ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা…

বহু ঘটনা পৰিঘটনাৰ বাবে ১১ জানুৱাৰীৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। এই দিনটোত ক'ত কি ঘটিছিল ? পলকতে চাওঁ আহক।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা...
Published: 

11 Jan 2026 | 10:06 AM

সমগ্ৰ দেশে আজি ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীক স্মৰণ কৰিছে। ১৯৬৬ চনৰ ১১ জানুৱাৰীত তেতিয়াৰ ছোভিয়েট ইউনিয়নৰ অংশ উজবেকিস্তানৰ তাছকেন্দত তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যু আজিও এক ৰহস্যৰ আৱৰ্তত। জাতিটোক “জয় জৱান, জয় কিষাণ” শ্লোগান দিয়া আৰু স্বচ্ছ ভাবমূৰ্তি আৰু সৰলতাৰ বাবে বিখ্যাত শাস্ত্ৰীয়ে প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পিছত ১৯৬৪ চনৰ ৯ জুনত প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰে। প্ৰায় ১৮ মাহ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৬৬ চনৰ ১১ জানুৱাৰীৰ নিশা তাছকেন্দত পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খানৰ সৈতে যুদ্ধৰ অন্ত পেলাবলৈ চুক্তিত স্বাক্ষৰ কৰাৰ পাছত ৰহস্যজনক পৰিস্থিতিত তেওঁৰ মৃত্যু হয়। ইয়াৰ লগতে চাওঁ আহক অন্যান্য পৰিঘটনা।

দিনটোৰ ইতিহাস

  1. ১৫৬৯ চনত ইংলেণ্ডত প্ৰথম লটাৰী আৰম্ভ হয়।
  2. ১৬১৩ চনত মোগল সম্ৰাট জাহাংগীৰে ইষ্ট ইণ্ডিয়া কোম্পানীক চুৰাটত এটা কাৰখানা স্থাপনৰ অনুমতি প্ৰদান কৰে।
  3. ১৯২২ চনত ডায়েবেটিছ ৰোগীক প্ৰথমবাৰৰ বাবে ইনচুলিন প্ৰদান কৰা হয়।
  4. ১৯৪২ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানে কুৱালালামপুৰ দখল কৰে।
  5. ১৯৫৪ চনত শিশু শ্ৰমিকৰ বিৰুদ্ধে মাত মতা নোবেল বঁটা বিজয়ী কৈলাশ সত্যৰ্থীৰ জন্ম হয়।
  6. ১৯৬৬ চনত পাকিস্তানৰ সৈতে এখন শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি তাছকেন্দত তদানীন্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যু হয়।
  7. ১৯৭২ চনত পূব জাৰ্মানীয়ে বাংলাদেশক স্বীকৃতি দিয়ে।
  8. ১৯৯৮ চনত আলজেৰিয়া চৰকাৰে দুখন গাঁৱত আক্ৰমণৰ বাবে ইছলামিক উগ্ৰপন্থীক দোষাৰোপ কৰিছিল, য’ত ১০০ জন লোকৰ মৃত্যু হৈছিল।
  9. ২০০১ চনত ভাৰত আৰু ইণ্ডোনেছিয়াই প্ৰথম প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ কৰে।
বয়স ৩০ৰ আশে-পাশে বাঢ়ে ফেটি লিভাৰৰ শংকা! এইদৰে পাব চিন্তাৰ পৰা পৰিত্ৰাণ
সৰস্বতী পূজাত পাঠ কৰক সৰস্বতী স্তোত্ৰ, দেখিব জীৱনত আচৰিত পৰিৱৰ্তন!
আগতীয়াকৈ হাঁওফাঁওৰ কৰ্কট ৰোগ কেনেকৈ ধৰা পেলাব ? প্ৰতিৰোধৰ উপায়...
শত্ৰু নাশ! হনুমান ভক্তসকলে মাত্ৰ মঙলবাৰে দান কৰক এইবোৰ সামগ্ৰী
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ