ছবি বিষ্ণুৰাভাই অংকন কৰে । বিষ্ণু ৰাভাৰ অসমীয়া, বাংলা,বড়ো, হিন্দী, ইংৰাজী আদি কৰি কেইবাটাও ভাষাৰ দখল আছিল । তেওঁ ঢোল, খোল, মৃদং,পেঁপা, টোকাৰী আদি বাদ্য যন্ত্ৰ বজাব জানিছিল । ১৯৪০ চনত কাশী হিন্দু বিশ্ব বিদ্যালয়ত বিষ্ণু ৰাভাই পৰিৱেশন কৰা শিৱৰ তাণ্ডৱ নৃত্য, ওজা-পালি আৰু কালীয় দমন নৃত্য দেখি সেই সময়ৰ কাশী হিন্দু বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণ মুগ্ধ হৈ পৰে আৰু বিষ্ণু ৰাভাক ভূয়সী প্ৰশংসা কৰি কলাগুৰু উপাধি প্ৰদান কৰে।
আজি বিষ্ণু ৰাভা দিৱস উপলক্ষে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত বহু কাৰ্যসূচী অনুষ্ঠিত কৰে। এই অনুষ্ঠানত যদি বিষ্ণু ৰাভা দিৱসৰ ওপৰত আপোনাক ভাষণ দিবলৈ দিয়ে, তেন্তে আপুনি কি কৰিব? আজি আপোনালোকৰ সুবিধাৰ্থে লৈ আহিছোঁ বিষ্ণু ৰাভা দিৱসৰ কিছু সহজ ভাষণ আৰু টিপচ…
এইদৰে ভাষণ আৰম্ভ কৰক
প্ৰথমে আপোনাৰ ভাষণক তিনিটা ভাগত বিভক্ত কৰক। প্ৰথমে পৰিচয়, আৰু শেষত ৩বাৰ ধন্যবাদ। প্ৰথমে, যেতিয়া আপুনি মঞ্চলৈ যাবলৈ প্ৰথমে সভাত উপস্থিত সকলো লোকক অভিবাদন জনাই কওক যে সভাত উপস্থিত অধ্যক্ষ, শিক্ষক আৰু মোৰ মৰমৰ বন্ধুসকল যদি শিক্ষক হয় তেন্তে সভাত উপস্থিত মোৰ সহকৰ্মী আৰু শিক্ষাৰ্থীসকল, মোৰ নমস্কাৰ গ্ৰহণ কৰিব।
ইয়াৰ পিছত, ভাষণৰ আৰম্ভণিতে বিষ্ণু ৰাভা দিৱসৰ কথা উল্লেখ কৰক। আপুনি ক’ব পাৰে যে, অসমীয়া সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ বিষ্ণু প্ৰসাদ ৰাভা দেৱক শ্ৰদ্ধাৰে সুঁৱৰি তেওঁৰ বিষয়ে দুশাৰী কবলৈ লৈছোঁ, যদিহে কিবা ভুল – ত্ৰুটি হৈ তেন্তে ক্ষমা কৰিব।
বিষ্ণু ৰাভা দিৱসৰ ভাষণৰ বিৱৰণ
পৰিচয় পিছত, ভাষণৰ বিৱৰণ ক’বলৈ আৰম্ভ কৰক। ২০ জুনত বিষ্ণু ৰাভা দিৱস কিয় উদযাপন কৰা হয়? এই সকলোখিনি বহলাই কওক…