দ্ৰুতগতিত উত্থান ভাৰতৰ অৰ্থনীতি, পিছ পৰিব আমেৰিকা-চীনো! ৰাষ্ট্ৰসংঘই দিলে প্ৰত্যাশাৰ ইঙ্গিত

অৰ্থনৈতিক বিকাশৰ গতিৰ ক্ষেত্ৰত ভাৰতে গঢ়ি তুলিছে এক উল্লেখনীয় নজিৰ। ভাৰতৰ বিকাশৰ এই দ্ৰুতগতিক স্বীকৃতি দিছে ৰাষ্ট্ৰসংঘয়ো। প্ৰতি বছৰে ৰাষ্ট্ৰসংঘই বছৰৰ মাজভাগত এক প্ৰতিবেদন দাখিল কৰে। এইবাৰ এই বিশেষ প্ৰতিবেদনত ভাৰতক উচ্চ প্ৰশংসাৰে কৰিছে ৰাষ্ট্ৰসংঘই।

দ্ৰুতগতিত উত্থান ভাৰতৰ অৰ্থনীতি, পিছ পৰিব আমেৰিকা-চীনো! ৰাষ্ট্ৰসংঘই দিলে প্ৰত্যাশাৰ ইঙ্গিত

অৰ্থনৈতিক উত্থান ভাৰতৰ

monjit-dutta
Published: 

16 May 2025 21:42 PM

বিশ্বৰ বুকুত এতিয়া এক অন্যতম শক্তিশালী অৰ্থনীতিৰ দেশ ভাৰত। অৰ্থনৈতিক বিকাশৰ গতিৰ ক্ষেত্ৰত ভাৰতে গঢ়ি তুলিছে এক উল্লেখনীয় নজিৰ। ভাৰতৰ বিকাশৰ এই দ্ৰুতগতিক স্বীকৃতি দিছে ৰাষ্ট্ৰসংঘয়ো। প্ৰতি বছৰে ৰাষ্ট্ৰসংঘই বছৰৰ মাজভাগত এক প্ৰতিবেদন দাখিল কৰে। এইবাৰ এই বিশেষ প্ৰতিবেদনত ভাৰতক উচ্চ প্ৰশংসাৰে কৰিছে ৰাষ্ট্ৰসংঘই। ভাৰত বিশ্বৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি বুলি ৰাষ্ট্ৰসংঘই এই প্ৰতিবেদনত প্ৰকাশ কৰিছে। এই বৰ্ষত ভাৰতে ৬.৩ শতাংশ অৰ্থনৈতিক বৃদ্ধি লাভ কৰিব পাৰিব বুলি এই প্ৰতিবেদনত অনুমান কৰা হৈছে।

ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা ৱৰ্ল্ড ইকনমিক চিটুৱেশ্যন এণ্ড প্ৰস্পেক্টছ ৰিপৰ্টত উল্লেখ কৰা হৈছে যে জানুৱাৰী মাহত ভাৰতৰ অৰ্থনৈতিক বিকাশ ০.৩ শতাংশ মন্থৰ হৈছিল। কিন্তু বছৰৰ শেষলৈ ভাৰতৰ বৃদ্ধি ৬.৩ শতাংশতকৈও অধিক হ’ব বুলিও পূৰ্বানুমান কৰিছে ৰাষ্ট্ৰসংঘই। ভাৰতৰ এই গতিৰ বিপৰীতে চীনৰ বৃদ্ধি ৪.৮ শতাংশ আৰু আমেৰিকাৰ বৃদ্ধি মাত্ৰ ১.৬ শতাংশ বুলি অনুমান কৰা হৈছে।

অৱশ্যে ভাৰতৰ বাবে এই ভাল খবৰ দিয়াৰ উপৰিও ৰাষ্ট্ৰসংঘই নিজা প্ৰতিবেদনত আন এক দিশত উদ্বেগ প্ৰকাশ কৰিছে। প্ৰতিবেদনত ৰাষ্ট্ৰসংঘই দাবী কৰিছে যে সমগ্ৰ বিশ্বতে সম্প্ৰতি অনিশ্চয়তাৰ সৃষ্টি হৈছে। সংঘাত, বাণিজ্যিক বিবাদ আদি কাৰণত পৰিস্থিতি যথেষ্ট উত্তেজনাপূৰ্ণ হৈ পৰিছে আৰু এই দিশটোৱে বিশ্ব অৰ্থনৈতিক ‘কৰিডৰ’ত প্ৰভাৱ পেলাব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে।

অর্থনৈতিক বিশ্লেষণ আৰু নীতি বিভাগৰ মুৰব্বী শান্তনু মুখাৰ্জীয়ে ৰাষ্ট্ৰসংঘৰ এই প্ৰতিবেদনৰ সৈতে একমত প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ দৰেই শান্তনু মুখাৰ্জীয়ে গোলকীয় অৰ্থনীতিৰ বাবে সঁচাকৈয়ে এক চিন্তনীয় পৰিৱেশৰ সৃষ্টি হৈছে বুলি দাবী কৰিছে।

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (IMF)- এও ভাৰতৰ অৰ্থনৈতিক বিকাশৰ প্ৰতি ‘আশাৰ পোহৰ’ দেখুৱাইছে। ভাৰতক বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতিৰ পৰা তৃতীয় বৃহত্তম অৰ্থনীতিলৈ যাবলৈ বেছি সময় নালাগিব বুলি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে উল্লেখ কৰিছে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সমাপ্তিলৈকে ভাৰতৰ জিডিপি ৪১৮৭.০১৭ বিলিয়ন ডলাৰ হ’ব পাৰে আৰু এই শতাংশ বৃদ্ধি প্ৰায় ৬.২ শতাংশ হ’ব বুলি কোৱা হৈছে।

ঘৰৰ এই ৩টা স্থানত কেতিয়াও নাৰাখিব মানী প্লাণ্ট, অন্যথা দৰিদ্ৰতাই আগুৰিব আপোনাৰ জীৱন
হাওঁফাওঁৰ সংক্ৰমণ হ'লে কি কি লক্ষণে দেখা দিয়ে, জানক...
যকৃত সুস্থ ৰাখিবলৈ খাওক এইসমূহ খাদ্য! জনালে চিকিৎসকে...
প্ৰস্ৰাৱৰ লগত তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? জানক...