মূল্যবৃদ্ধি হ’ব নেকি পিঁয়াজৰ? জানক চৰকাৰৰ কি আছে পৰিকল্পনা

গ্ৰীষ্মকালত দেশত পিঁয়াজৰ ব্যৱহাৰ বৃদ্ধি পায়। এনে পৰিস্থিতিত চৰকাৰে পিয়াঁজৰ দাম নিয়ন্ত্ৰণত ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। এই গ্ৰীষ্মতো কম মূল্যত পিঁয়াজ পোৱা যাবনে?

মূল্যবৃদ্ধি হব নেকি পিঁয়াজৰ? জানক চৰকাৰৰ কি আছে পৰিকল্পনা

মূল্যবৃদ্ধি হ'ব নেকি পিঁয়াজৰ?

Published: 

23 Mar 2025 11:15 AM

গ্ৰীষ্মকালত পিঁয়াজৰ চাহিদা বৃদ্ধি পায়, সেয়েহে ইয়াৰ যোগান আৰু দাম নিয়ন্ত্ৰণত ৰখাটো গুৰুত্বপূৰ্ণ। এতিয়া চৰকাৰে দেশত পিয়াঁজৰ ৰপ্তানি সহজ কৰি তুলিছে, এই ক্ষেত্ৰত গ্ৰীষ্মকালত পিঁয়াজৰ দাম সুস্থিৰ হৈ থাকিবনে?

বৰ্তমান ভাৰতত পিয়াঁজৰ ৰপ্তানিৰ ওপৰত শুল্ক আৰোপ কৰা হৈছে। ইয়াৰ হাৰ ২০ শতাংশ। এতিয়া চৰকাৰে পিয়াঁজ ৰপ্তানিৰ এই ২০ শতাংশ শুল্ক ১ এপ্ৰিলৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে।

চৰকাৰে কিয় এই সিদ্ধান্ত ল’লে?

২০ শতাংশ ৰপ্তানি শুল্ক প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত সন্দৰ্ভত চৰকাৰৰ আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে কৃষকৰ স্বাৰ্থ ৰক্ষাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। সেই অনুসৰি গ্ৰাহক বিভাগৰ পৰা পত্ৰ লাভ কৰাৰ পিছতহে ৰাজহ বিভাগে ২০ শতাংশ ৰপ্তানি শুল্ক প্ৰত্যাহাৰ কৰিবলৈ অধিসূচনা জাৰি কৰিছে। চৰকাৰে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত পিঁয়াজৰ ৰপ্তানিৰ ওপৰত এই শুল্ক আৰোপ কৰিছিল।

গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, “পিঁয়াজ খেতিয়কসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ ওপৰত লাভৱান হোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। একে সময়তে ই সাধাৰণ গ্ৰাহকৰ বাবে পিয়াঁজৰ যুক্তিসংগত মূল্য বজাই ৰখাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা প্ৰকাশ কৰিছে। ৰবি শস্যৰ সময়ত পিঁয়াজৰ ভাল আগমনৰ আশা কৰা হৈছে। সেয়েহে পিঁয়াজৰ পাইকাৰী আৰু খুচুৰা মূল্য হ্ৰাস পাইছে।”

কৰ আৰোপৰ পিছতো ৰপ্তানি বহুত হৈছিল

২০২৪ চনৰ ছেপ্টেম্বৰৰ পৰা ৰপ্তানি শুল্ক কাৰ্যকৰী হোৱাৰ পিছতো চলিত বিত্তীয় বৰ্ষত ১৮ মাৰ্চলৈকে দেশত পিয়াঁজৰ ৰপ্তানি ১১.৬৫ লাখ টন হয়। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত পিয়াঁজৰ মাহিলী ৰপ্তানি ০.৭২ লাখ টন আছিল, যিটো চলিত বৰ্ষৰ জানুৱাৰী মাহত ১.৮৫ লাখ টনলৈ বৃদ্ধি পাইছে। ৰবি শস্যৰ যোগান বৃদ্ধিৰ বাবে মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ দৰে প্ৰধান উৎপাদনকাৰী ৰাজ্যত পিয়াঁজৰ মূল্য হ্ৰাস পাইছে।

ভৱিষ্যতেও পিঁয়াজ সস্তা হৈ থাকিবনে?

আগন্তুক মাহত দেশত পিঁয়াজৰ দাম নিয়ন্ত্ৰণত থাকিব বুলি আশা কৰা হৈছে। কৃষি মন্ত্ৰালয়ে অনুমান কৰিছে যে, এইবাৰৰ ৰবি শস্যৰ সময়ত পিঁয়াজৰ উৎপাদন ২২৭ লাখ টন হ’ব, যিটো যোৱা বছৰৰ ১৯২ লাখ টনতকৈ ১৮ শতাংশ বেছি। ভাৰতৰ মুঠ উৎপাদনৰ ৭০-৭৫ শতাংশ ৰবি শস্যৰ পিয়াঁজ অক্টোবৰ-নৱেম্বৰ মাহত খাৰিফ শস্যৰ যোগান আৰম্ভ নোহোৱালৈকে বজাৰত দাম সুস্থিৰ কৰি ৰাখিবলৈ অপৰিহাৰ্য।

 

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension