Assam HS Result 2025 Declared: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, ১২ টা ৱেবছাইটত উপলব্ধ ৰিজাল্ট
Assam HS Result 2025 : ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। মুঠ ১২ টা ৱেবচাইটত উপলব্ধ এই ফলাফল।

পৰীক্ষাৰ ফলাফল
অৱশেষত ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। ASSEB য়ে ঘোষণা কৰা ফলাফল ছাত্ৰ-ছাত্ৰীসকলে অনলাইনৰ জৰিয়তে চাব পাৰিব। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮১.০৩ শতাংশ। কলা শাখাত মুঠ অৱতীৰ্ণ হৈছিল ২,২৬,৭৫৬ গৰাকী ছাত্ৰ-ছাত্ৰী। ইয়াৰে মুঠ উত্তীৰ্ণৰ সংখ্যা ১,৮৩,৭৪৫ গৰাকী। বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৪.৮৮ শতাংশ। বিজ্ঞান শাখাত মুঠ অৱতীৰ্ণ হৈছিল ৫৬,৯০৯ গৰাকী ছাত্ৰ-ছাত্ৰী। ইয়াৰে মুঠ উত্তীৰ্ণৰ সংখ্যা ৪৮,৩০৯ গৰাকী। বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৮২.১৮ শতাংশ। বাণিজ্য শাখাত মুঠ অৱতীৰ্ণ হৈছিল ১৭,৭৪৬ গৰাকী। ইয়াৰে মুঠ উত্তীৰ্ণৰ সংখ্যা ১৪,৫৮৪ গৰাকী। বৃত্তিমূলক শাখাত উত্তীৰ্ণৰ হাৰ ৬৮.৫৫ শতাংশ। ১,২০২ গৰাকীৰ ভিতৰত উত্তীৰ্ণ হৈছে ৮০২ গৰাকী পৰীক্ষাৰ্থী।
কলা শাখাৰ শীৰ্ষত আছে বাক্সা জিলা। বাক্সা জিলাত উত্তীৰ্ণৰ হাৰ ৯৪.২১ শতাংশ। বিজ্ঞান শাখাৰ শীৰ্ষত পশ্চিম কাৰ্বি আংলং জিলা। পশ্চিম কাৰ্বি আংলঙত উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ। বাণিজ্য শাখাৰ শীৰ্ষত দক্ষিণ শালমৰা। দক্ষিণ শালমৰাত উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ। বৃত্তিমুখী শাখাৰ শীৰ্ষত বিশ্বনাথ, লখিমপুৰ, নলবাৰী, শ্রীভূমি জিলা কেউখন জিলাৰ উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ।
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত ৪৯,৫৭৭ গৰাকী প্ৰথম বিভাগত উত্তীর্ণ হৈছে। দ্বিতীয় বিভাগত উত্তীর্ণ হৈছে ৮০,৬৫০ গৰাকী । আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৫৩,৫১৮ গৰাকী। বিজ্ঞান শাখাত ২৫,৮২৭ গৰাকী শিক্ষাৰ্থী উত্তীর্ণ হৈছে প্রথম বিভাগত। দ্বিতীয় বিভাগত ১৯,২৮৬ গৰাকী আৰু তৃতীয় বিভাগত উত্তীর্ণ ৩,১৯৬ গৰাকী। বাণিজ্য শাখাত প্রথম বিভাগত উত্তীর্ণ হৈছে ৬,৫১৯ গৰাকী শিক্ষাৰ্থী। দ্বিতীয় বিভাগত ৫,৭৬০ গৰাকী আৰু তৃতীয় বিভাগত ২,৩০৫ গৰাকী শিক্ষাৰ্থী উত্তীর্ণ হৈছে। বৃত্তিমূলক শাখাত প্ৰথম বিভাগ উত্তীৰ্ণ হৈছে ৬০ গৰাকী ছাত্ৰ-ছাত্ৰী।
অনলাইনযোগে মুঠ ১২টা ৱেবছাইটত ফলাফল চাব পাৰিব শিক্ষাৰ্থীসকলে
- ahsec.assam.gov.in
- assamresult.in
- assamjobalerts.com
- indiaresults.com
- schools9.com
- results.shiksha 24.in
- iresults.in
- iresults.net
- vidyavision.com
- jagranjosh.com
- ndtv.com
- indianexpress.com
Assam Board Class 12 Results 2025: কেনেকৈ অনলাইনত ফলাফল লাভ কৰিব
- অসম ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইট ahsec.assam.gov.inলৈ যাওক
- Assam HS 12th Result 2025 লিংকত ক্লিক কৰক
- পাছত ৰোল আৰু নম্বৰটো দি চাবমিট কৰিব।
- তাৰ পাছত ফলাফল ওলাই পৰিব।
- ইয়াৰ পৰা আপুনি মাৰ্কশ্বিট ডাউনলোড কৰিব পাৰিব।
এইদৰে এছএমএছৰ জৰিয়তে ফলাফল চাব পাৰিব
- আপোনাৰ ফোনত মেছেজিং এপটো খুলিব।
- নতুন মেছেজ লিখক: ASSAM12<space>Roll Number.
- ৫৬২৬৩ নম্বৰত এছএমএছ প্ৰেৰণ কৰক।
- ফলাফল একে নম্বৰলৈ টেক্সট মেছেজ হিচাপে প্ৰেৰণ কৰা হ’ব।
পুনৰ পৰীক্ষাৰ বাবে আবেদন
যিসকল ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নম্বৰত সন্তুষ্ট নহয় আৰু তেওঁলোকৰ পৰীক্ষাৰ বহী পুনৰ পৰীক্ষা কৰিব বিচাৰে তেওঁলোকে ইয়াৰ বাবে আবেদন কৰিব লাগিব। ছাত্ৰ-ছাত্ৰীসকলে দুদিনৰ পিছত অফিচিয়েল ৱেবছাইটৰ জৰিয়তে পুনৰ পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিব।
কিমানজন ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল?
২০২৫ চনৰ ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ মাৰ্চলৈ অনুষ্ঠিত হৈছিল অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা।প্ৰতিদিনে দুটাকৈ শ্বিফ্টত দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হৈছিল। প্ৰথম শ্বিফ্টত পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু দ্বিতীয় শ্বিফটত ১:৩০ বজাৰ পৰা ৪:৩০ বজালৈ পৰীক্ষা অনুষ্ঠিত হৈছিল। এইবাৰ অসম ব’ৰ্ডৰ দ্বাদশ পৰীক্ষাত মুঠ ৩,০২,৪২০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল। যদি আমি ষ্ট্ৰীম ৱাইজত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা চাওঁ তেন্তে কলা শাখাত মুঠ ২,৩০,০৯১ জন, বিজ্ঞানত ৫৭,৭২৪ জন, বাণিজ্য শাখাত ১৭,৮৬৯ জন আৰু বৃত্তিমূলক শাখাত ১,২৪১ জন ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল।