নীট পৰীক্ষাৰ বাবে NTA ক কি কি পৰিৱৰ্তৰ প্ৰস্তাৱ দিলে ৰাজ্য চৰকাৰে ?

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই(NTA) প্ৰতি বছৰে অনুষ্ঠিত কৰা NEET পৰীক্ষাৰ “ক্ৰতি মুক্ত” কৰাৰ বাবে কেইবাটাও সংস্কাৰৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এনটিএৰ সঞ্চালক প্ৰধানক ৰাজ্যৰ হৈ ৯ টা পৰিৱৰ্তনৰ প্ৰস্তাৱ আগবঢ়ায়।

নীট পৰীক্ষাৰ বাবে NTA ক কি কি পৰিৱৰ্তৰ প্ৰস্তাৱ দিলে ৰাজ্য চৰকাৰে ?

মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Published: 

15 Apr 2025 | 07:58 PM

দেশজুৰি স্নাতক চিকিৎসা আৰু পেৰামেডিকেল পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই(NTA) প্ৰতি বছৰে অনুষ্ঠিত কৰা NEET পৰীক্ষাৰ “ক্ৰতি মুক্ত” কৰাৰ বাবে কেইবাটাও সংস্কাৰৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এনটিএৰ সঞ্চালক প্ৰধানক ৰাজ্যৰ হৈ ৯ টা পৰিৱৰ্তনৰ প্ৰস্তাৱ আগবঢ়ায়।

আলোচনাৰ সবিশেষ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৰাজ্যৰ আৰক্ষীৰ তদন্তৰ পিছত এই বৈঠক হৈছিল । তেওঁ কয় যে, আৰক্ষীৰ তদন্তৰ পাছত ৰাজ্যৰ ব্যক্তিগত পৰীক্ষা কেন্দ্ৰত NEET ক্লিয়াৰ কৰা একাংশ ছাত্ৰ-ছাত্ৰীয়ে অস্বাভাৱিকভাৱে উচ্চ নম্বৰ লাভ কৰাৰ সন্দেহ কৰা হৈছে ।

ৰাজ্যৰ বিধানসভাই মাৰ্চ মাহত অসমৰ ব্যক্তিগত কোচিং চেণ্টাৰ আৰু ব্যক্তিগত বিশ্ববিদ্যালয়ৰ কাম-কাজ নিয়ন্ত্ৰণৰ বাবে দুখন বিধেয়ক গৃহীত কৰিছিল। USTM ৰ বিৰুদ্ধে পৰীক্ষা সম্পৰ্কীয় বিভিন্ন অভিযোগ উত্থাপন হোৱাৰ পিছতে এই বিধেয়ক অসম বিধানসভাত গৃহীত হৈছিল । শেহতীয়াকৈ মুখ্য়মন্ত্ৰী শৰ্মাই কয় যে, তেওঁৰ চৰকাৰে “NEET ৰ অখণ্ডতা ৰক্ষা”ৰ বাবে NTAত ৯টা পৰিৱৰ্তনৰ প্ৰস্তাৱ দিয়া হৈছে ।

এই ৯ টা প্ৰস্তাৱ কি ?

  • সকলো পৰীক্ষা কেন্দ্ৰ কেৱল চৰকাৰী বা চৰকাৰী সাহায্যপ্ৰাপ্ত মহাবিদ্যালয়ত থাকিব লাগে।
  • পৰীক্ষাৰ সামগ্ৰীৰ স্থানান্তৰ, বিতৰণ আৰু সংৰক্ষণৰ সৈতে জড়িত সুৰক্ষা ব্যৱস্থা ৰূপায়ণ।
  • সকলো পৰীক্ষা কেন্দ্ৰত চিচিটিভিৰ চোৰাংচোৱাগিৰি।
  • প্ৰতিটো কেন্দ্ৰত ফ্ৰিস্কিঙৰ বাবে এটা বিশদ মানক পৰিচালনা পদ্ধতি (SOP)।
  • পৰীক্ষাৰ পূৰ্বে প্ৰতিটো পৰীক্ষা কেন্দ্ৰলৈ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ ব্যক্তিগত পৰিদৰ্শন।
  • পৰীক্ষাৰ প্ৰস্তুতি আৰু পৰিচালনাৰ পৰ্যালোচনা আৰু নিৰীক্ষণৰ বাবে জ্যেষ্ঠ অসামৰিক সেৱা আৰু আৰক্ষী বিষয়া নিয়োগ কৰা।
  • অসমৰ মুখ্য সচিব, ডিজিপি, আৰু এনটিএৰ সঞ্চালক প্ৰধানৰ মাজত ঘনিষ্ঠ সমন্বয় ৰক্ষা, যাতে নিখুঁত পৰিকল্পনা নিশ্চিত কৰিব পাৰে।
  • অসাধুতাৰ প্ৰতি শূন্য সহনশীলতা, প্ৰক্ৰিয়াটোক উলংঘা কৰিবলৈ চেষ্টা কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...