অসমত চাকৰি বিচাৰি আছে নেকি? তেন্তে এই পদৰ বাবে এনেকৈ কৰিব পাৰে আবেদন, জানক সবিশেষ…
Job in Assam: আপুনিও অসমত চাকৰি বিচাৰি আছে নেকি? অসমৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ অধীনত ওলাইছে চাকৰি। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীয়ে কৰিব পাৰে আবেদন।

চাকৰি
অসম লোকসেৱা আয়োগ (APSC)য়ে অসমৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ অধীনত কেইবাটাও পদৰ নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে। এই আবেদন প্ৰক্ৰিয়াৰ জৰিয়তে আয়োগে ১৪ টা আইনী পৰিমাপ বিজ্ঞান (Inspector of Legal Metrology) পদ পূৰণ কৰিব। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন কৰিব পাৰিব। এই পদৰ বাবে আবেদন প্ৰক্ৰিয়া ২১ মাৰ্চৰ পৰা আৰম্ভ হব আৰু ই ২০ এপ্ৰিল, ২০২৫ লৈ চলিব।
পদৰ বিষয়ে
- পদৰ নামঃ আইনী পৰিমাপ বিজ্ঞানৰ পৰিদৰ্শক (Inspector of Legal Metrology)
- পদৰ সংখ্যাঃ ১৪ টা।
- দৰমহাঃ পে বণ্ড-৩, ২২,০০০ৰ পৰা ৯৭,০০০ লৈ, জিপিঃ ৯,৪০০ টকা।
- বিভাগৰ নামঃ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, অসম (Food, Public Distribution and Consumer Affairs Department, Assam)
অৰ্হতা
- প্ৰাৰ্থী ভাৰতীয় নাগৰিক হ’ব লাগিব।
- প্ৰাৰ্থী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
- পি আৰ চিৰ প্ৰয়োজন হ’ব।
- বয়সঃ ২১ বছৰৰ পৰা ৩৮ বছৰ বয়সৰ লোকসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব। অৱশ্যে এছ.চি, এছ.টিয়ে ৫ বছৰ, অবিচিয়ে ৩ বছৰ, পি ডব্লিউ বি ডিয়ে ১০ বছৰৰ ৰেহাই লাভ কৰিব।
- শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থীয়ে পদাৰ্থ বিজ্ঞানক মূল হিচাপে লৈ বিজ্ঞান বিভাগত স্নাতক হ’ব লাগিব। অথবা অভিযান্ত্ৰিক শাখাত স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।
- অসমৰ যিকোনো নিয়োগ বিনিময়ত প্ৰাৰ্থীয়ে নিজেই পঞ্জীয়ন কৰিব লাগিব।
মাচুল
- সাধাৰণ শ্ৰেণীঃ ২৯৭.২০ টকা।
- অবিচি-এমঅবিচিঃ ১৯৭.২০ টকা।
- এছচি, এছটি, বিপিএল, পিডব্লিউবিডিঃ ৪৭.২০ টকা।
কেনেকৈ আবেদন কৰিব
- প্ৰথমে আপুনি এ পি এছ চিৰ অফিচিয়েল ৱেবচাইটত যাওক।
- Important Web-Links ত যাওক।
- Online Application Form ত ক্লিক কৰক।
- নতুন পেজ খুলিব ।
- নিজৰ ব্যক্তিগত আৰু শিক্ষাগত তথ্য দাখিল কৰক।
- পাচপোৰ্ট ফটো লাগিব আৰু স্বাক্ষৰৰ প্ৰয়োজন হ’ব।
- মাচুল আদায় কৰি চাবমিট কৰক।
- আবেদনৰ প্ৰিন্ট এটা লৈ লব।
অনলাইন আবেদনঃ ক্লিক কৰক
বিজ্ঞাপনঃ ক্লিক কৰক
অফিচিয়েল ৱেবচাইটঃ ক্লিক কৰক
অন্য খবৰ পঢ়কঃ অসম আৰক্ষী কনিষ্টবল নিযুক্তিৰ লিখিত পৰীক্ষা স্থগিত, জানক নতুন তাৰিখ আৰু কেনেকৈ ডাউনলোড কৰিব এডমিট কাৰ্ড
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension