বেংকত চাকৰি কৰাৰ সুযোগ! খালী হৈছে ৪০০০ পদ; ক’ত,কেনেকৈ আবেদন কৰিব জানক…

Bank job: আপুনি যদি চাকৰি বিচাৰি আছে আৰু স্নাতক ডিগ্ৰীধাৰী তেন্তে আপোনাৰ বাবে ভাল খবৰ। কিয়নো বেংকত ওলাইছে চাকৰি। নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰিব পাৰিব আবেদন।

বেংকত চাকৰি কৰাৰ সুযোগ! খালী হৈছে ৪০০০ পদ; কত,কেনেকৈ আবেদন কৰিব জানক...

চাকৰি (প্ৰতীকি ফটো)

Published: 

20 Feb 2025 15:08 PM

বেংকত চাকৰি কৰিব বিচাৰে নেকি? যদি বিচাৰে তেন্তে আপোনাৰ বাবে আছে এক ভাল খবৰ। স্নাতক ডিগ্ৰীধাৰীসকলৰ বাবে বেংকত কাম কৰাৰ আহিছে এক সুবৰ্ণ সুযোগ। বেংক অৱ বৰোদা (Bank of Baroda)ই এপ্ৰেণ্টিছ পদত নিযুক্তিৰ বাবে আৱেদন আহ্বান কৰিছে। ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। গতিকে ইচ্ছ্যুক আৰু যোগ্য প্ৰাৰ্থীসকলে বেংকৰ অফিচিয়েল ৱেবছাইট bankofbaroda.in ত গৈ আবেদন কৰিব পাৰে। এই আবেদন প্ৰক্ৰিয়া ১১ মাৰ্চলৈ চলিব। এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি বেংক অৱ বৰোদাই ৪০০০ টা পদ পূৰণ কৰিব।

এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি বেংকটোৱে দেশৰ বিভিন্ন প্ৰান্তত নিযুক্তি প্ৰদান কৰিব। নিৰ্বাচিত প্ৰাৰ্থীগৰাকীয়ে প্ৰতিমাহে ১৫ হাজাৰৰ পৰা ২০ হাজাৰ টকাৰ ভিতৰত ষ্টাইপেণ্ড লাভ কৰিব। পদসমূহৰ বাবে বেংকে অৰ্হতা নিৰ্ধাৰণ কৰি দিছে। তলত ইয়াৰ সবিশেষ উল্লেখ কৰা হ’ল।

কোনে কৰিব পাৰিব আবেদন

বেংক অৱ বৰোদাত Apprentice পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীয়ে যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব। লগতে পৰীক্ষাৰ্থীৰ স্থানীয় ভাষাৰ জ্ঞান থাকিব লাগে। আবেদনকাৰীৰ বয়স ২০ বছৰৰ পৰা ২৮ বছৰৰ ভিতৰত হ’ব লাগিব। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীক বয়সৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰা হৈছে।

মাচুল

সাধাৰণ আৰু অবিচি শ্ৰেণীৰ প্ৰাৰ্থীয়ে আবেদন মাচুল ৮০০ টকা দিব লাগিব। অনুসূচিত জাতি আৰু অনুসূচিত জাতি শ্ৰেণীৰ বাবে ৬০০ টকা আৰু প্ৰতিবন্ধী আবেদনকাৰীৰ বাবে ৪০০ টকাকৈ আৱেদন মাচুল আদায় দিব লাগিব। ইয়াৰ লগতে থাকিব জি এছ টি।

কেনেকৈ কৰিব আবেদন

  • প্ৰথমে বেংক অৱ বৰোদাৰ অফিচিয়েল ৱেবচাইট bankofbaroda.in ত যাওক।
  • হোম পেজৰ কেৰিয়াৰ টেবত ক্লিক কৰক।
  • এতিয়া Current Opportunities ত ক্লিক কৰক।
  • পাছত ক্লিক কৰক।
  • আবেদন পত্ৰ পূৰ কৰক।
  • তথ্য় দি চাবমিট কৰক।

Bank of Baroda Apprentice Recruitment 2025 Notification

Bank of Baroda Apprentice Recruitment 2025 Apply Link

কেনেকৈ হ’ব নিৰ্বাচন

আবেদনকাৰীৰ বাছনি চিবিটি পৰীক্ষা, ভাষা পৰীক্ষা, চিকিৎসা পৰীক্ষা আৰু নথিপত্ৰ পৰীক্ষণৰ জৰিয়তে কৰা হ’ব। পৰীক্ষাত সাধাৰণ আৰু আৰ্থিক সজাগতা, হিন্দী/ইংৰাজী পৰিমাণগত আৰু যুক্তিৰ ক্ষমতা, কম্পিউটাৰ জ্ঞান আৰু সাধাৰণ ইংৰাজী সম্পৰ্কীয় প্ৰশ্ন সোধা হ’ব। অধিক জানিবলৈ প্ৰাৰ্থীয়ে বেংকৰ ৱেবচাইট চাব পাৰে।

 

অন্য খবৰ পঢ়কঃ PWD ত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ কৰিব আবেদন, জানক…

নিতে খাওক এই ৮ বিধ খাদ্য, আপোনাৰ মগজু হৈ পৰিব অধিক চোকা আৰু কাৰ্যক্ষম
ভাল টোপনিৰ বাবে অতি উপকাৰী এইসমূহ খাদ্য, নিশা টোপনি নাহে যদি চাওক এতিয়াই
নাৰীৰ যৌন শক্তি বৃদ্ধি কৰে এইকেইবিধ খাদ্যই, জানি হ'ব আচৰিত!
পত্নী গৰ্ভৱতী হ’লে স্বামীয়ে কৰিব নালাগে এইবোৰ ভুল, প্ৰভাৱ পৰে সন্তানৰ ওপৰত!
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী