শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আমেৰিকাৰ বাজেটত অচলাৱস্থা, হুৰমূৰকৈ বাঢ়িছে সোণৰ দাম, ভাৰতত কি প্ৰভাৱ পৰিব?

US Shutdown: আমেৰিকাৰ বাজেট লক আপ কৰা হৈছে। এই অচলাৱস্থাই কেইবাটাও অত্যাৱশ্যকীয় চৰকাৰী সেৱা স্তব্ধ কৰি তুলিছে। ফলত ইয়াক কেৱল আমেৰিকাৰ আভ্যন্তৰীণ সমস্যা বুলি লেবেল লগোৱাটো সঠিক নহয়, এই সমস্যাটোৱে সমগ্ৰ বিশ্ব বজাৰখনতে প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে।

আমেৰিকাৰ বাজেটত অচলাৱস্থা, হুৰমূৰকৈ বাঢ়িছে সোণৰ দাম, ভাৰতত কি প্ৰভাৱ পৰিব?
আমেৰিকাৰ চাট ডাউনৰ প্ৰভাৱ ভাৰততImage Credit source: TV9 Bangla
raj-saikia
Raj Saikia | Updated On: 07 Oct 2025 16:04 PM

আমেৰিকাত চাট ডাউন। যাৰ ফলত স্থবিৰ হৈ পৰিছে বিশ্ব অৰ্থনীতি। ইফালে এতিয়াও ট্ৰাম্পৰ শুল্ক নীতিৰ জোকাৰণিৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই ভাৰতীয় বজাৰ। সেই সময়তে সমগ্ৰ বিশ্ব বজাৰত সৃষ্টি হ’ল আন এক জোকাৰণি। ইয়াৰ ফলত ক্ষতি হ’ব ভাৰতীয় অৰ্থনীতিৰ।

চাট ডাউন কি?

চাট ডাউন, যাক কোৱা হয় অচলাৱস্থা। আমেৰিকাৰ কংগ্ৰেছত বাজেট উপস্থাপনৰ সময়ত ৰিপাব্লিকান আৰু ডেম’ক্ৰেটসকলে স্বাস্থ্যসেৱাৰ পুঁজিৰ ক্ষেত্ৰত নিজৰ স্থিতিৰ ওপৰত অটল থাকে। চিনেটৰৰ সমৰ্থন নাপালে আমেৰিকা চৰকাৰে। সেইবাবেই বাজেটত চাট ডাউন কৰা হয়। এই অচলাৱস্থাৰ বাবে কেইবাটাও অত্যাৱশ্যকীয় চৰকাৰী সেৱা স্তব্ধ হৈ পৰিছে আমেৰিকাত।

ইয়াক কেৱল আমেৰিকাৰ আভ্যন্তৰীণ সমস্যা বুলি লেবেল লগোৱাটো সঠিক নহয়, যিটো বুজা গৈছে সমগ্ৰ বিশ্বৰ বজাৰতেই সমস্যাটোৰ প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্যই ১ লাখ ২১ হাজাৰ টকা অতিক্ৰম কৰিছে। ফলত এই নতুন সংকটে ভৱিষ্যতে দেশৰ অর্থনৈতিক পৰিস্থিতি আৰু অধিক জটিল কৰি তোলাটো কোনো আচৰিত কথা নহয় ৷

কেতিয়া অন্ত পৰিব অচলাৱস্থাৰ?

এই অচলাৱস্থা কেতিয়া শেষ হ’ব কোনেও নাজানে। ইয়াৰ পূৰ্বেও বহুবাৰ এনে অচলাৱস্থাৰ সন্মুখীন হৈছে আমেৰিকান প্ৰশাসন। ২০১৮-১৯ চনত ড’নাল্ড ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত আমেৰিকানসকলে ৩৫ দিনৰ বাবে সন্মুখীন হৈছিল এনে অৱস্থাৰ। তাৰ পূৰ্বেও ১৯৯৫-৯৬ চনত ২১ দিনৰ বাবে অচলাৱস্থাৰ সৃষ্টি হৈছিল। ইয়াৰ উপৰিও ২০১৩ চনত বাৰাক ওবামাৰ সময়ত সমগ্ৰ বিশ্বতে ১৬ দিনৰ বাবে সৃষ্টি হৈছিল অচলাৱস্থাৰ। তথ্য অনুসৰি ২০১৩ চনত ১৬ দিনীয়া অচলাৱস্থাৰ ফলত আমেৰিকাৰ অৰ্থনীতিৰ ক্ষতি হৈছিল মাত্ৰ ২৪ বিলিয়ন ডলাৰ।

অৰ্থনৈতিক অস্থিৰতা

আমেৰিকাত অচলাৱস্থাৰ সৃষ্টি হোৱাৰ ফলত সমগ্ৰ বিশ্বৰ অৰ্থনীতিত প্ৰভাৱ পৰিছে। ভাৰতীয় বজাৰতো ইয়াৰ প্ৰভাৱ পৰিছে। বিশ্বৰ বিনিয়োগকাৰীসকল আতংকিত হৈ পৰিছে আৰু তেওঁলোকে নিজৰ বিনিয়োগ নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে। ফলত ভাৰতীয় বজাৰত বিদেশী পৰ্টফলিঅ’ থকা বিনিয়োগকাৰীসকলেও নিজৰ বিনিয়োগ স্থানান্তৰিত কৰিছে।

বিশেষজ্ঞসকলে কয় যে এই পৰিস্থিতিত টকাৰ দাম দুৰ্বল হৈ আহিছে। কাৰণ, আমেৰিকাত স্থবিৰতাৰ বাবে ডলাৰৰ চাহিদা বৃদ্ধি পাইছে। ইতিমধ্যে দেখা গৈছে যে ডলাৰৰ বিপৰীতে টকাৰ বিনিময় হাৰ বৃদ্ধি পাইছে। ইয়াৰ প্ৰভাৱ শ্বেয়াৰ বজাৰতো কিছুমান ক্ষেত্ৰত দেখা গৈছে। কিন্তু ক’ব পাৰি যে এবাৰ অচলাৱস্থা প্ৰত্যাহাৰ হ’লে এই জোকাৰণিৰ প্ৰভাৱ আৰু নাথাকিব।

প্ৰত্যাহ্বানৰ সন্মুখীন ভাৰতীয়  অৰ্থনীতি

ভাৰতৰ কেইবাটাও খণ্ড ক্ষতিগ্ৰস্ত হ’ব। বিশেষকৈ বস্ত্ৰশিল্প, ঔষধ আৰু অন্যান্য খণ্ডসমূহ ইয়াৰ বাবে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব। কাৰণ, আমেৰিকাৰ কেইবাটাও চৰকাৰী সংস্থা অচলাৱস্থাৰ অধীনত। আনহাতে, আমেৰিকাৰ শুল্ক নীতিয়েও অতি লাহে লাহে কাম কৰি আছে। ফলত ভাৰতৰ পৰা ৰপ্তানি কৰা সকলো সামগ্ৰী আমেৰিকাৰ মাটিলৈ আনিবলৈ বহু সময় লাগিব। ভাৰতীয় কোম্পানীসমূহ ইয়াৰ দ্বাৰা প্ৰভাৱিত হ’ব। আমেৰিকাই ইতিমধ্যে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। এই নতুন প্ৰত্যাহ্বানৰ বাবে ভাৰতীয় বজাৰখন বহু পৰিমাণে প্ৰভাৱিত হ’ব বুলি বিশেষজ্ঞসকলে বিশ্বাস কৰে।

চাকৰিৰ ক্ষেত্ৰত চাপ সৃষ্টি

অচলাৱস্থাৰ বাবে আমেৰিকাত ৭ লাখৰো অধিক কৰ্মচাৰীয়ে দৰমহা পোৱা নাই। বহুতেই কাম বন্ধ কৰি দিছে। ইয়াৰ ফলত সেই দেশৰ ব্যক্তিগত খণ্ডতো প্ৰভাৱ পৰিব। ফলত তেওঁলোকৰ দৰমহাও আবদ্ধ হৈ পৰিব পাৰে। কেইবালাখো ভাৰতীয়ই আমেৰিকাত চৰকাৰী আৰু ব্যক্তিগত খণ্ডত কাম কৰে। ফলত যদি তেওঁলোকৰ দৰমহা আবদ্ধ হৈ থাকে তেন্তে ইয়াৰ প্ৰভাৱ ৰেমিটেন্সত পৰিব। অৰ্থাৎ সেই দেশৰ পৰা তাত বসবাস কৰা লোকে ভাৰতলৈ ধন পঠোৱাত সমস্যা হ’ব।

যদিহে এই অচলাৱস্থা দীৰ্ঘদিন ধৰি চলি থাকে আৰু চৰকাৰী সংস্থাত চাকৰিৰ পৰা অব্যাহতি আৰম্ভ হয়, তেন্তে দেশখনৰ ব্যক্তিগত খণ্ডতো হুলস্থুলৰ সৃষ্টি হ’ব। প্ৰায় সকলো ক্ষেত্ৰতে সেই দেশত বসবাস কৰা ভাৰতীয় শ্ৰমিকৰ মনত চাকৰি হেৰুৱাৰ ভয়ৰ সৃষ্টি হ’ব। ফলত অৰ্থনৈতিক মন্দাৱস্থা সম্পূৰ্ণৰূপে নুই কৰিব নোৱাৰি।

দেশীয় প্ৰতিৰোধ ক্ষমতা

আমেৰিকাৰ বাবে ভাৰতীয় অৰ্থনীতিত জোকাৰণিৰ সৃষ্টি হ’লেও ইয়াৰ কিমান প্ৰভাৱ পৰিব সেয়া কোৱা টান। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শেহতীয়াকৈ কৌটিল্য অৰ্থনৈতিক সন্মিলনত কয়, ‘‘ভাৰতীয় অৰ্থনীতি বৰ্তমান এক স্থিতিস্থাপক অৱস্থাত আছে। এই অৰ্থনীতিয়ে যিকোনো জোকাৰণি চম্ভালিব পাৰে।’’

বিশেষজ্ঞসকলৰ মতে ভাৰতৰ জিডিপি সাধাৰণতে ঘৰুৱা বজাৰৰ ওপৰত নিৰ্ভৰশীল। ফলত বিশ্ব বজাৰৰ অস্থিৰতাৰ পৰা ভাৰতীয় অৰ্থনীতিয়ে কিছু সুৰক্ষা লাভ কৰে। ইয়াৰ উপৰিও ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কেইবাটাও নীতিয়ে ভাৰতীয় অৰ্থনীতি সুস্থিৰ কৰি ৰখাত সহায় কৰে।

পৰৱৰ্তী অৱস্থাত কি হ’ব?

আমেৰিকাৰ এই অচলাৱস্থাৰ প্ৰভাৱ বিশ্ব বজাৰত হ্ৰস্বম্যাদী হ’ব নে দীৰ্ঘম্যাদী হ’ব সেয়া নিৰ্ভৰ কৰিব সেই দেশত এই ৰাজনৈতিক অচলাৱস্থা কিমান দিনলৈ চলিব তাৰ ওপৰত। যদিহে সমস্যাটো সোনকালে সমাধান নহয় তেন্তে সোণকে ধৰি কেইবাটাও সামগ্ৰীৰ দাম বৃদ্ধি পাব পাৰে। এই সমস্যা যিমান সোনকালে সমাধান হ’ব, ভাৰতীয় বজাৰখন সিমানেই দ্ৰুতগতিত সুস্থিৰ হৈ উঠিব। অৱশ্যে ভাৰতৰ এটা অতিৰিক্ত সুবিধা আছে। আমাৰ অৰ্থনৈতিক ভিত্তি আৰু স্থিতিশীলতা এই সমস্যাৰ পৰা ৰক্ষাকৱচ বুলি ক’ব পাৰি।

প্ৰতিবেদক- সুপ্ৰিয় ঘোষ, ছিনিয়ৰ ছাব এডিটৰ, TV9- বাংলা