ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

১৯৮১ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ জন্ম। ১৮০৭ চনত ফ্ৰান্স আৰু ৰাছিয়াই প্ৰথমখন টিলচিট চুক্তি(Treaty of Tilsit) স্বাক্ষৰ কৰে। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

দিনটোৰ ইতিহাস

Published: 

07 Jul 2025 09:33 AM

৭ জুলাইৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাততত লিপিবদ্ধ হৈ আছে। ১৯৮১ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ জন্ম। ১৮০৭ চনত ফ্ৰান্স আৰু ৰাছিয়াই প্ৰথমখন টিলচিট চুক্তি(Treaty of Tilsit) স্বাক্ষৰ কৰে। ২০০৫ চনত লণ্ডনে ৰাজহুৱা পৰিবহণ ব্যৱস্থাত ভয়াৱহ সন্ত্ৰাসবাদী বোমা বিস্ফোৰণৰ সন্মুখীন হয়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস

  1. ১৯৮১ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ জন্ম।
  2. ১৫৩৪ চনত ফৰাচী অভিযাত্ৰী জেক কাৰ্টিয়ে বৰ্তমানৰ কানাডাত খিলঞ্জীয়া লোকসকলৰ সৈতে প্ৰথম যোগাযোগ স্থাপন কৰিছিল।
  3. ১৮০৭ চনত প্ৰথম টিলচিট সন্ধি ফ্ৰান্সৰ প্ৰথম নেপোলিয়ন আৰু ৰাছিয়াৰ প্ৰথম আলেকজেণ্ডাৰে স্বাক্ষৰ কৰি চতুৰ্থ মিত্ৰজোঁটৰ যুদ্ধৰ সময়ত দুয়োখন ৰাষ্ট্ৰৰ মাজত শত্ৰুতা শেষ কৰে।
  4. ১৮৬৫ চনত আব্ৰাহাম লিংকনক হত্যা কৰাৰ ষড়যন্ত্ৰত ভূমিকা লোৱাৰ বাবে ৱাশ্বিংটন ডি চিত চাৰিজন লোকক ফাঁচী দিয়া হৈছিল।
  5. ১৯৭৬ চনত ৱেষ্ট পইণ্টৰ ইউনাইটেড ষ্টেটছ মিলিটাৰী একাডেমীয়ে প্ৰথমবাৰৰ বাবে মহিলা কেডেট গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে।
  6. ২০০৫ চনত লণ্ডনৰ তিনিটা আণ্ডাৰগ্ৰাউণ্ড ষ্টেচন আৰু এখন ডাবল ডেকাৰ বাছত হোৱা সন্ত্ৰাসবাদী বোমা বিস্ফোৰণত ৫২ জন লোকৰ মৃত্যু হোৱাৰ লগতে শতাধিক লোক আহত হয়।
  7. ১৯৯৯ চনত কাৰ্গিল যুদ্ধত কেপ্তেইন বিক্ৰম বাত্ৰাৰ নিহত হয়।
  8. ১৯৭৮ চনত ছলমন দ্বীপপুঞ্জৰ স্বাধীনতা ঘোষণা কৰা হয়।
জিংকৰ অভাৱ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
ডায়েবেটিছ ৰোগীয়ে আম খাব পাৰে নে? চাওঁ আহক আমি সততে নজনা কিছু কথা
খালী পেটত গ্ৰীণ টী খোৱাটো ক্ষতিকাৰক নেকি? পাৰ্শ্বক্ৰিয়া আৰু সেৱন কৰাৰ উত্তম সময় জানক
বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? এই লক্ষণসমূহক আওকাণ কৰিলে বিপদত পৰিব পাৰে...