Assam Job: স্নাতক উত্তীৰ্ণৰ বাবে গুৱাহাটীত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…

Assam Jobs: আপুনিও অসমত চাকৰি বিচাৰি আছে নেকি? যদি আছে তেন্তে ভাল খবৰ। কিয়নো ওলাইছে চাকৰি। কেইবাটাও পদৰ বাবে আবেদন প্ৰক্ৰিয়া চলি আছে। গতিকে যোগ্য আৰু ইচ্ছুকসকলে শীঘ্ৰেই আবেদন কৰিব পাৰে।

Assam Job: স্নাতক উত্তীৰ্ণৰ বাবে গুৱাহাটীত ওলাইছে চাকৰিঃ কত, কেনেকৈ আবেদন কৰিব জানক...

চাকৰি

Published: 

15 Dec 2025 | 04:04 PM

অসমত চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। কিয়নো পুনৰ ওলাইছে চাকৰি। শেহতীয়াকৈ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী (IITG)য়ে কেইবাটাও পদত নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত ১৭ টাকৈ কনিষ্ঠ সহকাৰী পদ পূৰ কৰিব। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে এই পদৰ বাবে আবেদন কৰিব পাৰে। বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে আৰু শেষ দিন ১৩ জানুৱাৰী, ২০২৬। গতিকে নিৰ্ধাৰিত সময়ৰ ভিতৰত অনলাইন আবেদন কৰিব পাৰে।

পদৰ বিষয়ে

  • পদৰ নামঃ কনিষ্ঠ সহকাৰী (Junior Assistant)
  • পদৰ সংখ্যাঃ ১৭ টা পদ। এই পদৰ সংখ্যা বৃদ্ধি হ’ব পাৰে।
  • দৰমহা মেট্ৰিক্স লেভেলঃ ৩ (7th Cpc)

অৰ্হতা

  • স্নাতক উত্তীৰ্ণ হ’ব লাগিব। ইয়াৰোপৰি কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব।
  • বয়সঃ প্ৰাৰ্থীৰ বয়সৰ সীমা ২৭ বছৰ ধৰা হৈছে। অৱশ্যে আই আই টি গুৱাহাটীৰ নিয়মীয়া কৰ্মচাৰীৰ বয়সৰ উচ্চ সীমা নাই। ইয়াৰোপৰি সংৰক্ষিত শ্ৰেণীৰ লোকে চৰকাৰী নিয়ম অনুসৰি বয়সৰ ক্ষেত্ৰত শিথিলতা লাভ কৰিব।

মাচুল

  • জেনেৰেল, অবিচিঃ ৫০০ টকা।
  • সংৰক্ষিত শ্ৰেণী, মহিলা, দিব্যাংগসকলৰ বাবে মাচুল নাই।

অনলাইন আবেদন পত্ৰঃ ক্লিক কৰক

অফিচিয়েল ৱেবচাইটঃ ক্লিক কৰক 

কেনেকৈ আবেদন কৰিব

  • প্ৰথমে আপুনি আই আই টি গুৱাহাটীৰ অফিচিয়েল চাইটলৈ যাওক।
  • পাছত Important Web-Links ত ক্লিক কৰক।
  • পাছত Online Application Form ত ক্লিক কৰি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।
  • নিজৰ তথ্য দিয়ক।
  • মাচুল জমা কৰি চাবমিট কৰক।

গতিকে আপুনিও যদি এই পদৰ বাবে যোগ্য আৰু ইচ্ছুক তেন্তে আজিয়ে অনলাইন আবেদন কৰিব পাৰে। ইয়াৰোপৰি ইয়াৰ বিষয়ে অধিক জানিবলৈ আই আই টিৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।

 

অন্য খবৰ পঢ়কঃ দশম উত্তীৰ্ণৰ বাবে চাকৰি! খালী ২৫,৪৮৭ টা পদ, দৰমহা ৬০,০০০ ৰো অধিক, কেনেকৈ আবেদন কৰিব জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...