কাইলৈ ঘোষণা হ’ব অসমৰ আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল, ক’ত, কেনেকৈ চাব? সবিশেষ..

১০ অক্টোবৰ ২০২৫ তাৰিখে পুৱা ১১:৩০ বজাত উপ-পৰিদৰ্শক, কনিষ্টবল (এবি) আৰু চতুৰ্থ শ্ৰেণীৰ ফলাফল প্ৰকাশ কৰা হ'ব । এই চূড়ান্ত পৰ্যায়ত সফলতাৰে উত্তীৰ্ণ প্ৰাৰ্থীসকলে খালী পদৰ বাবে নিজ নিজ নিযুক্তি পত্ৰ লাভ কৰিব।

কাইলৈ ঘোষণা হ’ব অসমৰ আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল, কত, কেনেকৈ চাব? সবিশেষ..

Assam Police Result

Updated On: 

09 Oct 2025 12:33 PM

ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে উপ পৰিদৰ্শকৰ লগতে বিভিন্ন পদ চূড়ান্ত ফলাফল ঘোষণা কৰিবলৈ সাজু হৈছে। জাননী অনুসৰি ১০ অক্টোবৰ ২০২৫ তাৰিখে পুৱা ১১:৩০ বজাত উপ-পৰিদৰ্শক, কনিষ্টবল (এবি) আৰু চতুৰ্থ শ্ৰেণীৰ ফলাফল প্ৰকাশ কৰা হ’ব । এই চূড়ান্ত পৰ্যায়ত সফলতাৰে উত্তীৰ্ণ প্ৰাৰ্থীসকলে খালী পদৰ বাবে নিজ নিজ নিযুক্তি পত্ৰ লাভ কৰিব।

নিযুক্তি পত্ৰ বিতৰণৰ কাম ২০২৫ চনৰ ২৫ বা ২৬ অক্টোবৰত অনুষ্ঠিত হ’ব। য’ত যোগদানৰ আনুষ্ঠানিকতা ২০২৫ চনৰ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে। প্ৰাৰ্থীসকলে তেওঁলোকৰ ফলাফল SLPRB ৱেব পৰ্টেলৰ জৰিয়তে চাব পাৰিব, আৰু প্ৰাসংগিক লিংকসমূহ ইয়াত উপলব্ধ কৰা হৈছে। মুঠ ৬২৫টা পদৰ বাবে অনুষ্ঠিত হৈছিল নিযুক্তি পৰীক্ষা।

চৰকাৰী অধিসূচনা অনুসৰি ২০২৫ চনৰ ৫ জানুৱাৰীত উপ-পৰিদৰ্শকৰ খালী পদৰ বাবে অনুষ্ঠিত হোৱা সংযুক্ত লিখিত পৰীক্ষাৰ  Answer Key  আৰু প্ৰশ্নকাকত ২০২৫ চনৰ ২২ জানুৱাৰী তাৰিখে পুৱা ১১:৩০ বজাত চৰকাৰী ৱেবছাইটত প্ৰকাশ কৰা হয়। আনুষ্ঠানিকভাৱে প্ৰকাশ পোৱাৰ পিছত Answer Key আৰু প্ৰশ্নকাকত ডাউনলোড কৰিব পাৰিব।

কেনেকৈ পাব ফলাফল?

অসম আৰক্ষীৰ এই খালী পদসমূহৰ বাবে অনলাইন আবেদন দাখিল কৰি আৰু নিযুক্তি প্ৰক্ৰিয়াত উপনীত হোৱা প্ৰাৰ্থীসকলে SLPRBৰ অফিচিয়েল ৱেবছাইটত গৈ চূড়ান্ত ফলাফল পৰীক্ষা কৰিব পাৰিব।  প্ৰাৰ্থীসকলে নিজৰ ফলাফল চাবলৈ আৰু ডাউনলোড কৰিবলৈ এই সহজ পদক্ষেপসমূহ অনুসৰণ কৰিব পাৰে:

  •  অফিচিয়েল ৱেবছাইট slprbassam.in ত লগ ইন কৰক।
  • হোমপেজত প্ৰদৰ্শিত “Assam Police Sub Inspector Result 2025” লিংকটো বিচাৰি উলিয়াওক।
  •  প্ৰৱেশৰ বিৱৰণ দিয়ক।
  •  লগইনৰ সবিশেষ পৰীক্ষা হোৱাৰ পিছত আপোনাৰ অসম আৰক্ষীৰ উপ পৰিদৰ্শক আৰু অন্যান্য পদৰ ফলাফল স্ক্ৰীণত ওলাব।
  • অসম আৰক্ষীৰ উপ পৰিদৰ্শক আৰু অন্যান্য পদৰ ফলাফল ডাউনলোড কৰি ভৱিষ্যতে ব্যৱহাৰৰ বাবে সংৰক্ষণ কৰক
আপোনাৰ ঘৰতো চৰায়ে বাহ সাজিছে নেকি? শুভ নে অশুভ জানক...
দেৱালীৰ সময়ত ঘৰলৈ আনক এই সামগ্ৰী! উদয় হ'ব ভাগ্য...
হ'ব পাৰে আৰ্থিক সমস্যা! দেৱালীৰ পূৰ্বে ঘৰৰ পৰা আঁতৰ কৰক এই সামগ্ৰী...
পুৰুষসকল সহজে আক্ৰান্ত হয় এইসমূহ ৰোগত, জানক...