Assam HSLC 2025 Date sheet: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী ঘোষণাঃ ১৫ ফেব্ৰুৱাৰীৰ পৰা হ’ব আৰম্ভ, চাওক সম্পূৰ্ণ সূচী

ASSEB- এ ঘোষণা কৰিছে আগন্তুক বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী। এই ঘোষণা অনুসৰি অহা বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’ব। এই পৰীক্ষা দুটা শ্বিফ্টত অনুষ্ঠিত হ’ব।

Assam HSLC 2025 Date sheet: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী ঘোষণাঃ ১৫ ফেব্ৰুৱাৰীৰ পৰা হ’ব আৰম্ভ, চাওক সম্পূৰ্ণ সূচী

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সূচী ঘোষণা

Updated On: 

25 Nov 2024 19:26 PM

নৱগঠিত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ, চমুকৈ ASSEB- এ ঘোষণা কৰিছে আগন্তুক বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী। এই ঘোষণা অনুসৰি অহা বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’ব। এই পৰীক্ষা দুটা শ্বিফ্টত অনুষ্ঠিত হ’ব। প্ৰথম শ্বিফ্টৰ পৰীক্ষা পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় শ্বিফ্টৰ পৰীক্ষা ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব।

ইফালে মূল পৰীক্ষাৰ পূৰ্বে ২১ আৰু ২২ জানুৱাৰীত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হ’ব। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এক টুইট যোগে এই বিষয়ে সদৰী কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে টুইটটোত লগতে ঘোষিত সময়সূচী সংযোগ কৰি দিছে। ঘোষিত সময়সূচী অনুসৰি ১৫ ফেব্ৰুৱাৰীত ইংৰাজী বিষয়েৰে পৰীক্ষা আৰম্ভ হ’ব।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ঘোষিত সূচীখন তলত দিয়া হৈছে-

১৫ ফেব্ৰুৱাৰীত পুৱা ৯ বজাত ইংৰাজী

১৭ ফেব্ৰুৱাৰীত পুৱা ৯ বজাত MIL

২১ ফেব্ৰুৱাৰীত পুৱা ৯ বজাত সাধাৰণ গণিত

২২ ফেব্ৰুৱাৰীত পুৱা ৯ বজাত ঐচ্ছিক বিষয়, দুপৰীয়া ১:৩০ বজাত ঐচ্ছিক বিষয়

২৪ ফেব্ৰুৱাৰীত পুৱা ৯ বজাত সাধাৰণ বিজ্ঞান

২৫ ফেব্ৰুৱাৰীত পুৱা ৯ বজাত ফাইন আৰ্ট(ঐচ্ছিক), দুপৰীয়া ১:৩০ বজাত- বড়ো (ঐচ্ছিক)

২৭ ফেব্ৰুৱাৰীত পুৱা ৯ বজাত সমাজ বিজ্ঞান

২৮ ফেব্ৰুৱাৰীত পুৱা ৯ বজাত মণিপুৰী, ছানথালী (ঐচ্ছিক), দুপৰীয়া ১:৩০ বজাত-অসমীয়া (ঐচ্ছিক)

১ মাৰ্চত পুৱা ৯ বজাত হিন্দী (ঐচ্ছিক)

২ মাৰ্চত পুৱা ৯ বজাত ঐচ্ছিক বিষয়ৰ উচ্চ গণিত, ভুগোল, ইতিহাস, সংস্কৃত, কম্পিউটাৰ বিজ্ঞান, বাণিজ্য, হোম ছায়েন্স, আৰবী, পাৰ্চী, নেপালী।

 

 

লক্ষণীয়ভাৱে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে পুনৰ প’ৰ্টেল মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত অনুসৰি আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে অহা ২৫ নৱেম্বৰত পুনৰ পৰ্টেল খুলি দিয়া হ’ব।

এক জাননী যোগে পৰিষদে জানিবলৈ দিয়া মতে যিসমূহ শিক্ষানুষ্ঠানৰ প্ৰ-পত্ৰ পূৰণৰ কাম আধৰুৱা হৈ আছে তেওঁলোকে এতিয়া ২৬ নৱেম্বৰৰ ভিতৰত প্ৰ-পত্ৰ পূৰণৰ কাম সম্পূৰ্ণ কৰিব পাৰিব। আনহাতে ২৭ নৱেম্বৰৰ ভিতৰত মাচুল পৰিশোধ কৰিব লাগিব। ইয়াৰ পাছত আৰু প্ৰ-পত্ৰ পূৰণৰ দিন আগুৱাই দিয়া নহয় তথা অফলাইনৰ জৰিয়তেও কোনো প্ৰ-পত্ৰ গ্ৰহণ কৰা নহয় বুলি পৰিষদে স্পষ্ট কৰি দিয়ে।

আমেৰিকাত কিমান সংখ্যক মুছলিম লোকে বাস কৰে জানেনে? জানক...
ভাৰতৰ পৰা সৰ্বাধিক সুৰা ক্ৰয় কৰে এইখন মুছলমান দেশে! কিমান?
নৱৰাত্ৰিত ঘটিব ২ টাকৈ ডাঙৰ সংযোগ, হাতলৈ ধন আহিবলৈ কৰক এইকেইটা কাম!
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কি ধৰ্ম মানি চলে জানেনে? জানক...