কাম নাথাকিলে নাপাব দৰমহা, TCS ৰ এই সিদ্ধান্তই প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিছে কৰ্মচাৰীক…!

TCS ৰ প’লিচি পৰিৱৰ্তনে প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিছে কৰ্মচাৰীসকলক । কোৱা হৈছে, নিদিষ্ট সময়ৰ ভিতৰত কৰ্মচাৰীয়ে কোম্পানীৰ কোনো প্ৰজেক্ট নাপালে বৃদ্ধি নহয় দৰমহা । একে সময়তে সলনি কৰা হৈছে বেঞ্চ টাইম ।

কাম নাথাকিলে নাপাব দৰমহা, TCS ৰ এই সিদ্ধান্তই প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিছে কৰ্মচাৰীক...!

Tcs

Updated On: 

20 Jun 2025 16:39 PM

ডাঙৰ বিপদত পৰিছে টিচিএছৰ কৰ্মচাৰীসকল ! কোম্পানীটোৰ প’লিচি পৰিৱৰ্তনে প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিছে কৰ্মচাৰীসকলক । কোৱা হৈছে, নিদিষ্ট সময়ৰ ভিতৰত কৰ্মচাৰীয়ে কোম্পানীৰ কোনো প্ৰজেক্ট নাপালে বৃদ্ধি নহয় দৰমহা । একে সময়তে সলনি কৰা হৈছে বেঞ্চ টাইম ।

দেশৰ অন্যতম বৃহৎ তথ্য প্ৰযুক্তি কোম্পানী হৈছে টাটা কনছালটেন্সি চাৰ্ভিচেছ। শেহতীয়াকৈ, TCS য়ে নতুন এচ’চিয়েটসকলৰ বাবে এটা ডিপ্লয়মেন্ট নীতি আনিছে। প্ৰতিজন কৰ্মচাৰীৰ বাবে বছৰত ২২৫ দিনৰ বাবে বিলিং কৰাটো বাধ্যতামূলক কৰা হৈছে। বছৰত ৩৫ দিনলৈ হ্ৰাস কৰা হৈছে বেঞ্চৰ টাইম। এই নতুন নীতি ১২ জুনৰ পৰা কাৰ্যকৰী কৰা হৈছে।

এই সিদ্ধান্ত লোৱা হৈছে যাতে কৰ্মচাৰীসকলৰ বেঞ্চৰ টাইম হ্ৰাস পায় আৰু তেওঁলোকৰ কৰ্মক্ষমতা বৃদ্ধি পায় । ইয়াৰ ফলত কৰ্মচাৰী আৰু কোম্পানীটোৰ কৰ্মক্ষমতা উন্নত হ’ব বুলি আশা কৰা হৈছে।

কোম্পানীৰ সূত্ৰ অনুসৰি,কোনো কৰ্মচাৰীয়ে বছৰত ৩৫ দিনতকৈ অধিক সময় প্ৰজেক্ট অবিহনে থাকিব নোৱাৰিব । অৰ্থাৎ যদি ৩৫ দিনৰ ভিতৰত তেওঁৰ হাতত কোনো কাম নাথাকে, তেন্তে ইয়াৰ প্ৰভাৱ কৰ্মচাৰীজনৰ দৰমহাতো পৰিব। যদি তেওঁ কোনো প্ৰজেক্ট নাপায় তেন্তে কৰ্মচাৰীসকলৰ পদোন্নতিও বন্ধ হৈ যাব পাৰে । তদুপৰি চাকৰি হেৰুৱাৰ সম্ভাৱনাও নথকা নহয় ।

এচ’চিয়েটসকলৰ বাবে অধিক নিয়ম অনা হৈছে। উদাহৰণস্বৰূপে, কৰ্মচাৰীসকলে দৈনিক ৪ৰ পৰা ৬ ঘণ্টা সময় বিভিন্ন লাৰ্নিং প্লেটফৰ্মত নতুন কাম শিকিব লাগিব, যেনে iEvolve, VLS বা Fresco Play। ইয়াৰ উপৰিও সকলো প্ৰশিক্ষণ মডিউল শিকিব লাগিব। Gen AIৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগিব।

নতুন কৰ্মচাৰীৰ বাবেও কেইবাটাও নিয়ম প্ৰণয়ন কৰা হৈছে। নতুন কৰ্মচাৰীক প্ৰথম দিনাই প্ৰজেক্টত কাম কৰাৰ সুযোগ দিয়া হ’ব। যদি ফ্ৰেছাৰৰ কোনো প্ৰজেক্ট নাথাকে তেন্তে আৰ এম জিৰ পৰা প্ৰজেক্ট বিচাৰিব লাগিব। কাৰ্যালয়ৰ পৰা কাম কৰাটো বাধ্যতামূলক কৰিছে কোম্পানীটোৱে।

মাহেকীয়াৰ সময়ত মহিলাসকলে কোন দিনা চুলি ধুব লাগে?
কেনেকৈ ঋণৰ বোজাৰ পৰা মুক্ত হ'ব ? বাস্তু শাস্ত্ৰৰ এই উপদেশ মানি চলক...
International Yoga Day 2025: মানসিক চিন্তা দূৰ কৰিবলৈ কৰক এইকেইটা যোগাসন
পৰিয়ালত বাঢ়িব পাৰে অশান্তি ! ঘৰৰ কোন ঠাইত আইনা ৰাখিব লাগে ? জানক