TV9 ASSAM
সম্প্ৰতি সুপ্ৰসন্ন হৈছে শুভমন গিলৰ ভাগ্য। প্ৰথমে ভাৰতীয় টেষ্ট দলৰ অধিনায়কৰ পিছত এতিয়া টি-২০ত সহ-অধিনায়ক হিচাপে নিযুক্ত হৈছে গিল।
দলত নতুন দায়িত্ব লাভৰ পিছত গিলৰ আৰ্থিক দিশতো উন্নতি সাধন হোৱাটো স্বাভাৱিক। খবৰ অনুসৰি অনাগত দিনত গিলৰ বাবে হ’ব পাৰে ধনৰ বৰষুণ!
খবৰ অনুসৰি প্ৰায় ১৫টা ব্ৰেণ্ডে শুভ্মান গিলৰ সৈতে চুক্তিবদ্ধ হ’ব বিচাৰিছে আৰু ইয়াৰ বাবে তেওঁ বহু টকা লাভ কৰিব পাৰে।
স্বাভাৱিকতেই এতিয়া শুভমন গিলৰ এণ্ডাৰছমেণ্ট বৃদ্ধি পাব পাৰে। খবৰ অনুসৰি এতিয়া তেওঁ ব্ৰেণ্ড ডিলৰ বাবে বছৰি ৬ৰ পৰা ৮ কোটি টকা ল’ব পাৰে।
কেৱল ব্ৰেণ্ড এণ্ডাৰছমেণ্টৰ পৰাই শুভমন গিলে এতিয়া বছৰি ৩০ৰ পৰা ৪০ কোটি টকা উপাৰ্জন কৰিব পাৰিব বুলিও খবৰ প্ৰকাশ পাইছে।
ইতিমধ্যে গিল MRF, Oakley, Coca-Cola, Casioৰ দৰে বৃহৎ কোম্পানীসমূহৰ সৈতে চুক্তিবদ্ধ হৈ আছে। এতিয়া অধিক কোম্পানী তেওঁৰ কাষ চাপিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক
এইসমূহ অভ্যাস এৰিলে সুস্থ হৈ থাকিব মগজু