Jobs: ওলাইছে চাকৰি, দৰমহা প্ৰতিমাহে ৮১,০০০ টকা! ক’ত, কেনেকৈ আবেদন কৰিব জানক…

Agriculture jobs: আপুনি কৃষিক্ষেত্ৰত চাকৰি কৰিব বিচাৰে নেকি? যদি বিচাৰে তেন্তে আপোনাৰ বাবে আছে এক ডাঙৰ সুযোগ। কিয়নো ওলাইছে চৰকাৰী চাকৰি। গতিকে যোগ্য আৰু ইচ্ছুকসকলে আবেদন কৰিব পাৰে।

Jobs: ওলাইছে চাকৰি, দৰমহা প্ৰতিমাহে ৮১,০০০ টকা! কত, কেনেকৈ আবেদন কৰিব জানক...

চাকৰি

Published: 

27 Nov 2025 | 11:06 AM

যদি আপুনি চাকৰি বিচাৰি আছে তেন্তে আছে এক ভাল খবৰ। কিয়নো পুনৰ ওলাইছে চৰকাৰী চাকৰি।ইয়াৰোপৰি আপুনি যদি কৃষিক্ষেত্ৰত নিজৰ কেৰিয়াৰ গঢ়িব বিচাৰিছে তেন্তে ই আপোনাৰ বাবে ডাঙৰ সুযোগ হ’ব পাৰে। কিয়নো গুজৰাটৰ কৃষি বিশ্ববিদ্যালয়সমূহত কৃষি সহায়ক (Agriculture Assistant)ৰ পদৰ বাবে বৃহৎ নিযুক্তি ঘোষণা কৰিছে। জুনাগড়, আনন্দ, আৰু নৱছাৰী কৃষি বিশ্ববিদ্যালয়ত মুঠ ১৫৮টা পদ পূৰণ কৰা হ’ব। এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া ১৮ নৱেম্বৰৰ পৰা চলি আছে আৰু ই ১২ ডিচেম্বৰ, ২০২৫ লৈ চলিব। গতিকে আপুনি যদি ভাল দৰমহাৰ এটা চাকৰি বিচাৰিছে তেন্তে ই আপোনাৰ বাবে ডাঙৰ সুযোগ হ’ব পাৰে।

অৰ্হতা

এই পদত আবেদন কৰিবলৈ যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কৃষি, উদ্যান শস্য, কৃষি প্ৰক্ৰিয়াকৰণ, কৃষি অভিযান্ত্ৰিকী, পুষ্টি আৰু সামূহিক বিজ্ঞান, খাদ্য প্ৰযুক্তি, খাদ্য বিজ্ঞান, কৃষি সহযোগিতা, বেংকিং আৰু বিপণন, বা গৃহ বিজ্ঞানৰ ২ বা ৩ বছৰীয়া ডিপ্লমা থাকিব লাগিব। ইয়াৰ উপৰিও তেওঁলোকৰ ডি অ’ ই এ চি চিৰ পৰা চি চি চি প্ৰমাণপত্ৰ বা সমতুল্য কম্পিউটাৰ পাঠ্যক্ৰম থাকিব লাগিব।

মাচুল

  • সাধাৰণ শ্ৰেণীঃ ১০০০ টকা।
  • EWS, SC, ST, আৰু SEBCঃ ২৫০ টকা
  • প্ৰাক্তন সেনাবাহিনীয়ে কোনো মাচুল দিব নালাগে।

আবেদন প্ৰক্ৰিয়া

এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া অনলাইনৰ জৰিয়তে চলি আছে। ইয়াৰ বাবে আপুনি বিশ্ববিদ্যালয়খনৰ অফিচিয়েল ৱেবছাইট aau.in ত গৈ আবেদন কৰিব লাগিব। প্ৰথমে আপুনি অফিচিয়েল ৱেবচাইটৰ নিযুক্তি শিতানত থকা বিজ্ঞাপন নং ০৪/২০২৫ ৰ লিংকত ক্লিক কৰি পঞ্জীয়ন কৰিব লাগিব। পাছত লগ ইন কৰি শিক্ষাগতা অৰ্হতা, ঠিকনা বা অন্য প্ৰয়োজনীয় তথ্য দাখিল কৰিব লাগিব। পাছত মাচুল জমা কৰি চাবমিট কৰিব।

দৰমহা

নিৰ্বাচিত প্ৰাৰ্থীসকলে প্ৰথম ৫ বছৰ মাহিলী ২৬,০০০ টকা দৰমহা লাভ কৰিব। ইয়াৰ পাছত দৰমহা বৃদ্ধি পাই প্ৰতিমাহ ৮১,০০০ টকা পৰ্যন্ত হ’ব। ইয়াৰোপৰি এই পদৰ বাবে প্ৰাৰ্থীক লিখিত পৰীক্ষাৰ দ্বাৰা বাছনি কৰা হ’ব।

 

 

অন্য খবৰ পঢ়কঃ দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব, জানক..

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...