Assam HS Exam 2025 Date sheet: উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা সূচী ঘোষণাঃ কেতিয়াৰ পৰা হ’ব আৰম্ভ, চাওক সূচী…

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কিছু সময় পূৰ্বে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা সূচীও ঘোষণা কৰে। এই সময়সূচী অনুসৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ মাৰ্চলৈ পৰীক্ষা অনুষ্ঠিত হ'ব।

Assam HS Exam 2025 Date sheet: উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা সূচী ঘোষণাঃ কেতিয়াৰ পৰা হ’ব আৰম্ভ, চাওক সূচী...

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

25 Nov 2024 | 07:24 PM

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত আজি ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা সূচীও ঘোষণা কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কিছু সময় পূৰ্বে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা সূচীও ঘোষণা কৰে। এই সময়সূচী অনুসৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ মাৰ্চলৈ পৰীক্ষা অনুষ্ঠিত হ’ব। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাও দুটা শ্বিফ্টত অনুষ্ঠিত হ’ব। প্ৰথম শ্বিফ্টৰ পৰীক্ষা পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় শ্বিফ্টৰ পৰীক্ষা ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব।

ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এক টুইট যোগে এই পৰীক্ষাৰ সময় সূচী প্ৰকাশ কৰিছে। টুইটটোত তেওঁ কয়, “হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে আজি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাসূচীও ঘোষণা কৰিছে। এই সময়সূচী অনুসৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ মাৰ্চলৈ পৰীক্ষা অনুষ্ঠিত হ’ব।”

দুয়োটা পৰীক্ষাত পৰীক্ষাৰ্থীসকলে পূৰ্ণ প্ৰস্তুতিৰে অৱতীৰ্ণ হৈ সাফল্য অৰ্জন কৰাৰ আশা প্ৰকাশ কৰি শুভেচ্ছা জ্ঞাপন কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। ঘোষিত সূচী অনুসৰি ১৩ ফেব্ৰুৱাৰীত অৰ্থাৎ প্ৰথম দিনা ইংৰাজী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

 

 

উল্লেখ্য যে আজি বিয়লি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচীও ঘোষণা কৰিছিল। ঘোষিত সূচী অনুসৰি অহা বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’ব। মূল পৰীক্ষাৰ পূৰ্বে ২১ আৰু ২২ জানুৱাৰীত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হ’ব।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব