৭ ডিচেম্বৰৰ ইতিহাস: পাৰ্ল হাৰ্বাৰৰ আক্ৰমণৰ পৰা “ব্লু মাৰ্বল”লৈ…
বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পাৰ্ল হাৰ্বাৰৰ আক্ৰমণৰ পৰা “ব্লু মাৰ্বল”লৈ চাওঁ আহক দিনটোৰ ইতিহাস।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১৯৪১ চনৰ ৭ ডিচেম্বৰত জাপানী বোমাৰু বিমানে হাৱাইত থকা আমেৰিকাৰ নৌসেনাৰ ঘাটি পাৰ্ল হাৰ্বাৰত আকস্মিক আক্ৰমণ চলাই ছখন যুদ্ধজাহাজ, ১১২খন নাও আৰু ১৬৪খন যুদ্ধ বিমান ধ্বংস কৰে। এই আক্ৰমণত মুঠ ২৪০০ৰো অধিক আমেৰিকান সৈনিক নিহত হয়।
১৯৭২ চনৰ আজিৰ দিনটোতে নাছাৰ চূড়ান্ত মানৱসহ অভিযান এপ’ল’ ১৭ ৰ ক্ৰুৱে “ব্লু মাৰ্বল” নামৰ মহাকাশযানৰ পৰা পৃথিৱীৰ এখন ফটো তুলিছিল। ক্ৰুসকলৰ ভিতৰত আছিল মহাকাশচাৰী ইউজিন চেৰনান, হেৰিছন শ্বমিট আৰু ৰ’নাল্ড ইভান্স। এই ছবিখন এপ’ল’ ১৭ অভিযান আৰম্ভ হোৱাৰ প্ৰায় পাঁচ ঘণ্টাৰ পিছত লোৱা হৈছে।
১৯৮২ চনৰ আজিৰ দিনটোতে আমেৰিকাত প্ৰথমবাৰৰ বাবে মাৰাত্মক বেজীৰ দ্বাৰা মৃত্যুদণ্ডৰ ব্যৱস্থা কৰা হয়। টেক্সাছত হত্যাৰ দোষী সাব্যস্ত হোৱা চাৰ্লছ ব্ৰুকছ জুনিয়ৰক ড্ৰাগছৰ ককটেইল বেজী দিয়া হৈছিল আৰু লাহে লাহে তেওঁৰ মৃত্যু হৈছিল। এই ধৰণৰ শাস্তিৰ ফলত চিকিৎসক আৰু জনসাধাৰণৰ মাজত বিতৰ্কৰ সৃষ্টি হৈছিল যে, এই পদ্ধতি মানৱীয় নেকি? কিন্তু আজিও এই শাস্তি পদ্ধতি ব্যৱহাৰ কৰা হয়।
৭ ডিচেম্বৰৰ সৈতে জড়িত এটা ডাঙৰ পৰিঘটনা ২০০১ চনৰ পৰাই আৰম্ভ হৈছিল, যেতিয়া তালিবানে আফগানিস্তানত থকা নিজৰ দুৰ্গ কাণ্ডাহাৰ পৰিত্যাগ কৰিছিল, যাৰ ফলত ৬১ দিনীয়া যুদ্ধৰ অন্ত পৰিছিল। আফগানিস্তানৰ নতুন অন্তৱৰ্তীকালীন প্ৰশাসনৰ মুৰব্বী হামিদ কাৰ্জাই আৰু তালিবান নেতৃত্বৰ মাজত হোৱা চুক্তিৰ পিছত উগ্ৰপন্থীসকলে এই গুৰুত্বপূৰ্ণ দুৰ্গটো ত্যাগ কৰাৰ সিদ্ধান্ত লয়।
৭ ডিচেম্বৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ইতিহাসত লিপিবদ্ধ হোৱা অন্যান্য পৰিঘটনা
- ১৭৮২ চনত মহীশূৰৰ হাইদৰ আলীৰ মৃত্যু হয়।
- ১৮২৫ চনত কলিকতা (বৰ্তমান কলকাতা)ত উপস্থিত হয় প্ৰথম ভাপ চালিত জাহাজ এণ্টাৰপ্ৰাইজ।
- ১৯৪১ চনত জাপানী বাহিনীয়ে হাৱাইৰ পাৰ্ল হাৰ্বাৰত থকা আমেৰিকাৰ নৌসেনাৰ ঘাটিত আক্ৰমণ কৰে।
- ১৯৭৫ চনত স্বাধীনতা ঘোষণা কৰাৰ লগে লগে ইণ্ডোনেছিয়ান বাহিনীয়ে ইষ্ট টিমৰ আক্ৰমণ কৰি দখল কৰে।
- ১৯৮৮ চনত উত্তৰ-পশ্চিম আৰ্মেনিয়াত এক বৃহৎ ভূমিকম্পই কেইবাখনো চহৰ ধ্বংস কৰে।
- ১৯৯৫ চনত ভাৰতে যোগাযোগ উপগ্ৰহ INSAT 2C উৎক্ষেপণ কৰে।
- ২০০১ চনত তালিবানে কেইবা সপ্তাহ ধৰি আমেৰিকাৰ বোমা বিস্ফোৰণৰ অন্তত নিজৰ ধৰ্মীয় দুৰ্গ কান্দাহাৰ পৰিত্যাগ কৰাৰ সিদ্ধান্ত লয়।
- ২০০৪ চনত হামিদ কাৰ্জায়ে আফগানিস্তানৰ প্ৰথম নিৰ্বাচিত ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে।