Bank Job: বেংকত ওলাইছে চাকৰি! ক’ত, কেনেকৈ আবেদন কৰিব জানক…

Bank Job: বেংকত চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। কিয়নো বেংক অৱ বৰোদাত ওলাইছে চাকৰি। আপুনি যদি এই পদৰ বাবে যোগ্য আৰু ইচ্ছ্যুক তেন্তে কৰিব পাৰে আবেদন।

Bank Job: বেংকত ওলাইছে চাকৰি! কত, কেনেকৈ আবেদন কৰিব জানক...

চাকৰি

Published: 

16 Mar 2025 14:25 PM

বেংকত চাকৰি বিচাৰি থকাসকলৰ বাবে সুবৰ্ণ সুযোগ। বেংক অৱ বৰোদা (Bank Of Baroda)ই ভিন্ন বিভাগৰ বাবে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত ৫০০ ৰো অধিক পদ পূৰণ কৰা হ’ব। প্ৰথম অৱস্থাত আবেদনৰ শেষ তাৰিখ ১১ মাৰ্চ ২০২৫ আছিল যদিও শেহতীয়াকৈ এই তাৰিখ কিছু বঢ়াই দিছে। আপুনিও যদি এই পদসমূহৰ বাবে আবেদন কৰিব বিচাৰিছে তেন্তে ২১ মাৰ্চ, ২০২৫ লৈ আবেদন কৰিব পাৰিব। ইচ্ছ্যুক আৰু যোগ্য প্ৰাৰ্থীসকলে বেংক অৱ বৰোদাৰ অফিচিয়েল ৱেবচাইট bankofbaroda.in ত গৈ অনলাইন আবেদন কৰিব পাৰে।

পদৰ বিষয়ে

  • মুঠ পদ- ৫১৮ টা
  • ইনফৰমেশ্যন টেকনলজি তথ্য প্ৰযুক্তি: ৩৫০ টা পদ
  • ট্ৰেড এণ্ড ফৰেক্স: ৯৭টা পোষ্ট
  • ৰিস্ক মেনেজমেণ্ট: ৩৫টা পদ
  • চিকিউৰিটিঃ ৩৬টা পদ

মাচুল

এই পদৰ বাবে আবেদন কৰিবলৈ সাধাৰণ, অবিচি আৰু ই ডব্লিউ এছৰ প্ৰাৰ্থীসকলে ৬০০ টকা মাচুল আদায় কৰিব লাগিব। ইয়াৰ বিপৰীতে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে মাত্ৰ ১০০ টকা মাচুলেৰে অনলাইন আবেদন কৰিব পাৰিব।

অৰ্হতা

বিভিন্ন পদৰ বাবে বিভিন্ন শিক্ষাগত অৰ্হতা বেলেগ বেলেগ। ইয়াৰ ভিতৰত বি.ই./বিটেক/এমটেক/এমচিএ, চিএ, এম বি এ, স্নাতকোত্তৰ ইত্যাদি। অত্যাধিক জানিবলৈ আপুনি বেংক অৱ বৰোদাৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।

বয়সঃ প্ৰতিটো পদৰ বাবে বয়স বেলেগ বেলেগ। প্ৰাৰ্থী ২২ ৰ পৰা ৩৭ বছৰৰ ভিতৰত হ’ব লাগিব।

Bank Of Baroda Recruitment 2025 Official Notification

কেনেকৈ কৰিব আবেদন

  • প্ৰথমে বেংক অৱ বৰোদাৰ অফিচিয়েল ৱেবচাইট bankofbaroda.inত যাওক।
  • হোমপেজৰ কেৰিয়াৰ টেবত ক্লিক ৰকপ আৰু পাছত ‘Current Opportunity’ ত ক্লিক কৰক।
  • আবেদনৰ লিংকত ক্লিক কৰক।
  • আবেদনৰ বাবে প্ৰয়োজনীয় তথ্য প্ৰদান কৰক।
  • আবেদন মাচুল আদায় দিয়ক।
  • চাবমিট কৰক
  • প্ৰাৰ্থীয়ে তথ্য আপলোড কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰিব ল’ব। কিয়নো চাকৰিৰ বাবে জাৰি কৰা জাননীত কোৱা হৈছে যে এবাৰ তথ্য আপলোড কৰাৰ পাছত সেয়া শুদ্ধ কৰিব পৰা নাযাব।

কেনেকৈ হ’ব নিৰ্বাচন

এই পদসমূহৰ বাছনি প্ৰক্ৰিয়াত অনলাইন টেষ্ট, চাইকোমেট্ৰিক টেষ্ট বা বেংকে কৰা আন যিকোনো পৰীক্ষা অন্তৰ্ভুক্ত হ’ব পাৰে। অনলাইন পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীসকলে সাক্ষাৎকাৰৰ বাবে হাজিৰ হ’ব লাগিব। আবেদনৰ সংখ্যা বৃদ্ধি বা হ্ৰাস পালে চৰ্টলিষ্টিং মাপকাঠী বা সাক্ষাৎকাৰ প্ৰক্ৰিয়া সলনি কৰাৰ অধিকাৰ বেংক অৱ বৰোদাৰে সংৰক্ষণ কৰে। বেংকে নিৰ্বাচন প্ৰক্ৰিয়া হিচাপে বহু বিকল্পীয় পৰীক্ষা, বৰ্ণনাত্মক পৰীক্ষা, মনোমাপক মূল্যায়ন, সাক্ষাৎকাৰ অনুষ্ঠিত কৰিব পাৰে।

 

অন্য খবৰ পঢ়কঃ CISF, BSF, CRPF ত চাকৰি কৰাৰ সুযোগ! ক’ত, কেনেকৈ আবেদন কৰিব লাগিব জানক…

এফালে শচীনক স্পৰ্শ, আনফালে দ্ৰাবিড়ক অতিক্ৰম; শতকেৰে লৰ্ডছত অভিলেখ ৰচিলে ৰুটে
ভগৱান শিৱৰ প্ৰিয় ভোগ কি জানেনে? শাওণ মাহত এই ভোগ আগবঢ়াই লাভ কৰিব পাৰিব ভোলানাথৰ আশীৰ্বাদ
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে শিশুক কেনেধৰণৰ খাদ্য খুৱাব লাগে?
সুস্থ জীৱন-যাপনৰ বাবে পুৰুষসকলে এই ৫ টা অভ্যাস কৰক