ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

অতীতত ঘটা কিছুমান পৰিঘটনাই, যিয়ে আজিৰ দিনটোক ইতিহাসত লিপিবদ্ধ কৰি তুলিছিল। আজিৰ দিনটোতে ইউ এছ এছ আৰে বায়ুমণ্ডলীয় পাৰমাণৱিক পৰীক্ষণ চলাইছিল । ১৯১২ চনৰ আজিৰ দিনটোতে টাইটানিক জাহাজখনে প্ৰথম আৰু শেষৰটো যাত্ৰা আৰম্ভ কৰে। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা অতীতৰ কেইটামান পৰিঘটনা ।

ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

ফাইল ফটো

Published: 

10 Apr 2025 | 07:00 AM

আজি এপ্ৰিল মাহৰ ১০ তাৰিখ, বৃহস্পতিবাৰ । অতীতত ঘটা কিছুমান পৰিঘটনাই, যিয়ে আজিৰ দিনটোক ইতিহাসত লিপিবদ্ধ কৰি তুলিছিল। আজিৰ দিনটোতে ইউ এছ এছ আৰে বায়ুমণ্ডলীয় পাৰমাণৱিক পৰীক্ষণ চলাইছিল । ১৯১২ চনৰ আজিৰ দিনটোতে টাইটানিক জাহাজখনে প্ৰথম আৰু শেষৰটো যাত্ৰা আৰম্ভ কৰে। ব্ৰিটেইনৰ চাউথমপটন বন্দৰৰ পৰা নিউয়ৰ্কলৈ গৈ থকা এই জাহাজখন ১৯১২ চনৰ ১৪ এপ্ৰিলত উত্তৰ আটলাণ্টিক মহাসাগৰৰ এটা বৰফৰ পাহাৰৰ সৈতে খুন্দা খাই দুটা ভাগত ভাঙি যায়। এই দুৰ্ঘটনাত ১৫০০ৰো অধিক লোক নিহত হয়। সেই সময়ত এইটোৱেই আটাইতকৈ ডাঙৰ সামুদ্ৰিক দুৰ্ঘটনা।

১৯৯৫ চনৰ আজিৰ দিনটোতে দেশৰ প্ৰথমখন অকংগ্ৰেছ চৰকাৰৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ মৃত্যু হয়। ১৮৯৬ চনৰ ২৯ ফেব্ৰুৱাৰীত গুজৰাটত জন্মগ্ৰহণ কৰা মোৰাৰজী দেশাই দেশৰ প্ৰথমখন অকংগ্ৰেছী চৰকাৰৰ প্ৰধানমন্ত্ৰী আছিল। ১৯৯৫ চনৰ আজিৰ দিনটোতে তেওঁৰ মৃত্যু হয়। ১৯৭৭ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইন্দিৰা গান্ধী পৰাস্ত হোৱাৰ পিছত মোৰাৰজী দেশাই জনতা পাৰ্টি চৰকাৰৰ প্ৰধানমন্ত্ৰী হয়।

একেদৰে আজিৰ দিনটোতে কেৰালাত ফটকা বিস্ফোৰণত ১০০ৰো অধিক লোকৰ মৃত্যু হৈছিল আৰু মহিলা ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াই ভাৰতক ৯৮ ৰাণত পৰাস্ত কৰিছিল। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা অতীতৰ কেইটামান পৰিঘটনা ।

ইতিহাসৰ আজিৰ দিনটোত ঘটা আন কেইটামান পৰিঘটনা চাওঁ আহক

  1. ১৫০০ চনৰ আজিৰ দিনটোতে ফৰাচীসকলে মিলানৰ ড্যুক লুডভিকো স্ফৰ্জাক দখল কৰে।
  2. ১৮১৫ চনৰ আজিৰ দিনটোতে অষ্ট্ৰিয়াই নেপলছ ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
  3. ১৮২৭ চনৰ আজিৰ দিনটোতে জৰ্জ কেনিং ব্ৰিটিছ প্ৰধানমন্ত্ৰী হয়।
  4. ১৯৫৭ চনৰ আজিৰ দিনটোতে ছোভিয়েট ইউনিয়নে বায়ুমণ্ডলীয় পাৰমাণৱিক পৰীক্ষা চলাইছিল ।
  5. ২০১৬ চনৰ আজিৰ দিনটোতে কেৰালাৰ পুটিংগাল মন্দিৰত আতচবাজী বিস্ফোৰণত ১০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল।
  6. ১৯৪৭ চনৰ আজিৰ দিনটোতে জেকী ৰবিনছন ২০ শতিকাৰ প্ৰথমজন কৃষ্ণাংগ খেলুৱৈ হিচাপে এম এল বিৰ চুক্তিত স্বাক্ষৰ কৰে।
  7. ২০০৫ চনৰ আজিৰ দিনটোতে মহিলা ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াই ভাৰতক ৯৮ ৰানত পৰাস্ত কৰিছিল।
  8. ২০০১ চনত আজিৰ দিনটোতে নেদাৰলেণ্ডে ইউথেনেচিয়াক অনুমতি দিয়া বিধেয়ক গৃহীত কৰে। এনে আইন প্ৰণয়ন কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হয় নেদাৰলেণ্ডে।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব